--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান ঘটিছে। দেওবাৰে মুম্বাইৰ দাদৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুলোচনাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল।

প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে কন্যা কাঞ্চনা ঘনেকাৰে। অভিনেত্ৰীগৰাকীৰ কন্যাই সংবাদ মাধ্যমক জনোৱা মতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

সোমবাৰে প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃতদেহ দাদৰৰ ঘৰত অন্তিম দৰ্শমৰ বাবে ৰখা হ’ব আৰু শিৱাজী পাৰ্কৰ শ্মশানত দাহ কৰা হ’ব।

উল্লেখ্য যে  হিন্দীৰ লগতে মাৰাঠী ছবিলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে সুলোচনাই।  ১৯২৮ চনৰ ৩০ জুলাইত বম্বেত জন্মগ্ৰহণ কৰিছিল সুলোচনাই। কম বয়সতে প্লেগ মহামাৰীত তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হয়। দেউতাকৰ বন্ধুৰ ঘৰত আশ্ৰয়ত থাকি ডাঙৰ হোৱা সুলোচনাই প্ৰফুল্ল পিকচাৰ্ছত কাম পাইছিল। তাতে লতা মংগেশকাৰৰ লগত কথা-বতৰা পাতিছিল। চল্লিশৰ দশকৰ আৰম্ভণিতে গঢ় লৈ উঠা বন্ধুত্ব আজীৱন চলিছিল।

১৯৪৪ চনত ‘মাৰাঠী কৰ্ণা’ নামৰ এখন মাৰাঠী ছবিৰে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ‘জীৱন শাখা’, ‘বাল্মিকী’ আদি হিট মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। সুলোচনাই ১৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল, বিয়াৰ পিছতো তেওঁ চিনেমাত কাম কৰি গৈছিল।

সুলোচনাই ভাৰত ভূষণৰ সৈতে যুটী বান্ধি হিন্দী ছবি ‘আউৰত তেৰী এহি কাহানি’ত অভিনয় কৰিছিল। তাৰ পাছত পঞ্চাশৰ দশকত ‘মহাত্মা কবীৰ’, ‘সাজনী’, ‘সতী অনুসূয়া’, ‘ব দিল্লী দুৰ নেহী’ আদি ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল।

ত্ৰিশ বছৰ বয়সত ভৰি থোৱাৰ সময়তে তেওঁলৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। প্ৰথমতে অনিচ্ছুক হ’লেও বিমল ৰায়, দেৱানন্দ, সুনীল দত্ত, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ দৰে ছুপাৰষ্টাৰৰ মাতৃ হিচাপে সুলোচনা লাটকাৰে পৰৱৰ্তী তিনিটা দশক ধৰি ৰূপালী পৰ্দাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে। ২০০৪ চনত ফিল্মফেয়াৰৰ দ্বাৰা সুলোচনা লাটকাৰক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। প্ৰায় সাত দশকজুৰি চলি থকা চলচ্চিত্ৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ‘বাজীৰাও মস্তানী’ত। তেওঁৰ মৃত্যুৰ লগে লগে বলীউডত যেন এটা যুগৰ অন্ত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে