--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী সুলোচনা লাটকাৰৰ দেহাৱসান ঘটিছে। দেওবাৰে মুম্বাইৰ দাদৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সুলোচনাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত বিভিন্ন সমস্যাত ভুগি আছিল।

প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে কন্যা কাঞ্চনা ঘনেকাৰে। অভিনেত্ৰীগৰাকীৰ কন্যাই সংবাদ মাধ্যমক জনোৱা মতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

সোমবাৰে প্ৰবীণ অভিনেত্ৰীগৰাকীৰ মৃতদেহ দাদৰৰ ঘৰত অন্তিম দৰ্শমৰ বাবে ৰখা হ’ব আৰু শিৱাজী পাৰ্কৰ শ্মশানত দাহ কৰা হ’ব।

উল্লেখ্য যে  হিন্দীৰ লগতে মাৰাঠী ছবিলৈ তেওঁ অনবদ্য অৱদান আগবঢ়াই গৈছে সুলোচনাই।  ১৯২৮ চনৰ ৩০ জুলাইত বম্বেত জন্মগ্ৰহণ কৰিছিল সুলোচনাই। কম বয়সতে প্লেগ মহামাৰীত তেওঁৰ পিতৃ-মাতৃৰ মৃত্যু হয়। দেউতাকৰ বন্ধুৰ ঘৰত আশ্ৰয়ত থাকি ডাঙৰ হোৱা সুলোচনাই প্ৰফুল্ল পিকচাৰ্ছত কাম পাইছিল। তাতে লতা মংগেশকাৰৰ লগত কথা-বতৰা পাতিছিল। চল্লিশৰ দশকৰ আৰম্ভণিতে গঢ় লৈ উঠা বন্ধুত্ব আজীৱন চলিছিল।

১৯৪৪ চনত ‘মাৰাঠী কৰ্ণা’ নামৰ এখন মাৰাঠী ছবিৰে তেওঁ অভিনয়ত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ ‘জীৱন শাখা’, ‘বাল্মিকী’ আদি হিট মাৰাঠী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে। সুলোচনাই ১৫ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল, বিয়াৰ পিছতো তেওঁ চিনেমাত কাম কৰি গৈছিল।

সুলোচনাই ভাৰত ভূষণৰ সৈতে যুটী বান্ধি হিন্দী ছবি ‘আউৰত তেৰী এহি কাহানি’ত অভিনয় কৰিছিল। তাৰ পাছত পঞ্চাশৰ দশকত ‘মহাত্মা কবীৰ’, ‘সাজনী’, ‘সতী অনুসূয়া’, ‘ব দিল্লী দুৰ নেহী’ আদি ছবিত নায়িকা হিচাপে অভিনয় কৰিছিল।

ত্ৰিশ বছৰ বয়সত ভৰি থোৱাৰ সময়তে তেওঁলৈ মাতৃৰ চৰিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। প্ৰথমতে অনিচ্ছুক হ’লেও বিমল ৰায়, দেৱানন্দ, সুনীল দত্ত, ৰাজেশ খান্না, অমিতাভ বচ্চনৰ দৰে ছুপাৰষ্টাৰৰ মাতৃ হিচাপে সুলোচনা লাটকাৰে পৰৱৰ্তী তিনিটা দশক ধৰি ৰূপালী পৰ্দাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ বঁটা প্ৰদান কৰে। ২০০৪ চনত ফিল্মফেয়াৰৰ দ্বাৰা সুলোচনা লাটকাৰক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। প্ৰায় সাত দশকজুৰি চলি থকা চলচ্চিত্ৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্ৰয়াত অভিনেত্ৰীগৰাকীয়ে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ ‘বাজীৰাও মস্তানী’ত। তেওঁৰ মৃত্যুৰ লগে লগে বলীউডত যেন এটা যুগৰ অন্ত পৰিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু