--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বলীউডৰ ৰাণী কংগনা ৰানাৱট সদায় বিতৰ্কৰ মাজতে থাকে । বহু বিষয়কলৈ  অভিনেত্ৰীগৰাকীয়ে কৰা মন্তব্যই প্ৰায়ে বিতৰ্কৰ সূচনা কৰি আহিছে। শেহতীয়াকৈ কংগনাৰ খুব খং উঠিছে। খঙৰ ভমকতে  কংগনাই নেটিজেনসকলক পোছাকৰ বিষয়ে এটা পাঠ দিব বিচাৰিছে। কংগনাই কৈছে "ভাৰতীয়সকলে নিজৰ ঐতিহ্যৰ বিষয়েই নাজানে। "

 কিন্তু কংগনাৰ এইবাৰ কিয়  খং উঠিল? দৰাচলতে অভিনেত্ৰীগৰাকীয়ে ৰঙীন লেহেঙ্গা পিন্ধি কেইবাখনো ছবি পোষ্ট কৰিছিল।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Kangana Ranaut (@kanganaranaut)



কংগনাই মূৰত পৰিধান কৰা  গহনাকলৈয়েই সৃষ্টি হৈছিল বিতৰ্কৰ।  বহুতে কংগনাই কিয়  মুকুটৰ পিন্ধিছে বুলি প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Kangana Ranaut (@kanganaranaut)


 বহুতে কংগনাই পৰিধান কৰা  গহনাক মুকুট বুলি কোৱা বাবেই কংগনাৰ খং উঠিছে। কংগনা ৰাণাৱটে নেটিজেনসকলৰ ভুল সংশোধন কৰি দিয়াৰ উদ্দেশ্য কয়, "এয়া কোনো মুকুট নহয়। মই মোৰ মূৰত যি পিন্ধি আছো সেয়া ভাৰতৰ পৰম্পৰাগত গহনাবোৰৰ ভিতৰৰে  এটা। যি গহনা  হিমাচল আৰু পঞ্জাৱত মহিলাসকলে পিন্ধা দেখা যায়। পঞ্জাৱত এই গহনাক 'চাগি ফুল' বুলি কোৱা হয় আৰু হিমাচলত ইয়াক 'চক' বুলি কোৱা হয়। ভাৰতীয়সকলে তেওঁলোকৰ নিজৰ ঐতিহ্যৰ বিষয়েই নাজানে। এয়া বৰ লাজৰ কথা।''

 কংগনাই তেওঁৰ  ইনষ্টা কাহিনীত এনে গহনাৰ ফটোও প্ৰকাশ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে