--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰিয়াৰৰ আৰম্ভণিতে বলিউডত বৈষম্যৰ বলি হৈছিল প্ৰিয়ংকা চোপ্ৰা! শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ এশগৰাকী নাৰীৰ মাজত স্থান লাভ কৰিছে। বিবিচিক দিয়া এটা সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কেতবোৰ বিস্ফোৰক বক্তব্য দাঙি ধৰিছে। 

 “বলিউডত মোক উচিত পৰিমাণৰ মাননি দিয়া হোৱা নাছিল। মোৰ পুৰুষ সহ-অভিনেতাসকলে লাভ কৰা পৰিশ্ৰমিকৰ দহ শতাংশহে মোক দিয়া হৈছিল।”- প্ৰিয়ংকাই কয়।

“এতিয়াও বলিউডত বহুতো অভিনেত্ৰীয়ে এই বৈষম্যৰ মুখামুখি হৈছে। মই যদি এতিয়া বলিউডত অভিনয় কৰি থাকিলোহেঁতেন, মোৰো একে হ’লহেঁতেন।”- তেওঁ কয়।

প্ৰিয়ংকাই জনায় যে তেওঁৰ সমসাময়িক আন বহুতো অভিনেত্ৰীয়ে পুৰুষ অভিনেতাৰ সমপৰিমাণৰ পৰিশ্ৰমিক দাবী কৰি আহিছিল। কিন্তু এইসমূহে কোনো ফল নধৰিছিল।

আনহাতে, পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্যৰ বিষয়ে পৰিশ্ৰমিকৰ উপৰিও আন কেতবোৰ উদাহৰণো প্ৰিয়ংকাই দাঙি দৰে। কয় যে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত ছৱিৰ শ্বুটিংস্থলীতো পুৰুষ অভিনেতাসকলেই প্ৰাধান্য লাভ কৰিছিল। পুৰুষ অভিনেতাসকলৰ পচন্দ অনুযায়ীয়েই শ্বুটিং কৰা হৈছিল।

উল্লেখ্য যে বলিউডৰ পৰা হলিউডলৈ যোৱাৰ পাছত প্ৰিয়ংকাই শেহতীয়াকৈ ‘চিটাডেল’ নামৰ এখনি ছৱিৰ কামত ব্যস্ত হৈ আছে। বলিউডত লাভ কৰা বৈষম্যৰ বিষয়ে মুখ খোলাৰ পাছতে ইয়াক তীব্ৰ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক