--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰিয়াৰৰ আৰম্ভণিতে বলিউডত বৈষম্যৰ বলি হৈছিল প্ৰিয়ংকা চোপ্ৰা! শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিৰ এশগৰাকী নাৰীৰ মাজত স্থান লাভ কৰিছে। বিবিচিক দিয়া এটা সাক্ষাৎকাৰত প্ৰিয়ংকা চোপ্ৰাই কেতবোৰ বিস্ফোৰক বক্তব্য দাঙি ধৰিছে। 

 “বলিউডত মোক উচিত পৰিমাণৰ মাননি দিয়া হোৱা নাছিল। মোৰ পুৰুষ সহ-অভিনেতাসকলে লাভ কৰা পৰিশ্ৰমিকৰ দহ শতাংশহে মোক দিয়া হৈছিল।”- প্ৰিয়ংকাই কয়।

“এতিয়াও বলিউডত বহুতো অভিনেত্ৰীয়ে এই বৈষম্যৰ মুখামুখি হৈছে। মই যদি এতিয়া বলিউডত অভিনয় কৰি থাকিলোহেঁতেন, মোৰো একে হ’লহেঁতেন।”- তেওঁ কয়।

প্ৰিয়ংকাই জনায় যে তেওঁৰ সমসাময়িক আন বহুতো অভিনেত্ৰীয়ে পুৰুষ অভিনেতাৰ সমপৰিমাণৰ পৰিশ্ৰমিক দাবী কৰি আহিছিল। কিন্তু এইসমূহে কোনো ফল নধৰিছিল।

আনহাতে, পুৰুষ আৰু মহিলাৰ মাজত থকা বৈষম্যৰ বিষয়ে পৰিশ্ৰমিকৰ উপৰিও আন কেতবোৰ উদাহৰণো প্ৰিয়ংকাই দাঙি দৰে। কয় যে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ সময়ছোৱাত ছৱিৰ শ্বুটিংস্থলীতো পুৰুষ অভিনেতাসকলেই প্ৰাধান্য লাভ কৰিছিল। পুৰুষ অভিনেতাসকলৰ পচন্দ অনুযায়ীয়েই শ্বুটিং কৰা হৈছিল।

উল্লেখ্য যে বলিউডৰ পৰা হলিউডলৈ যোৱাৰ পাছত প্ৰিয়ংকাই শেহতীয়াকৈ ‘চিটাডেল’ নামৰ এখনি ছৱিৰ কামত ব্যস্ত হৈ আছে। বলিউডত লাভ কৰা বৈষম্যৰ বিষয়ে মুখ খোলাৰ পাছতে ইয়াক তীব্ৰ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু