--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকলি হৈছে এটা নতুন সামাজিক মাধ্যম৷ নাম হ’ব- ‘ব্লু স্কাই’ (Bluesky)৷ টুইটাৰৰ প্ৰাক্তন চিইঅ’ তথা সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে টুইটাৰৰ (Twitter) বিকল্প হিচাপে ইয়াক মুকলি কৰিছে৷

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী জেক ডৰ্চিয়ে কয় যে ব্লুস্কাইয়ে ব্যৱহাৰকাৰীসকলক টুইটাৰৰ পৰা পোৱা একেখিনি সুবিধা প্ৰদান কৰিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে স্মাৰ্ট ফোনত এই প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব।

কিছুদিন পূৰ্বে ব্লুস্কাই মুকলি কৰা হৈছিল আৰু ইতিমধ্যে ২০ হাজাৰতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰীয়ে এই ছ’চিয়েল মিডিয়াত অংশগ্ৰহণ কৰিছে বুলি বৃহস্পতিবাৰে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

কোম্পানীটোৱে জনোৱা মতে এই এপটোৰ বিকাশ এতিয়াও চলি আছে আৰু অন্যান্য প্ৰতিযোগী প্লেটফৰ্মৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আৰু কিছু সময় লাগিব।

ৱেবছাইটটোৰ মতে, এই এপটো কৃত্ৰিম বুদ্ধিমত্তাৰ সকলো প্ৰট’কল অনুসৰি প্ৰস্তুত কৰা হৈছে। ব্লুস্কাইৰ মিছন হৈছে ছ’চিয়েল নেটৱৰ্কিংক নতুন উচ্চতালৈ লৈ যোৱা।

উল্লেখ্য যে চলিত সপ্তাহত টুইটাৰ কৰ্তৃপক্ষই বিশ্বৰ বিখ্যাত ব্যক্তিসকলৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰাই পেলায়। সেই পৰিস্থিতিত নেটিজেনসকলে নিশ্চিতভাৱে আন প্লেটফৰ্মৰ ফালে মুখ ঘুৰাব। তেনে পৰিস্থিতিতে এই এপটো ক্ৰমে ব্যৱহাৰযোগ্য হৈ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে