--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকলি হৈছে এটা নতুন সামাজিক মাধ্যম৷ নাম হ’ব- ‘ব্লু স্কাই’ (Bluesky)৷ টুইটাৰৰ প্ৰাক্তন চিইঅ’ তথা সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে টুইটাৰৰ (Twitter) বিকল্প হিচাপে ইয়াক মুকলি কৰিছে৷

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন শীৰ্ষ কাৰ্যবাহী জেক ডৰ্চিয়ে কয় যে ব্লুস্কাইয়ে ব্যৱহাৰকাৰীসকলক টুইটাৰৰ পৰা পোৱা একেখিনি সুবিধা প্ৰদান কৰিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীয়ে স্মাৰ্ট ফোনত এই প্লেটফৰ্ম ব্যৱহাৰ কৰিব পাৰিব।

কিছুদিন পূৰ্বে ব্লুস্কাই মুকলি কৰা হৈছিল আৰু ইতিমধ্যে ২০ হাজাৰতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰীয়ে এই ছ’চিয়েল মিডিয়াত অংশগ্ৰহণ কৰিছে বুলি বৃহস্পতিবাৰে আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

কোম্পানীটোৱে জনোৱা মতে এই এপটোৰ বিকাশ এতিয়াও চলি আছে আৰু অন্যান্য প্ৰতিযোগী প্লেটফৰ্মৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আৰু কিছু সময় লাগিব।

ৱেবছাইটটোৰ মতে, এই এপটো কৃত্ৰিম বুদ্ধিমত্তাৰ সকলো প্ৰট’কল অনুসৰি প্ৰস্তুত কৰা হৈছে। ব্লুস্কাইৰ মিছন হৈছে ছ’চিয়েল নেটৱৰ্কিংক নতুন উচ্চতালৈ লৈ যোৱা।

উল্লেখ্য যে চলিত সপ্তাহত টুইটাৰ কৰ্তৃপক্ষই বিশ্বৰ বিখ্যাত ব্যক্তিসকলৰ একাউণ্টৰ পৰা ব্লু টিক আঁতৰাই পেলায়। সেই পৰিস্থিতিত নেটিজেনসকলে নিশ্চিতভাৱে আন প্লেটফৰ্মৰ ফালে মুখ ঘুৰাব। তেনে পৰিস্থিতিতে এই এপটো ক্ৰমে ব্যৱহাৰযোগ্য হৈ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস