--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়া সুন্দৰকৈ সম্পন্ন হৈ আছিল। ৰীতি-নীতি মতে চলি আছিল বিয়াৰ সকলো কাম-কাজ। এইবাৰ আহিল দৰা-কইনাই বৰমালা পিন্ধোৱাৰ পৰ্ব। বৰমালা পিন্ধোৱাৰ সময়তে দৰাই কইনাক কৰিলে চুম্বন। তাতে ঘটিল অথন্তৰ। মুকলিকৈ সকলোৰে আগত কইনাক চুমা খোৱাক লৈ কইনাঘৰীয়া জাঙুৰ খাই উঠিল। 

কইনাঘৰীয়াই দৰঘৰীয়া মানুহক মাৰপিট কৰিবলৈ আৰম্ভ কৰিলে। দৰা পক্ষৰ মানুহেও কইনা ঘৰৰ মানুহক শিলগুটি নিক্ষেপ কৰিবলৈ ধৰিলে। এই ঘটনাই বিয়াৰ সকলো আনন্দ মুহূৰ্ততে পানী পানী কৰি দিলে। মাৰপিটত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

বিষয়টো গৈ এতিয়া আৰক্ষীৰ কাষ চাপিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুৰত।

তথ্য অনুসৰি হাপুৰ দেহাত অঞ্চলৰ মহল্লা অশোকনগৰত বিবাহ অনুষ্ঠান চলি আছিল, বৰমালা পিন্ধোৱাৰ সময়তে দৰাজনে সকলোৰে সন্মুখত কইনাক চুমা খাইছিল। দৰাৰ এই কাৰ্য্যই কইনাৰ পক্ষৰ মানুহক ক্ষুব্ধ কৰি তুলিছিল। দৰাকে ধৰি বিয়াৰ আলহীক মাৰপিট কৰিবলৈ ধৰিলে কইনাঘৰীয়াই।

অলপ সময়ৰ ভিতৰতে দুয়োপক্ষৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। দৰাৰ ফালৰ পৰা ক্ষুব্ধ লোকেও কইনাৰ ফালৰ লোকক আক্ৰমণ কৰে। লাঠি, ৰড শিলগুটিৰে আক্ৰমণ চলে। ইয়াৰ ফলত কেইবাজনো লোক আহত হয়। এই যুঁজৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ আটাইকেইজন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে আৰু দুয়োপক্ষৰ সাতজন লোকক জিম্মাত লয়।

উল্লেখযোগ্য যে এই ঘটনাৰ পাছত দৰাঘৰীয়া খালী হাতেৰে উভতি যায়। আৰক্ষীয়ে জনোৱা মতে, শান্তি ভংগৰ বাবে ১৫১ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অৱশ্যে পৰিস্থিতি শান্ত হোৱাৰ পাছত সেই দৰাৰ লগতে কইনাৰ বিবাহ সম্পন্ন হয়।

এতিয়া এই ঘটনাটো অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement