--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়া সুন্দৰকৈ সম্পন্ন হৈ আছিল। ৰীতি-নীতি মতে চলি আছিল বিয়াৰ সকলো কাম-কাজ। এইবাৰ আহিল দৰা-কইনাই বৰমালা পিন্ধোৱাৰ পৰ্ব। বৰমালা পিন্ধোৱাৰ সময়তে দৰাই কইনাক কৰিলে চুম্বন। তাতে ঘটিল অথন্তৰ। মুকলিকৈ সকলোৰে আগত কইনাক চুমা খোৱাক লৈ কইনাঘৰীয়া জাঙুৰ খাই উঠিল। 

কইনাঘৰীয়াই দৰঘৰীয়া মানুহক মাৰপিট কৰিবলৈ আৰম্ভ কৰিলে। দৰা পক্ষৰ মানুহেও কইনা ঘৰৰ মানুহক শিলগুটি নিক্ষেপ কৰিবলৈ ধৰিলে। এই ঘটনাই বিয়াৰ সকলো আনন্দ মুহূৰ্ততে পানী পানী কৰি দিলে। মাৰপিটত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

বিষয়টো গৈ এতিয়া আৰক্ষীৰ কাষ চাপিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাপুৰত।

তথ্য অনুসৰি হাপুৰ দেহাত অঞ্চলৰ মহল্লা অশোকনগৰত বিবাহ অনুষ্ঠান চলি আছিল, বৰমালা পিন্ধোৱাৰ সময়তে দৰাজনে সকলোৰে সন্মুখত কইনাক চুমা খাইছিল। দৰাৰ এই কাৰ্য্যই কইনাৰ পক্ষৰ মানুহক ক্ষুব্ধ কৰি তুলিছিল। দৰাকে ধৰি বিয়াৰ আলহীক মাৰপিট কৰিবলৈ ধৰিলে কইনাঘৰীয়াই।

অলপ সময়ৰ ভিতৰতে দুয়োপক্ষৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয়। দৰাৰ ফালৰ পৰা ক্ষুব্ধ লোকেও কইনাৰ ফালৰ লোকক আক্ৰমণ কৰে। লাঠি, ৰড শিলগুটিৰে আক্ৰমণ চলে। ইয়াৰ ফলত কেইবাজনো লোক আহত হয়। এই যুঁজৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ আটাইকেইজন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে আৰু দুয়োপক্ষৰ সাতজন লোকক জিম্মাত লয়।

উল্লেখযোগ্য যে এই ঘটনাৰ পাছত দৰাঘৰীয়া খালী হাতেৰে উভতি যায়। আৰক্ষীয়ে জনোৱা মতে, শান্তি ভংগৰ বাবে ১৫১ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অৱশ্যে পৰিস্থিতি শান্ত হোৱাৰ পাছত সেই দৰাৰ লগতে কইনাৰ বিবাহ সম্পন্ন হয়।

এতিয়া এই ঘটনাটো অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু