--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ভাৰতীয় কাগজী মুদ্ৰাত জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো আছে। ইয়াৰ কাৰণ কি জানেনে? 

জাতিৰ পিতা হিচাপে ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতেই গান্ধীয়ে ভাৰতীয় নোটত স্থান পালে যেন লাগিব পাৰে কিন্তু ১৯৯৬ চনতহে তেওঁৰ ফটোৱে ভাৰতীয় নোটত স্থান পালে। 

মুদ্ৰা এটা জাতিৰ সাৰ্বভৌমত্বৰ প্ৰতীক আৰু সকলো দেশৰে মুদ্ৰাত প্ৰায়ে এনে নেতাক দেখা যায় যিয়ে নিজৰ দেশৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমগ্ৰ বিশ্বতে মুদ্ৰাৰ নোটত প্ৰতিষ্ঠাপক পিতৃ বা বিশিষ্ট নেতাৰ ছবি প্ৰদৰ্শিত হয়। উদাহৰণস্বৰূপে, আমেৰিকাৰ নোটত জৰ্জ ৱাশ্বিংটন আৰু বেঞ্জামিন ফ্ৰেংকলিন, পাকিস্তানী মুদ্ৰাত মহম্মদ আলী জিন্নাৰ ছবি আৰু চীনৰ নোটত মাও জেডঙৰ ছবি।

মহাত্মা গান্ধী হৈছে এজন এনে ব্যক্তিত্ব যাৰ ছবি ভাৰতীয় নোট আৰু মুদ্ৰা সমূহত trade mark হিচাপে ব্যৱহাৰ হয়। ভাৰতীয় নোট আৰু মুদ্ৰাৰ প্রচলনৰ পৰাই যে মুদ্ৰা আৰু নোট সমূহত গান্ধীৰ ছবি আছিল সেয়া নহয়। স্বাধীনতাৰ পিছত যেতিয়া ভাৰতীয় নোট ছপা হয় তেতিয়া নোট সমূহত অশোক স্তম্ভৰ ছবি ছপা হৈছিল। ১৯৫৭ চনলৈ ভাৰতীয় টকাৰ পৰিমাণ আছিল ১ টকাত মাত্ৰ ১৬ আনা , ইয়াৰ পিছত দশমিক পদ্ধতিত ১০০ পইছাক এক টকা মানি লৈ এক টকা মুদ্ৰা আৰু নোটৰ প্ৰচলন হয়।

আৰু তেনেদৰে ১৯৪৯ চন পৰ্যন্ত ভাৰতীয় টকাত কিং জৰ্জৰ ছবি চপোৱা হৈছে। তাৰ পিছত ১৯৪৯ চনৰ পৰা যেতিয়া ভাৰত চৰকাৰে নোট চপোৱা আৰম্ভ কৰিলে তেতিয়াৰ পৰা সমস্ত ভাৰতীয় নোটত অশোক স্তম্ভৰ ছবি চপোৱা হয়। শেষৰ ফালে ১৯৯৬ ৰ পৰাহে নোট সমুহত মহাত্মা গান্ধীৰ ফটো প্ৰচলন হয় যি এতিয়াও প্ৰচলিত আছে। ইংৰাজ শাসনৰ পিছতে ভাৰতীয় টকা আৰু নোটৰ ৰূপ বহু সলনি হৈছে। এই সময়ত নোটৰ আকাৰ আৰু ৰং সম্পূৰ্ণ সলনি হৈছে যদিও চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে নোট সমূহত গান্ধীৰ ছবি এতিয়ালৈ ৰাখিছে নোটসমুহত। মহাত্মা গান্ধীৰ ছবি থকা নোটসমূহক ৰিজাৰ্ভ বেংকে নাম দিছে মহাত্মা গান্ধী চিৰিজ। 

উল্লেখ কৰা ভাল যে ১৯৬৯ চনত গান্ধী জয়ন্তী উপলক্ষে RBI ৰ তৰফৰ পৰা কিছু নোটত সাময়িক ভাৱে গান্ধীৰ ছবি সংযোজন কৰিছিল। সেই নোট সমূহ আছিল এক টকীয়া, দুই টকীয়া, পাছ টকীয়া , দহ টকীয়া আৰু এশ টকীয়া নোট। ১৯৯৬ চনৰ পিছৰ সকলো নোটতে গান্ধীজী সেৱাক্রম আশ্ৰমত বহি থকাৰ ছবি দেখা যায় তাৰ পিছত যেতিয়া নতুন ৫০০ আৰু ২০০০ টকীয়া নোট আহিল সেই নোটত গান্ধীজীৰ হাঁহি থকা ছবিখন দেখিবলৈ পোৱা যায়। ১৯৫৪ চনত এবাৰ ১ হাজাৰ, পাঁচ হাজাৰ আৰু দহ হাজাৰ টকাৰ নোট চপোৱা হৈছিল যত ১০০০ টকাৰ নোটত মন্দিৰৰ ছবি, পাঁচ হাজাৰ টকাৰ নোটত gateway of India ৰ ছবি আৰু দহ হাজাৰ টকাৰ নোটত অশোক স্তম্ভৰ ছবি ৰখা হৈছিল যদিও ১৯৭৮ চনত সেই নোট সমূহ বন্ধ কৰি দিয়া হৈছিল।


ভাৰতীয় নোটত থকা গান্ধীজীৰ ছবিখন কলকাতাত তোলা হৈছিল। ভাৰতীয় মুদ্ৰাৰ নোটত দেখিবলৈ পোৱা গান্ধীৰ ছবিখন কেৰিকেচাৰ নহয় বৰঞ্চ ১৯৪৬ চনৰ এখন ফটোৰ কাট আউট। সেই সময়ত গান্ধী তৎকালীন ভাবে বাৰ্মা অৰ্থত বৰ্তমানৰ ম্যানমাৰত থকা ভাৰতৰ ব্ৰিটিছ চেক্ৰেটাৰী ফেদেৰিক পেথিক লোৰেঞ্জৰ সৈতে দেখা কৰিবলৈ গৈছিল কলকাতাত আৰু তেওঁক কলকাতাৰ ভাইচৰয় হাউচত লগ পাইছিল। আৰু তাতেই তোলা হৈছিল ছবিটি আৰু এই ছবিটি গান্ধীৰ প্ৰতিকৃতি ৰূপত প্ৰত্যেক নোটতে চপোৱা হয়। এই প্ৰতিচ্ছবিখন গান্ধীৰ হাঁহিৰ উপযুক্ত প্ৰকাশৰ বাবে বাছনি কৰা হৈছিল।

মহাত্মা গান্ধী এগৰাকী সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ব্যক্তি যিয়ে বিভিন্ন মতাদৰ্শৰে সৰ্বদা চৰ্চিত। সেয়েহে তেওঁক ভাৰতীয় টকাত স্থান দি সন্মান যঁচা হৈছে। 

২০১৬ চনত চৰকাৰৰ বিমুদ্ৰাকৰণৰ পদক্ষেপৰ পিছত ৰিজাৰ্ভ বেংকে মহাত্মা গান্ধী নিউ ছিৰিজৰ বেংকনোটৰ ঘোষণা কৰে। নোটবোৰৰ ৰং সলনি হ’লেও পাছফালে স্বচ্ছ ভাৰত অভিযানৰ ল’গ’ৰ লগতে গান্ধীৰ প্ৰতিকৃতিটো ৰৈ গ’ল।

মুদ্ৰাৰ নোটত আন নেতা, দেৱ-দেৱীৰ ছবি অন্তৰ্ভুক্ত কৰাৰ দাবী সময়ে সময়ে উঠি থাকিলেও ৰিজাৰ্ভ বেংকে এই দাবীসমূহ ধাৰাবাহিকভাৱে নাকচ কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement