--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ হ’বলৈ ওলাইছে জনপ্ৰিয় ক’মেডী অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব' । জানিবলৈ পোৱা মতে, অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণ কিছুদিনৰ বাবে অস্থায়ীভাৱে বন্ধ ৰখা হ’ব। এই বিষয়ে সদৰী কৰিছে কপিল শৰ্মাই নিজেই। স্মৰ্তব্য যে, আৰম্ভণিৰে পৰা ভাল টিআৰপিৰে উজলি উঠিছিল ‘দ্য কপিল শৰ্মা শ্ব'। অনুষ্ঠানটো চোৱাৰ পাছত সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটীলৈকে উঠিছিল হাঁহিৰ ৰোল। কেৱল সেয়াই নহয়, বলীউড চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে নতুন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল 'দ্য কপিল শৰ্মা শ্ব'টোৱে। ইমান জনপ্ৰিয় অনুষ্ঠানটো হঠাত্‍ স্থগিত ৰখাৰ কাৰণ কি? এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, কপিল শৰ্মাই আগন্তুক এমাহ এক বিশেষ অনুষ্ঠানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকিব। সেইবাবে 'দ্য কপিল শৰ্মা শ্ব'ৰ দৃশ্যগ্ৰহণ অস্থায়ীভাৱে বন্ধ থাকিব। ইয়াৰ মাজতে ‘দ্য কপিল শৰ্মা শ্ব'ৰ নতুন ছিজনৰো উঠিছে গুঞ্জন। চেনেল কৰ্তৃপক্ষই অনুষ্ঠানটোৰ বিন্যাসো সলনি কৰাৰ পৰিকল্পনা কৰিছে বুলিও শুনিবলৈ পোৱা গৈছে। সেইকাৰণে অনুষ্ঠানটো অস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্মৰ্তব্য যে, দিনদিয়েক আগেয়ে 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰচাৰক লৈ বিতৰ্কত লিপ্ত হৈ পৰিছিল কপিল শৰ্মা। কপিলৰ বিৰুদ্ধে ছবিখনৰ দলটোক প্ৰচাৰৰ বাবে 'দ্য কপিল শৰ্মা শ্ব'লৈ আহিবলৈ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছিল। আনকি টুইটাৰতো 'বয়কট কপিল শৰ্মা শ্ব' হেছটেগটো ট্ৰেণ্ডিং হৈ পৰিছিল। বিবেক অগ্নিহোত্ৰীৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। য’ত চন্দন ৰাজপুত নামৰ এজন ব্যক্তিয়ে কপিল শৰ্মাৰ অনুষ্ঠানত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰ’ম’ চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। বিবেকে উত্তৰ দিছিল, ‘তেওঁলোকে আমাক অনুষ্ঠানটোত মতা নাই কাৰণ আমাৰ ছবিত ডাঙৰ তাৰকা নাই।’ পৰিচালকজনৰ এই টুইটটোৱে সৰ্বত্ৰে এতিয়া তোলপাৰ লগাইছে। টুইটাৰতো কপিল শৰ্মাৰ অনুষ্ঠান বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছিল। পাছত আন এটা টুইটত বিবেকে কপিল শৰ্মাক টেগ কৰি লিখে যে, ‘কপিল শৰ্মাৰ অনুষ্ঠানত কাক মাতি অনা হ'ব আৰু কোন নহয় সেইবিষয়ে সিদ্ধান্ত লওতা মই নহয়। অনুষ্ঠানটোত কাক মাতিব বা নামাতে  সেয়া সম্পূৰ্ণৰূপে তেওঁৰ আৰু তেওঁৰ প্ৰযোজকসকলৰ ওপৰত নিৰ্ভৰ কৰে। ’ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু