--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ হ’বলৈ ওলাইছে জনপ্ৰিয় ক’মেডী অনুষ্ঠান 'দ্য কপিল শৰ্মা শ্ব' । জানিবলৈ পোৱা মতে, অনুষ্ঠানটোৰ দৃশ্যগ্ৰহণ কিছুদিনৰ বাবে অস্থায়ীভাৱে বন্ধ ৰখা হ’ব। এই বিষয়ে সদৰী কৰিছে কপিল শৰ্মাই নিজেই। স্মৰ্তব্য যে, আৰম্ভণিৰে পৰা ভাল টিআৰপিৰে উজলি উঠিছিল ‘দ্য কপিল শৰ্মা শ্ব'। অনুষ্ঠানটো চোৱাৰ পাছত সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটীলৈকে উঠিছিল হাঁহিৰ ৰোল। কেৱল সেয়াই নহয়, বলীউড চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে নতুন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল 'দ্য কপিল শৰ্মা শ্ব'টোৱে। ইমান জনপ্ৰিয় অনুষ্ঠানটো হঠাত্‍ স্থগিত ৰখাৰ কাৰণ কি? এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, কপিল শৰ্মাই আগন্তুক এমাহ এক বিশেষ অনুষ্ঠানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত থাকিব। সেইবাবে 'দ্য কপিল শৰ্মা শ্ব'ৰ দৃশ্যগ্ৰহণ অস্থায়ীভাৱে বন্ধ থাকিব। ইয়াৰ মাজতে ‘দ্য কপিল শৰ্মা শ্ব'ৰ নতুন ছিজনৰো উঠিছে গুঞ্জন। চেনেল কৰ্তৃপক্ষই অনুষ্ঠানটোৰ বিন্যাসো সলনি কৰাৰ পৰিকল্পনা কৰিছে বুলিও শুনিবলৈ পোৱা গৈছে। সেইকাৰণে অনুষ্ঠানটো অস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্মৰ্তব্য যে, দিনদিয়েক আগেয়ে 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰচাৰক লৈ বিতৰ্কত লিপ্ত হৈ পৰিছিল কপিল শৰ্মা। কপিলৰ বিৰুদ্ধে ছবিখনৰ দলটোক প্ৰচাৰৰ বাবে 'দ্য কপিল শৰ্মা শ্ব'লৈ আহিবলৈ অনুমতি প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছিল। আনকি টুইটাৰতো 'বয়কট কপিল শৰ্মা শ্ব' হেছটেগটো ট্ৰেণ্ডিং হৈ পৰিছিল। বিবেক অগ্নিহোত্ৰীৰ এটা টুইটৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। য’ত চন্দন ৰাজপুত নামৰ এজন ব্যক্তিয়ে কপিল শৰ্মাৰ অনুষ্ঠানত 'দ্য কাশ্মীৰ ফাইলছ'ৰ প্ৰ’ম’ চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। বিবেকে উত্তৰ দিছিল, ‘তেওঁলোকে আমাক অনুষ্ঠানটোত মতা নাই কাৰণ আমাৰ ছবিত ডাঙৰ তাৰকা নাই।’ পৰিচালকজনৰ এই টুইটটোৱে সৰ্বত্ৰে এতিয়া তোলপাৰ লগাইছে। টুইটাৰতো কপিল শৰ্মাৰ অনুষ্ঠান বৰ্জন কৰিবলৈ আহ্বান জনোৱা হৈছিল। পাছত আন এটা টুইটত বিবেকে কপিল শৰ্মাক টেগ কৰি লিখে যে, ‘কপিল শৰ্মাৰ অনুষ্ঠানত কাক মাতি অনা হ'ব আৰু কোন নহয় সেইবিষয়ে সিদ্ধান্ত লওতা মই নহয়। অনুষ্ঠানটোত কাক মাতিব বা নামাতে  সেয়া সম্পূৰ্ণৰূপে তেওঁৰ আৰু তেওঁৰ প্ৰযোজকসকলৰ ওপৰত নিৰ্ভৰ কৰে। ’ new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক