--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাটকীয় প্ৰত্যাৱৰ্তন! কাৰাগাৰৰ চাউলৰ পৰা আই পি এলৰ আলোকোজ্জ্বল নিলাম পৰ্বলৈকে। মাজত মাথোন কেইমাহমানৰ ব্যৱধান। পিতৃ কিং খানৰ সৈতে তেওঁৰ পৰিচয়ৰ মাজত আকাশ-পাতাল প্ৰভেদ! শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এতিয়া বহু চৰ্চিত এটি নাম। ষ্টাৰকিডে বিগত মাহত আই পি এলৰ বৃহৎ নিলামত নিজ দলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ সৈতে সহযোগ কৰিছিল ভগ্নী সুহানা আৰু জুহি চাওলাৰ জীয়ৰী জাহ্নৱী মেহতাই। কে কে আৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ বা জুহিক এদিনহে বাবে নিলামত দেখা পোৱা গৈছিল। তেতিয়াৰ পৰাই, উৎসকতা বাঢ়িছে৷ বহুতেই প্ৰশ্নটো উত্থাপন কৰিছে যে, এতিয়া তেওঁলোকে ক্ৰমান্বয়ে আই পি এলৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি? এতিয়াৰে পৰা কিংখানৰ সন্তানৰ হাতলৈ যাব নেকি কে কে আৰৰ দায়িত্ব? অৱশ্যে ইয়াৰ পূৰ্বেও আৰিয়ানে তেওঁৰ পিতৃৰ সৈতে আই পি এল নিলামত উপস্থিত আছিল। কিন্তু অভিভাৱক অবিহনে এইবাৰেই প্ৰথমবাৰৰ বাবে এনেদৰে দেখা যায় শ্বাহৰুখৰ পুত্ৰক। এতিয়া প্ৰশ্ন হৈছে এতিয়া কেকেআৰৰ দায়িত্ব নতুন প্ৰজন্মলৈ হস্তান্তৰিত হৈছে নেকি নে তাৰকা পুত্ৰৰ গাত ড্ৰাগছ কাণ্ডই লগোৱা চেকা আঁতৰোৱাৰ চেষ্টা চলিছে? ২৪ বছৰীয়া আৰিয়ানে দলটো পৰিচালনা কৰিবলৈ সক্ষম হ’বনে? জুহি চাওলাই স্পষ্ট কৰি দিছে যে আৰিয়ান-সুহানা-জাহ্নৱী দলটোৰ চালিকা শক্তি। জুহিয়ে লগতে কয়, 'এসময়ত, মই আৰু শ্বাহৰুখ টিভিৰ পৰ্দাত একেলগে আছিলোঁ আৰু এতিয়া সেই ঠাই দখল কৰিছে আৰিয়ান-জাহ্নৱীয়ে। যথেষ্ট মধুময় অনুভৱ এয়া।' আৰিয়ান জাহ্নৱীৰ যুটিটোৱে শ্বাহৰুখ-জুহি যুটীৰ নষ্টালজিয়াকে অনুৰাগীক আকৌ এবাৰ উদ্বেলিত কৰি তুলিছে। কিছুসংখ্যক অনুৰাগীয়ে মন্তব্য কৰিছে যে, যোগ্য সন্তান সঠিক উত্তৰাধিকাৰী। মেগা নিলামৰ দিনা কেকেআৰৰ টুইটাৰ হেণ্ডেলত ঘোষণা কৰা হৈছিল যে, 'আৰিয়ান, সুহানা, জাহ্নৱী দলটোৰ পৰৱৰ্তী প্ৰজন্ম। তেওঁলোকে সঠিক দলটো গঢ়ি তুলিবলৈ কি কৰিব লাগিব তাৰ এটা অভিজ্ঞতা লাভ কৰাৰ বাবে আগুৱাই আহিছে।’ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক