--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাটকীয় প্ৰত্যাৱৰ্তন! কাৰাগাৰৰ চাউলৰ পৰা আই পি এলৰ আলোকোজ্জ্বল নিলাম পৰ্বলৈকে। মাজত মাথোন কেইমাহমানৰ ব্যৱধান। পিতৃ কিং খানৰ সৈতে তেওঁৰ পৰিচয়ৰ মাজত আকাশ-পাতাল প্ৰভেদ! শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এতিয়া বহু চৰ্চিত এটি নাম। ষ্টাৰকিডে বিগত মাহত আই পি এলৰ বৃহৎ নিলামত নিজ দলক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ সৈতে সহযোগ কৰিছিল ভগ্নী সুহানা আৰু জুহি চাওলাৰ জীয়ৰী জাহ্নৱী মেহতাই। কে কে আৰৰ স্বত্বাধিকাৰী শ্বাহৰুখ বা জুহিক এদিনহে বাবে নিলামত দেখা পোৱা গৈছিল। তেতিয়াৰ পৰাই, উৎসকতা বাঢ়িছে৷ বহুতেই প্ৰশ্নটো উত্থাপন কৰিছে যে, এতিয়া তেওঁলোকে ক্ৰমান্বয়ে আই পি এলৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি? এতিয়াৰে পৰা কিংখানৰ সন্তানৰ হাতলৈ যাব নেকি কে কে আৰৰ দায়িত্ব? অৱশ্যে ইয়াৰ পূৰ্বেও আৰিয়ানে তেওঁৰ পিতৃৰ সৈতে আই পি এল নিলামত উপস্থিত আছিল। কিন্তু অভিভাৱক অবিহনে এইবাৰেই প্ৰথমবাৰৰ বাবে এনেদৰে দেখা যায় শ্বাহৰুখৰ পুত্ৰক। এতিয়া প্ৰশ্ন হৈছে এতিয়া কেকেআৰৰ দায়িত্ব নতুন প্ৰজন্মলৈ হস্তান্তৰিত হৈছে নেকি নে তাৰকা পুত্ৰৰ গাত ড্ৰাগছ কাণ্ডই লগোৱা চেকা আঁতৰোৱাৰ চেষ্টা চলিছে? ২৪ বছৰীয়া আৰিয়ানে দলটো পৰিচালনা কৰিবলৈ সক্ষম হ’বনে? জুহি চাওলাই স্পষ্ট কৰি দিছে যে আৰিয়ান-সুহানা-জাহ্নৱী দলটোৰ চালিকা শক্তি। জুহিয়ে লগতে কয়, 'এসময়ত, মই আৰু শ্বাহৰুখ টিভিৰ পৰ্দাত একেলগে আছিলোঁ আৰু এতিয়া সেই ঠাই দখল কৰিছে আৰিয়ান-জাহ্নৱীয়ে। যথেষ্ট মধুময় অনুভৱ এয়া।' আৰিয়ান জাহ্নৱীৰ যুটিটোৱে শ্বাহৰুখ-জুহি যুটীৰ নষ্টালজিয়াকে অনুৰাগীক আকৌ এবাৰ উদ্বেলিত কৰি তুলিছে। কিছুসংখ্যক অনুৰাগীয়ে মন্তব্য কৰিছে যে, যোগ্য সন্তান সঠিক উত্তৰাধিকাৰী। মেগা নিলামৰ দিনা কেকেআৰৰ টুইটাৰ হেণ্ডেলত ঘোষণা কৰা হৈছিল যে, 'আৰিয়ান, সুহানা, জাহ্নৱী দলটোৰ পৰৱৰ্তী প্ৰজন্ম। তেওঁলোকে সঠিক দলটো গঢ়ি তুলিবলৈ কি কৰিব লাগিব তাৰ এটা অভিজ্ঞতা লাভ কৰাৰ বাবে আগুৱাই আহিছে।’ prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু