--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশক আগলৈকে মন্দিৰটোলৈ ভক্তৰ সোঁত বৈছিল। কিন্তু  মাওবাদীয়ে বন্ধ কৰি দিয়াৰ পিছতে বিগত ২১ বছৰ ধৰি মন্দিৰটো পৰিত্যক্ত হৈ আছিল। মাওবাদীয়ে ৰাম মন্দিৰটো  ধ্বংস কৰিব  বিচাৰিছিল যদিও সৌভাগ্যক্ৰমে মন্দিৰটো ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পৰিছিল। ২১ বছৰৰ অন্তত  অৱশেষত ৰাম নৱমীৰ ঠিক আগে আগে সেই  ৰাম মন্দিৰৰ দুৱাৰ খোলা হৈছে। স্থানীয় ভক্তসকলে পুনৰ ছত্তীশগড়ৰ চুকমাৰ ৰাম মন্দিৰত সমবেত হৈছে। মূৰ্তিটো পৰিষ্কাৰ কৰাৰ পিছত উপাসনা পুনৰ আৰম্ভ হৈছে।

এই মন্দিৰটো চুকমাৰ কেৰলাপেণ্ডা গাঁৱত অৱস্থিত। সেই  অঞ্চলটো এসময়ত মাওবাদীৰ দুৰ্গ আছিল। উচ্চ পৰ্যায়ৰ গোপন বৈঠকৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে , মাওবাদীসকলৰ সকলো কাৰ্যকলাপ এই মন্দিৰৰ ওচৰতে সম্পন্ন  হৈছে। সেইকাৰণেই  সাধাৰণ মানুহৰ চলাচল বন্ধ কৰিবলৈ ৰাম মন্দিৰটো বন্ধ কৰি দিয়া হৈছিল। এসময়ত মাওবাদীয়ে ৰামনৱমীৰ  মেলা  মন্দিৰৰ কাষত অনুষ্ঠিত কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছিল।২০০৩  চনৰ পৰা গাওঁখনৰ পৰা কোনেও মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল এজন গাওঁবাসীয়ে প্ৰতিদিনে মন্দিৰৰ সন্মুখত এগচি চাকি জ্বলাই আহিছে। ২০১০  চনত এই গাওঁখনৰ পৰা মাত্ৰ ১০  কিলোমিটাৰ দূৰৈতত ৭৬  জন জোৱান নিহত হৈছিল। ২০২১  চনতো গাওঁখনত  মাওবাদীৰে নিৰাপত্তাবাহিনীৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল। 

কিন্তু এতিয়া পূৰ্বৰ সেই  ছবিখন সলনি হৈছে। চিআৰপিএফে  বনাঞ্চলেৰে আৱৰি থকা এই অঞ্চলত শিবিৰ স্ফাপন কৰিছে । নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ   অঞ্চলটোত টহল দিবলৈ আৰম্ভ কৰিছে। সেই সময়তে বন্ধ হৈ থকা মন্দিৰটো তেওঁলোকৰ দৃষ্টিগোচৰ হয় । স্থানীয় লোকসকলৰ সৈতে কথা পাতি নিৰাপত্তা বাহিনীয়ে  মন্দিৰটো পুনৰ খোলাৰ দিহা কৰে। মন্দিৰৰ দুৱাৰ  ২১ বছৰৰ পিছত পুনৰ মুকলি কৰাৰ পিছতে ভক্তই এতিয়া ভিৰ কৰিছে। মন্দিৰটোৰ ভিতৰত ভগৱান ৰাম, লক্ষ্মণ আৰু  সীতাৰ শিলৰ মূৰ্তি আছে।গাওঁবাসীয়ে ১৭ এপ্ৰিলত ৰাম নৱমী উপলক্ষে মন্দিৰত এক বিশাল পূজাৰ আয়োজন কৰিব। চিআৰপিএফ জোৱানসকলৰ মতে  মন্দিৰটো কমেও ২০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু