--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশক আগলৈকে মন্দিৰটোলৈ ভক্তৰ সোঁত বৈছিল। কিন্তু  মাওবাদীয়ে বন্ধ কৰি দিয়াৰ পিছতে বিগত ২১ বছৰ ধৰি মন্দিৰটো পৰিত্যক্ত হৈ আছিল। মাওবাদীয়ে ৰাম মন্দিৰটো  ধ্বংস কৰিব  বিচাৰিছিল যদিও সৌভাগ্যক্ৰমে মন্দিৰটো ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পৰিছিল। ২১ বছৰৰ অন্তত  অৱশেষত ৰাম নৱমীৰ ঠিক আগে আগে সেই  ৰাম মন্দিৰৰ দুৱাৰ খোলা হৈছে। স্থানীয় ভক্তসকলে পুনৰ ছত্তীশগড়ৰ চুকমাৰ ৰাম মন্দিৰত সমবেত হৈছে। মূৰ্তিটো পৰিষ্কাৰ কৰাৰ পিছত উপাসনা পুনৰ আৰম্ভ হৈছে।

এই মন্দিৰটো চুকমাৰ কেৰলাপেণ্ডা গাঁৱত অৱস্থিত। সেই  অঞ্চলটো এসময়ত মাওবাদীৰ দুৰ্গ আছিল। উচ্চ পৰ্যায়ৰ গোপন বৈঠকৰ পৰা আৰম্ভ কৰি প্ৰশিক্ষণলৈকে , মাওবাদীসকলৰ সকলো কাৰ্যকলাপ এই মন্দিৰৰ ওচৰতে সম্পন্ন  হৈছে। সেইকাৰণেই  সাধাৰণ মানুহৰ চলাচল বন্ধ কৰিবলৈ ৰাম মন্দিৰটো বন্ধ কৰি দিয়া হৈছিল। এসময়ত মাওবাদীয়ে ৰামনৱমীৰ  মেলা  মন্দিৰৰ কাষত অনুষ্ঠিত কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছিল।২০০৩  চনৰ পৰা গাওঁখনৰ পৰা কোনেও মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল এজন গাওঁবাসীয়ে প্ৰতিদিনে মন্দিৰৰ সন্মুখত এগচি চাকি জ্বলাই আহিছে। ২০১০  চনত এই গাওঁখনৰ পৰা মাত্ৰ ১০  কিলোমিটাৰ দূৰৈতত ৭৬  জন জোৱান নিহত হৈছিল। ২০২১  চনতো গাওঁখনত  মাওবাদীৰে নিৰাপত্তাবাহিনীৰ ভয়ংকৰ সংঘৰ্ষ হৈছিল। 

কিন্তু এতিয়া পূৰ্বৰ সেই  ছবিখন সলনি হৈছে। চিআৰপিএফে  বনাঞ্চলেৰে আৱৰি থকা এই অঞ্চলত শিবিৰ স্ফাপন কৰিছে । নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ   অঞ্চলটোত টহল দিবলৈ আৰম্ভ কৰিছে। সেই সময়তে বন্ধ হৈ থকা মন্দিৰটো তেওঁলোকৰ দৃষ্টিগোচৰ হয় । স্থানীয় লোকসকলৰ সৈতে কথা পাতি নিৰাপত্তা বাহিনীয়ে  মন্দিৰটো পুনৰ খোলাৰ দিহা কৰে। মন্দিৰৰ দুৱাৰ  ২১ বছৰৰ পিছত পুনৰ মুকলি কৰাৰ পিছতে ভক্তই এতিয়া ভিৰ কৰিছে। মন্দিৰটোৰ ভিতৰত ভগৱান ৰাম, লক্ষ্মণ আৰু  সীতাৰ শিলৰ মূৰ্তি আছে।গাওঁবাসীয়ে ১৭ এপ্ৰিলত ৰাম নৱমী উপলক্ষে মন্দিৰত এক বিশাল পূজাৰ আয়োজন কৰিব। চিআৰপিএফ জোৱানসকলৰ মতে  মন্দিৰটো কমেও ২০০ বছৰ পুৰণি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী