--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ  নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা তেওঁ  জেড-শ্ৰেণীৰ সুৰক্ষা লাভ কৰিব। মঙলবাৰে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা অনুসৰি  তেওঁৰ ওপৰত আক্ৰমণৰ সম্ভাৱনা থকাৰ বাবেই তেওঁৰ নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।দেশৰ বিভিন্ন চোৰাংচোৱা সূত্ৰই মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰাপত্তা বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। 

 উল্লেখ্য ২০২৪ৰ লোকসভা নিৰ্বাচন ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। নিৰ্বাচনৰ পূৰ্বে  মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। এতিয়াৰে পৰা ৰাজীৱ কুমাৰ দেশৰ  য'লৈকে যায় তেওঁৰ সৈতে ৪০-৪৫  জনীয়া চিআৰপিএফৰ এটা বিশেষ দল থাকিব। 

 ৰাজীৱ কুমাৰৰ গাড়ী চলাবলৈ  বিশেষভাৱে প্ৰশিক্ষিত অতিৰিক্ত তিনিজন চালকক সাজু কৰি ৰখা হ'ব। ৰাজীৱ কুমাৰ ১৯৮৪ বেচৰ আইএএছ বিষয়া। তেওঁ ২০২০ চনৰ ১ ছেপ্টেম্বৰত নিৰ্বাচন আয়ুক্ত হৈছিল। ৰাজীৱ কুমাৰ  ২০২২  চনৰ ১৫ মে'ত ভাৰতৰ ২৫ সংখ্যক  মুখ্য নিৰ্বাচন আয়ুক্ত হৈছিল।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ