--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা নাপালে কোনো সকাহ।  উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা  এখন আবেদন নাকচ কৰে। আদালতে তেওঁক  ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। 

আদালতে কয় যে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ ন্যায় সংগত আছিল। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে আদালতক কয়  যে আইন সকলোৰে বাবে সমান। এজন মুখ্যমন্ত্ৰী আৰু সাধাৰণ জনতাৰ  মাজত কোনো পাৰ্থক্য নাই বুলিও ইডিয়ে আদালতত মন্তব্য কৰে। কেজৰিৱালে পূৰ্বে  কৈছিল যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তথাপিও, ইডিয়ে তেওঁক আবকাৰী দুৰ্নীতিৰ গোচৰত বলপূৰ্বক জড়িত কৰি আহিছে। এই পৰিস্থিতিত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ তৰফৰ পৰা  এখন আবেদন দাখিল কৰা হৈছিল। 

কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আজি সেই আবেদন নাকচ কৰে। আৰম্ভণিৰে পৰাই, ইডিয়ে দাবী কৰি আহিছে যে কেজৰিৱালৰ আবকাৰী গোচৰৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে কয়, "যদি এজন 'সাধাৰণ লোকে ' অপৰাধ কৰে, তেন্তে তেওঁ কাৰাগাৰলৈ  যাব লাগিব। কিন্তু কাৰোবাক  কেৱল মুখ্যমন্ত্ৰী হোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰিব নোৱাৰিনে?  


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু