--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা নাপালে কোনো সকাহ।  উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা  এখন আবেদন নাকচ কৰে। আদালতে তেওঁক  ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে। 

আদালতে কয় যে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ ন্যায় সংগত আছিল। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে আদালতক কয়  যে আইন সকলোৰে বাবে সমান। এজন মুখ্যমন্ত্ৰী আৰু সাধাৰণ জনতাৰ  মাজত কোনো পাৰ্থক্য নাই বুলিও ইডিয়ে আদালতত মন্তব্য কৰে। কেজৰিৱালে পূৰ্বে  কৈছিল যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তথাপিও, ইডিয়ে তেওঁক আবকাৰী দুৰ্নীতিৰ গোচৰত বলপূৰ্বক জড়িত কৰি আহিছে। এই পৰিস্থিতিত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ তৰফৰ পৰা  এখন আবেদন দাখিল কৰা হৈছিল। 

কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আজি সেই আবেদন নাকচ কৰে। আৰম্ভণিৰে পৰাই, ইডিয়ে দাবী কৰি আহিছে যে কেজৰিৱালৰ আবকাৰী গোচৰৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে কয়, "যদি এজন 'সাধাৰণ লোকে ' অপৰাধ কৰে, তেন্তে তেওঁ কাৰাগাৰলৈ  যাব লাগিব। কিন্তু কাৰোবাক  কেৱল মুখ্যমন্ত্ৰী হোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰিব নোৱাৰিনে?  


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী