--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৃশংসতা আৰু নিৰ্দয়তাৰ সকলো সীমা যেন এতিয়া পাৰ হৈছে মানুহে। সমান্য কথাতে অতি নৃশংসতা আৰু নিৰ্দয়তাৰে ইজনে সিজনক হত্যা কৰাটো অতি সাধাৰণ কথাত পৰিণত হৈছে। এইবাৰ তেনে এক নৃশংস ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ দেওগড়ত। বন্ধুৰ হাততে অতি কৰুণভাৱে প্ৰাণ হেৰুৱালে এজন ১৪ বছৰীয়া কিশোৰে। সামান্য কাজিয়াৰ পাছতে তেওঁৰ কেইজনমান বন্ধুই তেওঁক হত্যা কৰাই নহয় অতি নৃশংসভাৱে মৃতদেহটো খণ্ড-বিখণ্ড কৰি পেলাই দিয়াৰ কথা পোহৰলৈ আহিছে। কিশোৰজনক ডিঙি ৰেপি হত্যা কৰাৰ পাছত তেওঁৰ হাত, ভৰি কাটি পেলায়। তাৰ পাছত মৃতদেহটো এটা বস্তাত ভৰাই জংঘলত পেলাই দিয়ে। আৰক্ষীয়ে এই নৃশংস ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰিছে।


বুধবাৰে ভুক্তভোগী লোকজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। আগদিনা নিশাৰ পৰা কিশোৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা বুলি আৰক্ষীক অভিযোগ দিয়ে পৰিয়ালৰ লোকে। এই অভিযোগৰ আধাৰত আৰক্ষী বিষয়া পৱন কুমাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্তকালত তেওঁ ভুক্তভোগী কিশোৰজনক আন এজন ১৪বছৰীয়া কিশোৰক আটক কৰে। কিশোৰজনে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিয়ে কিদৰে আন এজন বন্ধুৰ সৈতে মিলি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। কিশোৰজনক হত্যা কৰা যুৱকজন ১৯ বছৰীয়া অবিনাশ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। পালংগা পাহাৰ অৰন্য এলেকালৈ তিনিও গৈছিল আৰু তাতেই অবিনাশৰ সৈতে ভুক্তভোগী কিশোৰজনৰ কাজিয়াৰ সূত্ৰপাত ঘটে। তৎক্ষণাত কিশোৰজনক ছুৰীৰে আঘাত কৰে অবিনাশে আৰু তাৰ পাছত ডিঙি কাটি হত্যা কৰে।
হত্যাকাণ্ডৰ পাছত অবিনাশে কিশোৰজনৰ হাত-ভৰি কাটি পেলায় আৰু তাৰ পাছত এটা বস্তাত ভৰাই মৃতদেহটো জংঘলত পেলাই দিয়ে।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু অবিনাশক গ্ৰেপ্তাৰ কৰিছে। অবিনাশে তেওঁৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে বুলিও আৰক্ষীয়ে সদৰি কৰিছে। তদুপৰি আৰক্ষীয়ে তেজলগা ছুৰীখন আৰু মৃত কিশোৰজনৰ মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা