--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৃশংসতা আৰু নিৰ্দয়তাৰ সকলো সীমা যেন এতিয়া পাৰ হৈছে মানুহে। সমান্য কথাতে অতি নৃশংসতা আৰু নিৰ্দয়তাৰে ইজনে সিজনক হত্যা কৰাটো অতি সাধাৰণ কথাত পৰিণত হৈছে। এইবাৰ তেনে এক নৃশংস ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ দেওগড়ত। বন্ধুৰ হাততে অতি কৰুণভাৱে প্ৰাণ হেৰুৱালে এজন ১৪ বছৰীয়া কিশোৰে। সামান্য কাজিয়াৰ পাছতে তেওঁৰ কেইজনমান বন্ধুই তেওঁক হত্যা কৰাই নহয় অতি নৃশংসভাৱে মৃতদেহটো খণ্ড-বিখণ্ড কৰি পেলাই দিয়াৰ কথা পোহৰলৈ আহিছে। কিশোৰজনক ডিঙি ৰেপি হত্যা কৰাৰ পাছত তেওঁৰ হাত, ভৰি কাটি পেলায়। তাৰ পাছত মৃতদেহটো এটা বস্তাত ভৰাই জংঘলত পেলাই দিয়ে। আৰক্ষীয়ে এই নৃশংস ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰিছে।


বুধবাৰে ভুক্তভোগী লোকজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। আগদিনা নিশাৰ পৰা কিশোৰজন ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা বুলি আৰক্ষীক অভিযোগ দিয়ে পৰিয়ালৰ লোকে। এই অভিযোগৰ আধাৰত আৰক্ষী বিষয়া পৱন কুমাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। তদন্তকালত তেওঁ ভুক্তভোগী কিশোৰজনক আন এজন ১৪বছৰীয়া কিশোৰক আটক কৰে। কিশোৰজনে আৰক্ষীৰ জেৰাত স্বীকাৰোক্তি দিয়ে কিদৰে আন এজন বন্ধুৰ সৈতে মিলি এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল। কিশোৰজনক হত্যা কৰা যুৱকজন ১৯ বছৰীয়া অবিনাশ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। পালংগা পাহাৰ অৰন্য এলেকালৈ তিনিও গৈছিল আৰু তাতেই অবিনাশৰ সৈতে ভুক্তভোগী কিশোৰজনৰ কাজিয়াৰ সূত্ৰপাত ঘটে। তৎক্ষণাত কিশোৰজনক ছুৰীৰে আঘাত কৰে অবিনাশে আৰু তাৰ পাছত ডিঙি কাটি হত্যা কৰে।
হত্যাকাণ্ডৰ পাছত অবিনাশে কিশোৰজনৰ হাত-ভৰি কাটি পেলায় আৰু তাৰ পাছত এটা বস্তাত ভৰাই মৃতদেহটো জংঘলত পেলাই দিয়ে।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু অবিনাশক গ্ৰেপ্তাৰ কৰিছে। অবিনাশে তেওঁৰ অপৰাধৰ কথা স্বীকাৰ কৰিছে বুলিও আৰক্ষীয়ে সদৰি কৰিছে। তদুপৰি আৰক্ষীয়ে তেজলগা ছুৰীখন আৰু মৃত কিশোৰজনৰ মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ