--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়া সুৰক্ষিত নহয় দেশৰ আদালতসমূহো। কেইমাহমানৰ আগেয়ে দিল্লীৰ আদালতত গেংৱাৰৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে পুনৰ আদালত চৌহদত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। এইবাৰ পঞ্জাবৰ লুধিয়ানাৰ এখন আদালত চৌহদত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হৈছে। আজি দিনৰ প্ৰায় চাৰে বাৰ বজাত আদালতখনৰ দ্বিতীয় মহলাত থকা এটা বাথৰূমত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়।

অতি শক্তিশালী এই বিস্ফোৰণত বাথৰুমৰ ৱাল ভাঙি পৰাৰ লগতে কাষৰ ভৱনৰ খিৰিকীৰ কাঁচ আদিও ভাঙি পৰে। জিলা আদালতখনত কাম-কাজ চলি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতে আৰক্ষীয়ে সমগ্ৰ এলেকাতো ঘেৰাও কৰি তালাচী চলায়।
বিস্ফোৰণ সংঘটিত হোৱা এই জিলা আদালতখন লুধিয়ানা চহৰৰ মাজমজিয়াতে থকা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে অৱস্থিত। এনে গুৰুত্বপূৰ্ণ স্থানৰ এখন আদালতত এনেকৈ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ পাছতে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা টুইটযোগে প্ৰাক্তন মুখ্যমন্ত্ৰী সিঙে আৰক্ষীক ঘটনাটোৰ বিতং তদন্ত কৰাৰ আহ্বান জনায়। তেওঁ এনে আক্ৰমণৰ আঁৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ হাত থকাৰ আশংকা ব্যক্ত কৰিছে। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ৰ এটা দল লুধিয়ানাত উপস্থিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন