--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়া সুৰক্ষিত নহয় দেশৰ আদালতসমূহো। কেইমাহমানৰ আগেয়ে দিল্লীৰ আদালতত গেংৱাৰৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পাছতে পুনৰ আদালত চৌহদত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। এইবাৰ পঞ্জাবৰ লুধিয়ানাৰ এখন আদালত চৌহদত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হৈছে। আজি দিনৰ প্ৰায় চাৰে বাৰ বজাত আদালতখনৰ দ্বিতীয় মহলাত থকা এটা বাথৰূমত এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়।

অতি শক্তিশালী এই বিস্ফোৰণত বাথৰুমৰ ৱাল ভাঙি পৰাৰ লগতে কাষৰ ভৱনৰ খিৰিকীৰ কাঁচ আদিও ভাঙি পৰে। জিলা আদালতখনত কাম-কাজ চলি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। ঘটনাৰ পাছতে আৰক্ষীয়ে সমগ্ৰ এলেকাতো ঘেৰাও কৰি তালাচী চলায়।
বিস্ফোৰণ সংঘটিত হোৱা এই জিলা আদালতখন লুধিয়ানা চহৰৰ মাজমজিয়াতে থকা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে অৱস্থিত। এনে গুৰুত্বপূৰ্ণ স্থানৰ এখন আদালতত এনেকৈ বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ পাছতে পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা টুইটযোগে প্ৰাক্তন মুখ্যমন্ত্ৰী সিঙে আৰক্ষীক ঘটনাটোৰ বিতং তদন্ত কৰাৰ আহ্বান জনায়। তেওঁ এনে আক্ৰমণৰ আঁৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ হাত থকাৰ আশংকা ব্যক্ত কৰিছে। ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’ৰ এটা দল লুধিয়ানাত উপস্থিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?