--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাক লৈ উত্তাল হৈ আছে পশ্চিম বংগ। নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হৈছে এটা আজৱ ঘটনা। উত্তৰ ২৪ পৰগনাৰ এগৰাকী তৃণমূল প্ৰাৰ্থীয়ে ভোটগণনা কেন্দ্ৰত থকা বেলট কাগজ চোবাই খোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনত পৰাস্ত হোৱাৰ বাবেই এই কাম কৰে প্ৰাৰ্থীগৰাকীয়ে। তেওঁৰ বিৰুদ্ধে মাত্ৰ চাৰিটা ভোটত জয়ী হ’বলৈ গৈ আছিল চি পি এমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথ মজুমদাৰ। কিন্তু তৃণমূলৰ প্ৰাৰ্থী মহাদেৱ মাটিয়ে বেলটখিনি চোবাই খাই পালে। 

ভূৰকুণ্ডা পঞ্চায়তৰ ৩১ নং বুথত এই কাণ্ড ঘটে। চিপিএমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথে ৪টা ভোটত জয়ী হোৱাৰ কথা শুনি গণনা কেন্দ্ৰত প্ৰৱেশ কৰে তৃণমূল প্ৰাৰ্থী মহাদেৱ। চিপিএমৰ অভিযোগ যে, ইয়াৰ পিছত তেওঁ বেলটৰ বাণ্ডিল এটা কাঢ়ি লৈ ​​গৈছিল আৰু কিছুমান বেলট মুখত ভৰাই চোবাইছিল।

চিপিএমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথে কয়, "২ নং কোঠাৰ ৭ নম্বৰ টেবুলত গণনা চলি আছিল। গণনা কৰাৰ পিছত মই ৪ টা ভোটত জয়ী হৈছিলো। দেখিলো মহাদেৱ মাটি সোমাই আহিছে, কাৰো একো গুৰুত্ব নিদিয়াকৈ, মোৰ বাকচৰ পৰা বাণ্ডিল এটা তুলি লৈ মুখত ভৰায়। ইয়াৰ পিছত তেওঁ আকৌ ওলাই গ’ল। এনে পৰিস্থিতিত প্ৰশাসনে কাকো বিজয়ী ঘোষণা কৰা নাই। ভোটগণনা বন্ধ কৰা হৈছে।''

সূত্ৰ অনুসৰি, গণনাৰ সময়ত পৰাজয়ৰ খবৰ পাই তৃণমূলৰ প্ৰাৰ্থী মহাদেৱে কেন্দ্ৰটোত প্ৰৱেশ কৰে। ৭ নম্বৰ টেবুলৰ ওচৰত থিয় হয়। তেওঁৰ সন্মুখত ৰখা হৈছিল ২৫খন বেলটৰ একাধিক বাণ্ডিল। মহাদেৱে ক্ষন্তেকতে এনে এটা বাণ্ডিল তুলি ল’লে। ইয়াৰ পিছত বাণ্ডিলটো ফালি মুখত কিছুমান বেলট ভৰালে। বাকী থকা বেলটবোৰ ইফালে সিফালে সিঁচৰতি কৰি পেলালে। ইয়াৰ পিছতে তাৰপৰা উলাই যায় তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত