--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাক লৈ উত্তাল হৈ আছে পশ্চিম বংগ। নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হৈছে এটা আজৱ ঘটনা। উত্তৰ ২৪ পৰগনাৰ এগৰাকী তৃণমূল প্ৰাৰ্থীয়ে ভোটগণনা কেন্দ্ৰত থকা বেলট কাগজ চোবাই খোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্বাচনত পৰাস্ত হোৱাৰ বাবেই এই কাম কৰে প্ৰাৰ্থীগৰাকীয়ে। তেওঁৰ বিৰুদ্ধে মাত্ৰ চাৰিটা ভোটত জয়ী হ’বলৈ গৈ আছিল চি পি এমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথ মজুমদাৰ। কিন্তু তৃণমূলৰ প্ৰাৰ্থী মহাদেৱ মাটিয়ে বেলটখিনি চোবাই খাই পালে। 

ভূৰকুণ্ডা পঞ্চায়তৰ ৩১ নং বুথত এই কাণ্ড ঘটে। চিপিএমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথে ৪টা ভোটত জয়ী হোৱাৰ কথা শুনি গণনা কেন্দ্ৰত প্ৰৱেশ কৰে তৃণমূল প্ৰাৰ্থী মহাদেৱ। চিপিএমৰ অভিযোগ যে, ইয়াৰ পিছত তেওঁ বেলটৰ বাণ্ডিল এটা কাঢ়ি লৈ ​​গৈছিল আৰু কিছুমান বেলট মুখত ভৰাই চোবাইছিল।

চিপিএমৰ প্ৰাৰ্থী ৰবীন্দ্ৰনাথে কয়, "২ নং কোঠাৰ ৭ নম্বৰ টেবুলত গণনা চলি আছিল। গণনা কৰাৰ পিছত মই ৪ টা ভোটত জয়ী হৈছিলো। দেখিলো মহাদেৱ মাটি সোমাই আহিছে, কাৰো একো গুৰুত্ব নিদিয়াকৈ, মোৰ বাকচৰ পৰা বাণ্ডিল এটা তুলি লৈ মুখত ভৰায়। ইয়াৰ পিছত তেওঁ আকৌ ওলাই গ’ল। এনে পৰিস্থিতিত প্ৰশাসনে কাকো বিজয়ী ঘোষণা কৰা নাই। ভোটগণনা বন্ধ কৰা হৈছে।''

সূত্ৰ অনুসৰি, গণনাৰ সময়ত পৰাজয়ৰ খবৰ পাই তৃণমূলৰ প্ৰাৰ্থী মহাদেৱে কেন্দ্ৰটোত প্ৰৱেশ কৰে। ৭ নম্বৰ টেবুলৰ ওচৰত থিয় হয়। তেওঁৰ সন্মুখত ৰখা হৈছিল ২৫খন বেলটৰ একাধিক বাণ্ডিল। মহাদেৱে ক্ষন্তেকতে এনে এটা বাণ্ডিল তুলি ল’লে। ইয়াৰ পিছত বাণ্ডিলটো ফালি মুখত কিছুমান বেলট ভৰালে। বাকী থকা বেলটবোৰ ইফালে সিফালে সিঁচৰতি কৰি পেলালে। ইয়াৰ পিছতে তাৰপৰা উলাই যায় তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস