--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নহ'ল তেওঁৰ। ভোটগ্ৰহণৰ পূৰ্বেই  মৃত্যুক সাৱটিলে এগৰাকী প্ৰাৰ্থীয়ে।মধ্যপ্ৰদেশৰ বেতুল লোকসভা সমষ্টিৰ বহুজন সমাজ পাৰ্টিৰ (বিএছপি) প্ৰাৰ্থী অশোক বলৱীৰ মঙলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ইয়াৰ পিছতে  নিৰ্বাচন আয়োগে সমষ্টিটোত ভোটদানৰ তাৰিখ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে।

বেতুলৰ জিলা দণ্ডাধীশ আৰু জিলা নিৰ্বাচন বিষয়া নৰেন্দ্ৰ কুমাৰ সূৰ্যবংশীয়ে সমষ্টিটোত ভোটগ্ৰহণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।  তেওঁ বুধবাৰে এটা নতুন ভোটদান ৰ দিন ঘোষণা কৰে। তেওঁ কয়  যে সমষ্টিটোত ভোটগণনা আগতে ঘোষণা কৰা অনুসৰি ৪ জুনতে কৰা হ'ব । আসনখনত ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা আছিল।  কিন্তু   এতিয়া তুল লোকসভা সমষ্টিত ৭ মে'ত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি জিলা নিৰ্বাচন বিষয়া সূৰ্যবংশীয়ে বুধবাৰে কয়।

 জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ -ৰ ধাৰা ৫২ অনুসৰি  ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত কোনো স্বীকৃত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মৃত্যুৰ ক্ষেত্ৰত নিৰ্বাচন স্থগিত ৰখাটো বাধ্যতামূলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে