--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি পুনৰ চৰ্চিত হৈছে ‘কা’ৰ প্ৰসংগ। লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এক প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ। যিকোনো মুহূৰ্ততে সমগ্ৰ দেশজুৰি বলবৎ হ’ব ‘কা’। প্ৰাপ্ত তথ্য অনুসৰি মাৰ্চৰ প্ৰথমভাগতে দেশত বলবৎ হ’ব ‘কা’। লোকসভাৰ নিৰ্বাচনী আচৰণবিধিৰ পূৰ্বে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। ‘কা’ অধিসূচনা জাৰিক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গৃহ মন্ত্ৰণালয়ে। 

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সূত্ৰই সদৰী কৰিছে গুৰুত্বপূৰ্ণ তথ্য। ২০১৯তে সংসদত গৃহীত হৈ আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইনক লোকসভা নিৰ্বাচনৰ পূৰ্বেই বলবৎ কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ। এই আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, খ্ৰীষ্টান, পাৰ্চি, জৈন আৰু বৌদ্ধধৰ্মী লোকক প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্ব। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা এই ৬ ধৰ্মৰ লোকক ‘কা’ৰ জৰিয়তে প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্ব। যাৰ বাবে ‘কা’ বলবতৰ পাছত অনলাইনযোগে নাগৰিকত্বৰ বাবে আৱেদন জনাব পাৰিব এইসকল শৰণাৰ্থীয়ে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে বিশেষ প’ৰ্টেল। এই ক্ষেত্ৰত আৱেদনকাৰীয়ে জমা দিব লাগিব ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশৰ প্ৰামাণিক নথি। পোহৰলৈ অহা তথ্য অনুসৰি অসমৰ বেলিকা হ’ব পাৰে ‘কা’ৰ পৃথক বিধি। অসমত অধিসূচনা জাৰিৰ ৩ মাহৰ ভিতৰত নাগৰিকত্বৰ বাবে জনাব লাগিব আৱেদন। 

তথ্য অনুসৰি অসমৰ পৰাই আৰম্ভ হ’ব পাৰে ‘কা’ বলবৎৰ প্ৰক্ৰিয়া। শেহতীয়াকৈ প্ৰকট কৰা হৈছে এই সম্ভাৱনীয়তা। কিয়নো ইতিমধ্যে অসম আৰক্ষীয়ে কা বলবৎৰ পাছত ৰাজ্যত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। যাৰ বাবে ১০ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ছুটী বাতিল কৰিছে অসম আৰক্ষীয়ে।  কিয়নো অসমত ‘কা’ক লৈ ইতিপূৰ্বে সৃষ্টি হৈছিল বিস্ফোৰক পৰিস্থিতিৰ। 
কা বিৰোধী আন্দোলনত শ্বহীদ হৈছিল বহুকেইগৰাকী প্ৰতিবাদকাৰী। তেনেস্থলত শীঘ্ৰেই দেশৰ লগতে অসমত  বিতৰ্কিত আইনখন বলবৎক লৈ পুনৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী