--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি পুনৰ চৰ্চিত হৈছে ‘কা’ৰ প্ৰসংগ। লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এক প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ। যিকোনো মুহূৰ্ততে সমগ্ৰ দেশজুৰি বলবৎ হ’ব ‘কা’। প্ৰাপ্ত তথ্য অনুসৰি মাৰ্চৰ প্ৰথমভাগতে দেশত বলবৎ হ’ব ‘কা’। লোকসভাৰ নিৰ্বাচনী আচৰণবিধিৰ পূৰ্বে অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে। ‘কা’ অধিসূচনা জাৰিক লৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে গৃহ মন্ত্ৰণালয়ে। 

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সূত্ৰই সদৰী কৰিছে গুৰুত্বপূৰ্ণ তথ্য। ২০১৯তে সংসদত গৃহীত হৈ আইনত পৰিণত হোৱা নাগৰিকত্ব সংশোধনী আইনক লোকসভা নিৰ্বাচনৰ পূৰ্বেই বলবৎ কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ। এই আইনৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, খ্ৰীষ্টান, পাৰ্চি, জৈন আৰু বৌদ্ধধৰ্মী লোকক প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্ব। ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা এই ৬ ধৰ্মৰ লোকক ‘কা’ৰ জৰিয়তে প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্ব। যাৰ বাবে ‘কা’ বলবতৰ পাছত অনলাইনযোগে নাগৰিকত্বৰ বাবে আৱেদন জনাব পাৰিব এইসকল শৰণাৰ্থীয়ে।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে বিশেষ প’ৰ্টেল। এই ক্ষেত্ৰত আৱেদনকাৰীয়ে জমা দিব লাগিব ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশৰ প্ৰামাণিক নথি। পোহৰলৈ অহা তথ্য অনুসৰি অসমৰ বেলিকা হ’ব পাৰে ‘কা’ৰ পৃথক বিধি। অসমত অধিসূচনা জাৰিৰ ৩ মাহৰ ভিতৰত নাগৰিকত্বৰ বাবে জনাব লাগিব আৱেদন। 

তথ্য অনুসৰি অসমৰ পৰাই আৰম্ভ হ’ব পাৰে ‘কা’ বলবৎৰ প্ৰক্ৰিয়া। শেহতীয়াকৈ প্ৰকট কৰা হৈছে এই সম্ভাৱনীয়তা। কিয়নো ইতিমধ্যে অসম আৰক্ষীয়ে কা বলবৎৰ পাছত ৰাজ্যত সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। যাৰ বাবে ১০ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া ছুটী বাতিল কৰিছে অসম আৰক্ষীয়ে।  কিয়নো অসমত ‘কা’ক লৈ ইতিপূৰ্বে সৃষ্টি হৈছিল বিস্ফোৰক পৰিস্থিতিৰ। 
কা বিৰোধী আন্দোলনত শ্বহীদ হৈছিল বহুকেইগৰাকী প্ৰতিবাদকাৰী। তেনেস্থলত শীঘ্ৰেই দেশৰ লগতে অসমত  বিতৰ্কিত আইনখন বলবৎক লৈ পুনৰ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু