--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূব আফ্ৰিকাৰ এখন দৰিদ্ৰ দেশ ছুডান। কেৱল দৰিদ্ৰই নহয়, যুদ্ধবিধ্বস্তও এই দেশখন। বিগত দুটা দশক ধৰি গৃহযুদ্ধৰ দাবানলত দহিছে ছুডান। 

ছুডানৰ জনগণ দৰিদ্ৰ হ’লেও আন এটা দিশৰ পৰা দেশখন চহকী। অপৰ্যাপ্তভাৱে সোণৰ ভাণ্ডাৰ থকাৰ বাবেই ছুডানক এই দিশৰ পৰা চহকী আখ্যা দিব পাৰি। দৰিদ্ৰ জনতাৰ দেশ ছুডানতে আছে ৪০ হাজাৰটা সোণ উৎপাদনৰ খনি। এই সোণ উৎপাদন কেন্দ্ৰবোৰৰ পৰা ৬০টাকৈ কোম্পানীয়ে প্ৰতি বছৰে আহৰণ কৰে বৃহৎ পৰিমাণৰ সোণ। 

এতিয়াও ছুডানৰ বহুসংখ্যক সোণৰ খনি পূৰ্ণাংগ ৰূপত বিকশিত হোৱা নাই। তথাপিও বিশ্বৰ দশম স্থানৰ সোণ উৎপাদনকাৰী দেশ ছুডান। প্ৰতিবছৰে বিশ্বৰ সোণৰ বজাৰলৈ ৯০টন সোণ আহে ছুডানৰ পৰা। সোণ ৰপ্তানি কৰি ছুডান চৰকাৰে প্ৰতিবছৰে আহৰণ কৰে বৃহৎ পৰিমাণৰ ধন। 

২০২২ চনত সোণ ৰপ্তানি কৰি ছুডানে উপাৰ্জন কৰিছিল ২.৫ বিলিয়ন ডলাৰ। ছুডানত বৃহৎ পৰিমাণৰ সোণ প্ৰতিবছৰে উৎপাদন হ’লেও দেশখনৰ পৰা প্ৰতিবছৰে বৃহৎ পৰ্যায়ত সোণৰ চোৰাং সৰবৰাহো হয়। যাৰবাবে যথোচিত ৰাজহ পোৱাৰ পৰা বঞ্চিত হয় ছুডান চৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস