--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূব আফ্ৰিকাৰ এখন দৰিদ্ৰ দেশ ছুডান। কেৱল দৰিদ্ৰই নহয়, যুদ্ধবিধ্বস্তও এই দেশখন। বিগত দুটা দশক ধৰি গৃহযুদ্ধৰ দাবানলত দহিছে ছুডান। 

ছুডানৰ জনগণ দৰিদ্ৰ হ’লেও আন এটা দিশৰ পৰা দেশখন চহকী। অপৰ্যাপ্তভাৱে সোণৰ ভাণ্ডাৰ থকাৰ বাবেই ছুডানক এই দিশৰ পৰা চহকী আখ্যা দিব পাৰি। দৰিদ্ৰ জনতাৰ দেশ ছুডানতে আছে ৪০ হাজাৰটা সোণ উৎপাদনৰ খনি। এই সোণ উৎপাদন কেন্দ্ৰবোৰৰ পৰা ৬০টাকৈ কোম্পানীয়ে প্ৰতি বছৰে আহৰণ কৰে বৃহৎ পৰিমাণৰ সোণ। 

এতিয়াও ছুডানৰ বহুসংখ্যক সোণৰ খনি পূৰ্ণাংগ ৰূপত বিকশিত হোৱা নাই। তথাপিও বিশ্বৰ দশম স্থানৰ সোণ উৎপাদনকাৰী দেশ ছুডান। প্ৰতিবছৰে বিশ্বৰ সোণৰ বজাৰলৈ ৯০টন সোণ আহে ছুডানৰ পৰা। সোণ ৰপ্তানি কৰি ছুডান চৰকাৰে প্ৰতিবছৰে আহৰণ কৰে বৃহৎ পৰিমাণৰ ধন। 

২০২২ চনত সোণ ৰপ্তানি কৰি ছুডানে উপাৰ্জন কৰিছিল ২.৫ বিলিয়ন ডলাৰ। ছুডানত বৃহৎ পৰিমাণৰ সোণ প্ৰতিবছৰে উৎপাদন হ’লেও দেশখনৰ পৰা প্ৰতিবছৰে বৃহৎ পৰ্যায়ত সোণৰ চোৰাং সৰবৰাহো হয়। যাৰবাবে যথোচিত ৰাজহ পোৱাৰ পৰা বঞ্চিত হয় ছুডান চৰকাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল