--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰীয়ে কৰিব ভাৰত ভ্ৰমণ। অহা মাহত গোৱাত অনুষ্ঠিত হ’ব ছাংহাই সহযোগিতা সংস্থাৰ অন্তৰ্গত আঠখন দেশৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক। এই বৈঠকতে উপস্থিত থাকিব পাক বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰী। ৪-৫ মে’ত গোৱাত অনুষ্ঠিত হ’ব এই বৈঠক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৪ চনত পাকিস্তানী নেতা নৱাজ শ্বৰীফে ভাৰত ভ্ৰমণ কৰিছিল। সুদীৰ্ঘ কালৰ পাছত এইবাৰ ভাৰতলৈ আহিবলৈ সাজু হৈছে বিলাৱল ভুট্টো জৰ্দাৰী।

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি পাকিস্তানৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব বিলাৱল ভুট্টো জৰ্দাৰীয়ে। এই বৈঠকৰ সভাপতিত্ব কৰিব ভাৰতে। জানুৱাৰী মাহত চীন আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমন্ত্ৰণ জনাইছিল।

উল্লেখ্য যে ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা ভাৰত-পাক সম্পৰ্কৰ বহু অৱনতি ঘটিছে। এই সম্পৰ্ক ইমানেই অৱনতি ঘটিল যে পাকিস্তানৰ শিল্পীসকলে ভাৰতত কৰা কামবোৰো নিষিদ্ধ কৰা হ'ল। এনে পৰিস্থিতিত বিলাৱল ভুট্টো জৰ্দাৰীৰ ভাৰত ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস