--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰীয়ে কৰিব ভাৰত ভ্ৰমণ। অহা মাহত গোৱাত অনুষ্ঠিত হ’ব ছাংহাই সহযোগিতা সংস্থাৰ অন্তৰ্গত আঠখন দেশৰ বৈদেশিক মন্ত্ৰীৰ বৈঠক। এই বৈঠকতে উপস্থিত থাকিব পাক বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰ্দাৰী। ৪-৫ মে’ত গোৱাত অনুষ্ঠিত হ’ব এই বৈঠক।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৪ চনত পাকিস্তানী নেতা নৱাজ শ্বৰীফে ভাৰত ভ্ৰমণ কৰিছিল। সুদীৰ্ঘ কালৰ পাছত এইবাৰ ভাৰতলৈ আহিবলৈ সাজু হৈছে বিলাৱল ভুট্টো জৰ্দাৰী।

পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি পাকিস্তানৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব বিলাৱল ভুট্টো জৰ্দাৰীয়ে। এই বৈঠকৰ সভাপতিত্ব কৰিব ভাৰতে। জানুৱাৰী মাহত চীন আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমন্ত্ৰণ জনাইছিল।

উল্লেখ্য যে ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰে পৰা ভাৰত-পাক সম্পৰ্কৰ বহু অৱনতি ঘটিছে। এই সম্পৰ্ক ইমানেই অৱনতি ঘটিল যে পাকিস্তানৰ শিল্পীসকলে ভাৰতত কৰা কামবোৰো নিষিদ্ধ কৰা হ'ল। এনে পৰিস্থিতিত বিলাৱল ভুট্টো জৰ্দাৰীৰ ভাৰত ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন