--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
তেওঁ এতিয়ালৈকে বলীউড অথবা অভিনয় জগতত  ভৰি দিয়া নাই। কিন্তু এতিয়াই আছে তেওঁৰ সহস্ৰ অনুৰাগী৷ কিছুদিন পূৰ্বে ড্ৰাগছৰ গোচৰত নাম থকাৰ বাবে যথেষ্ট বিতৰ্কৰো সন্মুখীন হৈছিল তেওঁ। কিন্তু সময়ৰ লগে লগে পুৰণি বিতৰ্কৰ কিছু সাম কাটিছে৷ কথাখিনি পঢ়ি আপুনি ঠিকেই অনুমান কৰিছে৷হয়,ইয়াত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ কথা কোৱা হৈছে৷  

 হয়তো কেৱল শ্বাহৰুখ খানৰ পুত্ৰ আৰু ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ বাবেই আৰিয়ান খানৰ নাম চৰ্চিত হৈ আছিল৷  আৰিয়ান  চালচলন, মুখাবয়ৱ আদি সকলো ফালৰ পৰা দেউতাকৰ  প্ৰতিলিপি হৈ পৰিছে। অৱশ্যে শ্বাহৰুখৰ তুলনাত, আৰিয়ান  যথেষ্ট শান্ত, কম হাঁহে, কম কথা কয়।

এতিয়ালৈকে, শ্বাহৰুখৰ পুত্ৰ আৰিয়ান  মুখ্যতঃ অধ্যয়ন আৰু জীৱনটো উপভোগ  কৰাত ব্যস্ত আছিল। ইয়াৰ মাজতে, তেওঁ ড্ৰাগছৰ গোচৰত কেইবাদিনো কাৰাগাৰত কটাইছিল।উক্ত গোচৰৰ পৰা  মুক্তি পোৱাৰ এবছৰ পিছত আৰিয়ানে  অৱশেষত গ্লেমাৰৰ পৃথিৱীত ভৰি দিলে। দৰাচলতে  তেওঁ কোনো চিনেমাত আত্মপ্ৰকাশ কৰা নাছিল। শ্বাহৰুখৰ পুত্ৰই এটা বিখ্যাত জোতা কোম্পানীৰ বিজ্ঞাপনত অভিনয় কৰিছে৷ 

তেওঁৰ বিজ্ঞাপনৰ ছবিবোৰ বৰ্তমানৰ ছ’চিয়েল মিডিয়াত এক আলোচনাৰ বিষয় হৈ পৰিছে। শ্বাহৰুখৰ সৈতে আৰিয়ানৰ  অদ্ভুত সাদৃশ্য দেখিও  যুৱতীসকল তেওঁৰ প্ৰেমত পৰিছে। আনকি সীমান্তৰ সিপাৰৰ পৰাও তেওঁৰ বাবে  প্ৰেমৰ বাৰ্তা আহিছিল। লগতে আৰিয়ানৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে   পাকিস্তানী অভিনেত্ৰী সজল আলী৷ 

এতিয়ালৈকে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোক  কিং খানৰ প্ৰেমত পৰিছে৷  তেওঁৰ ফেনবেচ এতিয়াও একেই আছে। পুত্ৰই  তেওঁৰ এই  জনপ্ৰিয়তাৰ হ্ৰাস কৰিব নোৱাৰে৷ 

 বৰ্তমান আৰিয়ানৰ প্ৰেমত হাবু-ডুবু খাইছে  পাকিস্তানী অভিনেত্ৰী সজল আলী। তেওঁ  শ্বাহৰুখ তনয়ৰ  এখন পুৰণি ফটো শ্বেয়াৰ কৰিছিল আৰু ফটোখনত  এটা হৃদয়ৰ ইমোজি দিছিল।ইয়াৰোপৰি   'জব হেৰী মেট চেজল' বোলছবিখনৰ 'হাৱাইন' গানটোও  সংযুক্ত কৰিছিল৷ 

সজলৰ এই প’ষ্টৰ পিছতে প্ৰশ্ন উদয় হৈছে যে, আৰিয়ানৰ মনত কোন আছে? তাৰ সঠিক  উত্তৰ  এতিয়াও পোৱা হোৱা নাই। বিদেশত পঢ়ি থাকোঁতে, কেইবাগৰাকী  যুৱতীৰ সৈতে তেওঁৰ ফটো ভাইৰেল হৈছিল। কিন্তু তেওঁ কাৰোবাৰ সৈতে ঘনিষ্ঠ হয় নে নহয় সেইয়া এতিয়াও স্পষ্ট নহয়। সজলে এগৰাকী পাকিস্তানী অভিনেত্ৰী হোৱা স্বত্বেও বলীউডত দৃঢ়তাৰে কাম কৰি আছে৷ তেওঁ শ্ৰীদেৱীৰ সৈতে 'মম' বোলছবিখনত অভিনয় কৰিছিল।ছবিখনত সজলক শ্ৰীদেৱীৰ কন্যাৰ চৰিত্ৰত দেখা গৈছিল।সজল আলীক  পৰৱৰ্তী সময়ত শেখৰ কাপুৰৰ 'হোৱাটছ লাভ গট টু ডু উইথ ইট'ত দেখা যাব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান