--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহুতো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যেনে ভিটামিন, খনিজ পদাৰ্থ, কেলচিয়াম, প্ৰটিন ইত্যাদি। যিকোনো পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে আপোনাৰ শৰীৰত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। তেনে এটা পুষ্টিকৰ উপাদান হ’ল Vitamin B12, যিটো আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ভিটামিন বি ১২ৰ অভাৱৰ বাবে শৰীৰৰ স্বাভাৱিক কাম-কাজত অসুবিধা হয়, যেনে- দ্ৰুত হৃদস্পন্দন, স্নায়বিক অনুভৱ, ৰক্তকণিকাৰ আকাৰ বৃদ্ধি, অত্যধিক টোপনি, স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যা ইত্যাদি।

এই ভিটামিনৰ অভাৱ দীৰ্ঘদিন ধৰি থাকিলে স্নায়ুতন্ত্ৰ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ আশংকা বৃদ্ধি পায়। তাৰ সমান পৰিমাণৰ শৰীৰত উপস্থিত থাকে। বেছিভাগ নিৰামিষভোজী লোকৰ ভিটামিন বি ১২ৰ অভাৱৰ আশংকা থাকে, কাৰণ ইয়াৰ বেছিভাগ উৎস পশুৰ খাদ্য। অৱশ্যে কিছুমান নিৰামিষ খাদ্য সামগ্ৰীৰ দ্বাৰাও ইয়াৰ অভাৱৰ পৰা হাত সাৰিব পাৰি। ভিটামিন বি ১২ৰ অভাৱে আমাৰ শৰীৰত কি প্ৰভাৱ পেলায় আৰু কোনবোৰ খাদ্যৰ দ্বাৰা ইয়াৰ অভাৱৰ ক্ষতিপূৰণ দিব পাৰি জানো আহক।

ভিটামিন বি১২ৰ অভাৱৰ লক্ষণ-

১) মুখৰ আলচাৰঃ ভিটামিন বি ১২ৰ অভাৱৰ বাবে প্ৰায়ে মুখৰ আলচাৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ বাবেই খোৱা-বোৱাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে যদি আপোনাৰ মুখত সঘনাই আলচাৰ হৈ থাকে তেন্তে শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হ’ব পাৰে।

২) পেশীৰ দুৰ্বলতাঃ ভিটামিন বি ১২ৰ অভাৱৰ বাবে প্ৰধানকৈ পেশীত দুৰ্বলতা অনুভৱ হয়। ইয়াৰ বাবে পেশীবোৰত জঠৰতা বা ক্ৰেম্পৰ দৰে সমস্যাও হ’বলৈ আৰম্ভ কৰে।

৩) শক্তিৰ অভাৱ আৰু ক্লান্তিঃ ভিটামিন বি ১২ৰ অভাৱৰ বাবে সকলো সময়তে ভাগৰুৱা, দুৰ্বল আৰু শক্তিৰ অভাৱ অনুভৱ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে দৈনন্দিন কাম-কাজ কৰাটো অতি কঠিন হ’ব পাৰে।

ভিটামিন বি১২ৰ বাবে খাদ্য

১) মাংস, মাছঃ মাংস, মাছত পৰ্যাপ্ত পৰিমাণে ভিটামিন বি ১২ পোৱা যায়। এইবোৰ ভিটামিন বি ১২ৰ উত্তম উৎস। এইবোৰক আপোনাৰ খাদ্যৰ অংশ হিচাপে লওক।

২) গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীঃ  গাখীৰ, দৈ, পনিৰ আৰু মাখনো ভিটামিন বি ১২ৰ গুৰুত্বপূৰ্ণ উৎস।

৩) কণীঃ  কণী ভিটামিন বি ১২ৰ উত্তম উৎস।

৪) কিছুমান নিৰামিষ খাদ্যঃ কিছুমান নিৰামিষ খাদ্যইও ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে, যেনে দাইল, ছয়াবিনৰ সামগ্ৰী, বন্ধাকবি, ব্ৰকলি আৰু গাখীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ