--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা-পইচাৰ বিবাদৰ বাবে এগৰাকী মহিলাই পুত্ৰসহ আত্মহত্যা কৰিছে। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। গোৰখপুৰৰ গোৰখনাথ অঞ্চলৰ জন প্ৰিয়া বিহাৰ কলনীত সম্পত্তিৰ বিবাদৰ বাবে মাতৃ-পুত্ৰই বিহপান কৰি আত্মহত্যা কৰে। দুয়োকে সংকটজনক অৱস্থাত জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰিছে। মঙলবাৰে নিশা ১১.৩০ বজাত সংঘটিত হয় এই ঘটনা।

সৰোজ দেৱী নামৰ ৫৫ বৰ্ষীয় মহিলাগৰাকীয়ে জনপ্ৰিয়া বিহাৰ অঞ্চলত জ্যেষ্ঠ পুত্ৰ শ্ৰীষ ৰাও আৰু কনিষ্ঠ পুত্ৰ মনীষ ৰাও(২৮)ৰ সৈতে বাস কৰিছিল। কেইমাহমানৰ আগতে তেওঁ জনপ্ৰিয়া বিহাৰৰ ঘৰটো ৬৯ লাখ টকাত বিক্ৰী কৰিছিল। সেই বিশাল ধনৰাশি মাক আৰু ডাঙৰ পুত্ৰৰ জইণ্ট একাউণ্টত ৰখা হৈছিল।

স্থানীয় ৰাইজৰ মতে ডাঙৰ পুত্ৰই গোপনে একাউণ্টটো আইছ’লেট কৰি টকাখিনি উলিয়াই বেলেগ ঠাইত এটা ঘৰ কিনিছিল। এই কথা জানিব পাৰি বৰ পুত্ৰৰ সৈতে বিবাদৰ সূত্ৰপাত ঘটে সৰোজ দেৱীৰ। মাতৃৰ সৈতে কাজিয়া লাগি বৰপুত্ৰই পত্নীৰ সৈতে শহুৰেকৰ ঘৰত থাকিবলৈ লয়। ইফালে কেইবাবাৰো মাতৃয়ে সৰু পুত্ৰৰ বাবে কিছু টকা বিচাৰিছিল যদিও ডাঙৰ ল’ৰাটোৱে টকা দিবলৈ অস্বীকাৰ কৰিছিল।

আনকি মঙলবাৰেও মাতৃ আৰু সৰু পুত্ৰই ফোন কৰি শ্ৰীষক পইচা বিচাৰিছিল, কিন্তু তেওঁ টকা দিবলৈ অমান্তি হৈ গালি-গালাজ কৰিছিল। শ্ৰীষৰ আচৰণত আঘাতপ্ৰাপ্ত হৈ মঙলবাৰে নিশা মাতৃ আৰু সৰু পুত্ৰই বিহপান কৰে। 

উল্লেখ্য যে প্ৰায় ৬ মাহ আগতে সৰোজ দেৱীয়ে তেওঁৰ ঘৰটো বিক্ৰী কৰিছিল। সৰোজ দেৱীয়ে একো ব্যৱস্থা কৰিব নোৱাৰালৈকে ক্ৰেতাই তেওঁলোকক সেই ঘৰতে থাকিবলৈ দিছিল। সেয়ে যোৱা ৬ মাহ ধৰি তেওঁলোক নিজৰ ঘৰতে ভাড়াতীয়া হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক