--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টকা-পইচাৰ বিবাদৰ বাবে এগৰাকী মহিলাই পুত্ৰসহ আত্মহত্যা কৰিছে। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। গোৰখপুৰৰ গোৰখনাথ অঞ্চলৰ জন প্ৰিয়া বিহাৰ কলনীত সম্পত্তিৰ বিবাদৰ বাবে মাতৃ-পুত্ৰই বিহপান কৰি আত্মহত্যা কৰে। দুয়োকে সংকটজনক অৱস্থাত জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰিছে। মঙলবাৰে নিশা ১১.৩০ বজাত সংঘটিত হয় এই ঘটনা।

সৰোজ দেৱী নামৰ ৫৫ বৰ্ষীয় মহিলাগৰাকীয়ে জনপ্ৰিয়া বিহাৰ অঞ্চলত জ্যেষ্ঠ পুত্ৰ শ্ৰীষ ৰাও আৰু কনিষ্ঠ পুত্ৰ মনীষ ৰাও(২৮)ৰ সৈতে বাস কৰিছিল। কেইমাহমানৰ আগতে তেওঁ জনপ্ৰিয়া বিহাৰৰ ঘৰটো ৬৯ লাখ টকাত বিক্ৰী কৰিছিল। সেই বিশাল ধনৰাশি মাক আৰু ডাঙৰ পুত্ৰৰ জইণ্ট একাউণ্টত ৰখা হৈছিল।

স্থানীয় ৰাইজৰ মতে ডাঙৰ পুত্ৰই গোপনে একাউণ্টটো আইছ’লেট কৰি টকাখিনি উলিয়াই বেলেগ ঠাইত এটা ঘৰ কিনিছিল। এই কথা জানিব পাৰি বৰ পুত্ৰৰ সৈতে বিবাদৰ সূত্ৰপাত ঘটে সৰোজ দেৱীৰ। মাতৃৰ সৈতে কাজিয়া লাগি বৰপুত্ৰই পত্নীৰ সৈতে শহুৰেকৰ ঘৰত থাকিবলৈ লয়। ইফালে কেইবাবাৰো মাতৃয়ে সৰু পুত্ৰৰ বাবে কিছু টকা বিচাৰিছিল যদিও ডাঙৰ ল’ৰাটোৱে টকা দিবলৈ অস্বীকাৰ কৰিছিল।

আনকি মঙলবাৰেও মাতৃ আৰু সৰু পুত্ৰই ফোন কৰি শ্ৰীষক পইচা বিচাৰিছিল, কিন্তু তেওঁ টকা দিবলৈ অমান্তি হৈ গালি-গালাজ কৰিছিল। শ্ৰীষৰ আচৰণত আঘাতপ্ৰাপ্ত হৈ মঙলবাৰে নিশা মাতৃ আৰু সৰু পুত্ৰই বিহপান কৰে। 

উল্লেখ্য যে প্ৰায় ৬ মাহ আগতে সৰোজ দেৱীয়ে তেওঁৰ ঘৰটো বিক্ৰী কৰিছিল। সৰোজ দেৱীয়ে একো ব্যৱস্থা কৰিব নোৱাৰালৈকে ক্ৰেতাই তেওঁলোকক সেই ঘৰতে থাকিবলৈ দিছিল। সেয়ে যোৱা ৬ মাহ ধৰি তেওঁলোক নিজৰ ঘৰতে ভাড়াতীয়া হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু