--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা হত্যাকাণ্ডত প্ৰতিদিনে নতুন নতুন চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। আৰক্ষীৰ সূত্ৰ অনুসৰি আফতাবে কেইবাবাৰো শ্ৰদ্ধাক হত্যা কৰাৰ চেষ্টা চলাইছিল। হত্যাকাণ্ডৰ পিছত ফ্ৰীজত ৰখা শ্ৰদ্ধাৰ কটা মূৰৰ মেক-আপো কৰিছিল আফতাবে। আৰক্ষীৰ জেৰাৰ সময়ত আফতাবে পাগল হোৱাৰ অভিনয় কৰি আছে যাতে শাস্তিৰ পৰা ৰেহাই পাব পাৰে। আফতাবৰ নাৰ্কো টেষ্ট কৰা হব বুলি জানিব পৰা গৈছে।

আফতাবে শ্ৰদ্ধাৰ পৰা আঁতৰিবলৈ নানা ষড়যন্ত্ৰ কৰিছিল। শ্ৰদ্ধাক হত্যা কৰাৰ পাছত তেওঁ শ্ৰদ্ধাৰ ফোনৰ পৰা অনলাইন লেনদেনৰ জৰিয়তে নিজলৈ প্ৰেৰণ কৰিছিল ৫৪ হাজাৰ টকা।

আফতাবে আৰক্ষীক জনাইছে যে যেতিয়াই শ্ৰদ্ধাৰ লগত কাজিয়া হৈছিল তেতিয়াই শ্ৰদ্ধাক হত্যা কৰাৰ কথা ভাবিছিল কিন্তু ধৰা পৰাৰ ভয়ত তেওঁ কেতিয়াও সাহস গোটাব পৰা নাছিল, কাৰণ শ্ৰদ্ধাৰ বন্ধুসকলে শ্ৰদ্ধাক অবিৰতভাৱে লগ পাইছিল আৰু যোগাযোগ ৰাখিছিল।

হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত তেওঁ যথেষ্ট অস্থিৰ হৈ পৰা বুলিও আৰক্ষীক জনায় আফতাবে। তেওঁ ধৰা পৰিব বুলি অনুভৱ কৰিছিল তাৰ পিছত তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ অতি স্বাভাৱিকভাৱে জীৱন যাপন কৰিব আৰু তেওঁৰ বডী লেংগুৱেজৰ পৰা যাতে কাৰো সন্দেহ নহয় যে তেওঁ শ্ৰদ্ধাক হত্যা কৰিছে। সেইবাবেই প্ৰায় ২ মাহত ১৮টা বেলেগ বেলেগ দিনত গৈ শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ বিভিন্ন ঠাইত দলিয়াই দিছিল, যাতে কুকুৰ-মেকুৰী, কাউৰী আদিয়ে খাব পাৰে। সন্দেহৰ পৰা হাত সাৰিবলৈ আফতাবে আনকি শ্ৰদ্ধাৰ ইনষ্টাগ্ৰাম একাউণ্টটোও আপডেট কৰিছিল।

আফতাবে আৰক্ষীক জনোৱা মতে, মুম্বাইত শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো তেওঁৰ বহু হিন্দু ছোৱালীৰ সৈতে সম্পৰ্ক আছিল। আফতাবে কয় যে হিন্দু ছোৱালী সদায় আটাইতকৈ সহজ টাৰ্গেট আৰু অতি সোনকালে প্ৰেমৰ জালত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ