--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা হত্যাকাণ্ডত প্ৰতিদিনে নতুন নতুন চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। আৰক্ষীৰ সূত্ৰ অনুসৰি আফতাবে কেইবাবাৰো শ্ৰদ্ধাক হত্যা কৰাৰ চেষ্টা চলাইছিল। হত্যাকাণ্ডৰ পিছত ফ্ৰীজত ৰখা শ্ৰদ্ধাৰ কটা মূৰৰ মেক-আপো কৰিছিল আফতাবে। আৰক্ষীৰ জেৰাৰ সময়ত আফতাবে পাগল হোৱাৰ অভিনয় কৰি আছে যাতে শাস্তিৰ পৰা ৰেহাই পাব পাৰে। আফতাবৰ নাৰ্কো টেষ্ট কৰা হব বুলি জানিব পৰা গৈছে।

আফতাবে শ্ৰদ্ধাৰ পৰা আঁতৰিবলৈ নানা ষড়যন্ত্ৰ কৰিছিল। শ্ৰদ্ধাক হত্যা কৰাৰ পাছত তেওঁ শ্ৰদ্ধাৰ ফোনৰ পৰা অনলাইন লেনদেনৰ জৰিয়তে নিজলৈ প্ৰেৰণ কৰিছিল ৫৪ হাজাৰ টকা।

আফতাবে আৰক্ষীক জনাইছে যে যেতিয়াই শ্ৰদ্ধাৰ লগত কাজিয়া হৈছিল তেতিয়াই শ্ৰদ্ধাক হত্যা কৰাৰ কথা ভাবিছিল কিন্তু ধৰা পৰাৰ ভয়ত তেওঁ কেতিয়াও সাহস গোটাব পৰা নাছিল, কাৰণ শ্ৰদ্ধাৰ বন্ধুসকলে শ্ৰদ্ধাক অবিৰতভাৱে লগ পাইছিল আৰু যোগাযোগ ৰাখিছিল।

হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত তেওঁ যথেষ্ট অস্থিৰ হৈ পৰা বুলিও আৰক্ষীক জনায় আফতাবে। তেওঁ ধৰা পৰিব বুলি অনুভৱ কৰিছিল তাৰ পিছত তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ অতি স্বাভাৱিকভাৱে জীৱন যাপন কৰিব আৰু তেওঁৰ বডী লেংগুৱেজৰ পৰা যাতে কাৰো সন্দেহ নহয় যে তেওঁ শ্ৰদ্ধাক হত্যা কৰিছে। সেইবাবেই প্ৰায় ২ মাহত ১৮টা বেলেগ বেলেগ দিনত গৈ শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ বিভিন্ন ঠাইত দলিয়াই দিছিল, যাতে কুকুৰ-মেকুৰী, কাউৰী আদিয়ে খাব পাৰে। সন্দেহৰ পৰা হাত সাৰিবলৈ আফতাবে আনকি শ্ৰদ্ধাৰ ইনষ্টাগ্ৰাম একাউণ্টটোও আপডেট কৰিছিল।

আফতাবে আৰক্ষীক জনোৱা মতে, মুম্বাইত শ্ৰদ্ধাৰ সৈতে থকাৰ সময়তো তেওঁৰ বহু হিন্দু ছোৱালীৰ সৈতে সম্পৰ্ক আছিল। আফতাবে কয় যে হিন্দু ছোৱালী সদায় আটাইতকৈ সহজ টাৰ্গেট আৰু অতি সোনকালে প্ৰেমৰ জালত পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক