--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছয় বছৰ আগতে অৰ্থাৎ ২০১৬ চনৰ   ৮ নৱেম্বৰৰ নিশা ৮ বজাত দেশবাসীক আচৰিত কৰি  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ কথা সদম্ভে ঘোষণা কৰিছিল। ক'লা ধন নাইকিয়া কৰা, সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ কৰা আদি নানান প্ৰতিশ্ৰুতিৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল।  বিমুদ্ৰাকৰণ ঘোষণাৰ পিছতে দেশত বিত্তীয় বিশৃংখলতাৰ সৃষ্টি হৈছিল,চহৰ- মহানগৰ-গাঁৱত টকা উলিয়াবলৈ এটিএমৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী হৈছিল। সকলোৱে নিজৰ  জমাৰ পৰা কেনেকৈ ২,০০০ টকা হ'লেও পাব পাৰি তাকে লৈ চিন্তিত হৈ পৰিছিল। বহু উদ্যোগ হঠাতে বন্ধ হৈ পৰিছিল। জনতৰ হাতত ধন নথকাত মানুহৰ ক্ৰয় ক্ষমতা নিশাটোৰ ভিতৰতে কমি গৈছিল। 

যোগান আৰু চাহিদাৰ মাজত ব্যাপক ব্যৱধান আহি পৰিছিল। সাধাৰণ খাটি খোৱা মানুহৰ চলিবলৈও টান হৈ পৰিছিল। দেশৰ গৰিষ্ঠ সংখ্যক লোকৰ হাততেই নাছিল টকা। এনে অভাৱনীয় পৰিস্থিতিলৈ লক্ষ্য কৰি মোদীয়ে যেন সন্তুষ্টিৰ হাঁহিহে মাৰিছিল। মোদীয়ে ভাবিছিল তেওঁ বিশ্বত নোহোৱা কাম এটা কৰিব পাৰিছে। দেশৰ অৰ্থনীতিক ৰুগ্ন কৰাৰ প্ৰথম ঢাপেই আছিল মোদীৰ চৰকাৰৰ বিমুদ্ৰাকৰণ। এই কথা আনকি ৰিজাৰ্ভ বেংকেও মানি ল'বলৈ বাধ্য হৈছে। 
বিমুদ্ৰাকৰণক  এক অভূতপূৰ্ব আৰু সাহসী সিদ্ধান্ত বুলি দাবী কৰি মোদীৰ চৰকাৰে কৈছিল – ই দেশৰ ক'লা ধন উলিয়াই আনিব, দুৰ্নীতি সমাপ্ত কৰিব, নকল নোটৰ প্ৰচলন সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লগতে নক্সাল তথা  সন্ত্ৰাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰাটো ৰোধ কৰিব।

ভাৰতৰ দৰে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ জনসাধাৰণে  চৰকাৰৰ এই সিদ্ধান্ত সঠিক আছিল নে নাইসেয়া আজিও ঠাৱৰ কৰিব পৰা নাই। সেইবাবেই  বিমুদ্ৰাকৰণৰ ফলাফল  দৰাচলতেনো কেনে হৈছে, ই সঁচাকৈয়ে জনতাক ন্যায় দিছেনে আদি কথা জানিবলৈ বহুতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছিল। বিমুদ্ৰাকৰণৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ শীৰ্ষ আদালতত ৩০ খনতকৈও অধিক আবেদন দাখিল কৰা হৈছিল। সেই আবেদনসমূহৰ এতিয়া শুনানি চলি  আছে। এয়া স্পষ্ট যে সংবিধানৰ বিধানৰ অধীনত উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে, কিন্তু এই ব্যৱস্থাৰ উদ্দেশ্য  সঁচাকৈয়ে দেশৰ কেইটামান ঔদ্যোগিক প্ৰতিষ্ঠানক  লাভান্বিত কৰা আছিল নেকি আদি কথাবোৰত নিঃসন্দেহে উচ্চতম ন্যায়ালয়ে পৰ্যালোচনা কৰিব পাৰে।
শেহতীয়াকৈ বুধবাৰে বিমুদ্ৰাকৰণকলৈ প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা   আৱেদনৰ শুনানি  উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় চৰকাৰে নিযুক্ত কৰা প্ৰবীণ অধিবক্তাসকলে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক যুক্তিসংগত বুলি প্ৰমাণ  কৰিবলৈ পাৰ্যমানে চেষ্টা চলায়।  আদালতত দাখিল কৰা শপতনামাত চৰকাৰে কৈছে যে কৰ ফাঁকি প্ৰতিৰোধ আৰু ক'লা ধন নিয়ন্ত্ৰণ কৰাৰ বাবে বাবে এয়া  এটা সুপৰিকল্পিত ব্যৱস্থা আছিল।

ইয়াৰ উদ্দেশ্য আছিল জালনোটৰ সমস্যাৰ মোকাবিলা কৰা আৰু সন্ত্ৰাসবাদীৰ পুঁজি বন্ধ কৰা  ।চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে এয়া  ৰিজাৰ্ভ বেংকৰ  পৰামৰ্শ অনুসৰি কৰা হৈছিল। বহুত আলোচনা আৰু প্ৰস্তুতিৰ পিছত ইয়াক কাৰ্যকৰী কৰা হৈছিল।  ২০১৬ চনৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৫০০ আৰু ১০০০ টকাৰ পুৰণি নোট প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। যাৰ ফলত  দেশৰ এক বৃহৎ জনসংখ্যাই প্ৰায় ডেৰ মাহৰ বাবে নোটৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হৈছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰা ৫ জনীয়া সংবিধান বিচাৰপীঠে চৰকাৰক সুধিছিল যে বিমুদ্ৰাকৰণ কিয় কাৰ্যকৰী কৰা হৈছিল?৫০০আৰু ১,০০০ টকাৰ নোট বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে প্ৰক্ৰিয়াটো কেনেদৰে পৰিচালনা কৰা হৈছিল? 

ইয়াৰ প্ৰত্যুত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছে যে এই সিদ্ধান্ত অৰ্থনৈতিক আৰু মুদ্ৰা নীতিৰ অংশ আছিল। ইয়াক আদালতত পুনৰীক্ষণ কৰা উচিত নহয়। কিন্তু উচ্চতম ন্যায়ালয়ত কৰা আৱেদনবোৰত  অভিযোগ কৰা হৈছে  যে এই বিমুদ্ৰাকৰণ কোনো নিয়ম অনুসৰণ নকৰাকৈ কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ ৰ অধীনত ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ যিকোনো মুদ্ৰা নোট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। চৰকাৰে লগতে জনাইছে যে বিমুদ্ৰাকৰণৰ পিছতে সংসদে নিৰ্দিষ্ট বেংক নোট  আইন, ২০১৭  গৃহীত কৰে আৰু ইয়াত অনুমোদন জনায়। এনে পৰিস্থিতিত এই কথা স্পষ্ট হৈ পৰিছে যে কোনো আইন গৃহিত নোহোৱাকৈয়ে বিমুদ্ৰাকৰণ কাৰ্যকৰী কৰা হৈছিল।    

             
আদালতত চৰকাৰক স্পষ্টভাবে সুধিছে যে বিমুদ্ৰাকৰণৰ দ্বাৰা কিমান ক'লা ধন উলিয়াই অনা হ'ল ? বহুতো বিত্তীয় বিশেষজ্ঞই প্ৰকাশ কৰা মতে যোৱা ছয় বছৰৰ পৰিসংখ্যা অনুসৰি বিমুদ্ৰাকৰণে ক'লা ধন হ্ৰাস কৰাৰ উদ্দেশ্যত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যোৱা  ২১ অক্টোবৰলৈকে জনসাধাৰণৰ হাতত থকা  নগদ ধন ৩০.৮৮ লাখ কোটি টকাৰ অভিলেখ স্তৰত উপনীত হৈছিল, যিয়ে দেখুৱায় যে বিমুদ্ৰাকৰণৰ ছয় বছৰ পাছতো দেশখনে বৃহৎ পৰিমাণত নগদ ধন  ব্যৱহাৰ কৰি আছে। এই সংখ্যাটো ৪ নৱেম্বৰ, ২০১৬ ৰ নগদ মুদ্ৰাৰ স্তৰতকৈ ৭১.৮৪ শতাংশ অধিক। ২০১৬ চনৰ ৪ নৱেম্বৰত জনতাৰ হাতত থকা নগদ ধনৰ পৰিমাণ আছিল ১৭.৭ লাখ কোটি টকা। অৰ্থাৎ বিমুদ্ৰাকৰণ ঘোষণাৰ পিছত  নগদ ধনৰ প্ৰচলন এতিয়া ৭২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। যদি  ৰিজাৰ্ভ বেঙ্কৰ এই তথ্যবোৰ বিশ্লেষণ কৰা যায় তেন্তে  দেখা যায়  যে  ৯৯ শতাংশ নগদ ধন পুনৰ বজাৰলৈ  ঘূৰি আহিছে।


ইয়াৰ অৰ্থ হৈছে যে আগতে বজাৰত ঘূৰি থকা ক'লা ধনে এতিয়া পৰিধি বহল কৰি   অধিক বহল ৰূপত উদ্দেশ্য সম্পাদন কৰি আছে। মানিকণ্ট্ৰোলৰ এক প্ৰতিবেদন অনুসৰি যেতিয়া বজাৰৰ  পৰা ৫০০ আৰু ১,০০০ টকাৰ পুৰণি নোট আঁতৰ কৰা হৈছিল, সেই সময়ত তেনে নোটৰ মুঠ অংশগ্ৰহণ আছিল ৮৬ শতাংশ। বিমুদ্ৰাকৰণৰ ইমান বছৰৰ পিছত অৰ্থনীতিবিদসকলে অনুভৱ কৰে যে সিদ্ধান্তটো অত্যাধিক কঠোৰ আছিল আৰু কেৱল৫ শতাংশতকৈও কম ক'লা ধনৰ ওপৰতহে ইয়াৰ প্ৰভাৱ পৰিছিল। বাকী ক'লা ধন এতিয়াও সোণ আৰু ৰূপ ক্ৰয় কৰা আৰু ৰিয়েল ইষ্টেটত বৃহৎ বিনিয়োগ কৰাৰ ৰূপত বৰ্তি আছে। 


বিমুদ্ৰাকৰণৰ আন এক উদ্দেশ্য আছিল জাল  নোট নিয়ন্ত্ৰণ কৰা। দ্বিতীয় মুখ্য উদ্দেশ্যটোও বিফল হৈছে।  ২৭ মে'ত  ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা  প্ৰতিবেদনৰ  অনুসৰি জাল নোটৰ সংখ্যা ১০.৭ শতাংশ বৃদ্ধিহে পাইছে। নতুন ৫০০  টকাৰ নকল নোট আৰু ২,০০০ টকাৰ নকল নোট ১০১.৯৩  শতাংশ বৃদ্ধি হৈছে। কেৱল এয়াই নহয়, ১০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৫ শতাংশ বৃদ্ধি পাইছে আৰু ২০ টকাৰ নকল নোটৰ সংখ্যা ১৬.৪৮ শতাংশ বৃদ্ধি পাইছে।

ইয়াৰ উপৰিও ২০০  টকাৰ নোটৰ জাল নোটস ১১.৭ শতাংশ বৃদ্ধি পাইছে। জাল ৫০ টকাৰ নোট ২৮.৬৫ শতাংশ আৰু  ১০০ টকাৰ জাল নোট ১৬.৭১ শতাংশ বৃদ্ধি পাইছে। মুঠ নকল নোটৰ ভিতৰত, ৬.৯  শতাংশ আৰ.বি.আই.-ত ধৰা পৰিছিল আৰু  ৯৩.১  শতাংশ আন বেংকত ধৰা পৰিছিল। চৰকাৰৰ ত্ৰুটিবোৰ কি আছিল উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানিত সেই বিষয়ত  সিদ্ধান্ত ল'ব, কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনৰ আধাৰত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ইয়াৰ উদ্দেশ্য পূৰণ কৰাত সফল হৈছে নে নাই সেই বিষয়ত আপুনিও সিদ্ধান্ত ল'ব পাৰিব। 
 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু