--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে ৰেপো ৰেট ৬.৫ শতাংশই থাকিব। ৰিজাৰ্ভ বেংকৰ বিত্তীয় নীতি নিৰ্দ্ধাৰক সমিতিয়ে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে সদ্যহতে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই কয় যে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশৰ খুচুৰা মুদ্ৰাস্ফীতি বহু পৰিমাণে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বহু বেছি। দেশৰ শীৰ্ষ বেংকটোৰ মতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ’ব পাৰে।

এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্তই কয়, ‘আমাৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ওপৰত হ’ব। অৱশ্যে মাৰ্চ-এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছিল যদিও সেয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা গৈছে। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি বজাৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নিবিচাৰে।

ৰিজাৰ্ভ বেংকে যোৱা বছৰৰ মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। এপ্ৰিল মাহত বেংক কৰ্তৃপক্ষই ৰেপো ৰেট ৬.৫ শতাংশ ৰখাৰ সিদ্ধান্ত লৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহ ঋণ, গাড়ীৰ ঋণ আৰু অন্যান্য ঋণৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব।

আৰ বি আইয়ে আন বেংকসমূহক ৰেপো ৰেটৰ হাৰতেই ঋণ দিয়ে। বেংকে ঋণৰ মাহেকীয়া কিস্তিৰ হাৰো বৃদ্ধি কৰে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায়। ৰেপো হাৰ অপৰিৱৰ্তিত ৰখাৰ উপৰিও ৰিজাৰ্ভ বেংকে কয় যে ২০২২-২৩ চনত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হ’ব পাৰে। ইয়াৰ পূৰ্বে দেশৰ শীৰ্ষ বেংকটোৱে এই হাৰ ৭ শতাংশ হ’ব বুলি অনুমান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস