--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে ৰেপো ৰেট ৬.৫ শতাংশই থাকিব। ৰিজাৰ্ভ বেংকৰ বিত্তীয় নীতি নিৰ্দ্ধাৰক সমিতিয়ে বৃহস্পতিবাৰে সৰ্বসন্মতিক্ৰমে সদ্যহতে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ৰিজাৰ্ভ বেংকৰ এক সূত্ৰই কয় যে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ কাৰণ হ’ল দেশৰ খুচুৰা মুদ্ৰাস্ফীতি বহু পৰিমাণে ৰোধ কৰা হৈছে। কিন্তু সামগ্ৰিকভাৱে মুদ্ৰাস্ফীতিৰ হাৰ এতিয়াও লক্ষ্যতকৈ বহু বেছি। দেশৰ শীৰ্ষ বেংকটোৰ মতে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৫.১ শতাংশ হ’ব পাৰে।

এই সন্দৰ্ভত আৰবিআইৰ গৱৰ্ণৰ শক্তিকান্তই কয়, ‘আমাৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ হাৰ ৪ শতাংশৰ ওপৰত হ’ব। অৱশ্যে মাৰ্চ-এপ্ৰিল মাহত মুদ্ৰাস্ফীতিৰ হাৰ ৬.৭ শতাংশলৈ বৃদ্ধি পাইছিল যদিও সেয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা গৈছে। এনে পৰিস্থিতিত আৰ বি আইয়ে ৰেপো ৰেট বৃদ্ধি কৰি বজাৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব নিবিচাৰে।

ৰিজাৰ্ভ বেংকে যোৱা বছৰৰ মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। এপ্ৰিল মাহত বেংক কৰ্তৃপক্ষই ৰেপো ৰেট ৬.৫ শতাংশ ৰখাৰ সিদ্ধান্ত লৈছিল। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহ ঋণ, গাড়ীৰ ঋণ আৰু অন্যান্য ঋণৰ সুতৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীয়ে কিছু সকাহ পাব।

আৰ বি আইয়ে আন বেংকসমূহক ৰেপো ৰেটৰ হাৰতেই ঋণ দিয়ে। বেংকে ঋণৰ মাহেকীয়া কিস্তিৰ হাৰো বৃদ্ধি কৰে যেতিয়া ৰেপো ৰেট বৃদ্ধি পায়। ৰেপো হাৰ অপৰিৱৰ্তিত ৰখাৰ উপৰিও ৰিজাৰ্ভ বেংকে কয় যে ২০২২-২৩ চনত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.২ শতাংশ হ’ব পাৰে। ইয়াৰ পূৰ্বে দেশৰ শীৰ্ষ বেংকটোৱে এই হাৰ ৭ শতাংশ হ’ব বুলি অনুমান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা