--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ থানেৰ মীৰা ভয়াণ্ডাৰ অঞ্চলত লিভ ইন ৰিলেচনশ্বিপত বাস কৰা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহে। এই হত্যাকাণ্ডৰ গোচৰৰ এজাহাৰৰ মতে অভিযুক্ত মনোজ ছানে নিজৰ সংগী সৰস্বতী বৈদ্যক হত্যা কৰা বুলি স্বীকাৰ কৰে।

এফ আই আৰত উল্লেখ আছে যে আৰক্ষীয়ে সোমেশ শ্ৰীবাস্তৱ, গণেশ বালাজী তেলগী আৰু বৈভৱ সুভাষ তেলগী (চুবুৰীয়া)ৰ সহায়ত দুৱাৰৰ তলা ভাঙি  ভিতৰলৈ সোমাই যায়। দুৰ্গন্ধৰ বাবেই আৰক্ষীয়ে প্ৰথমে হল, শোৱা কোঠা আৰু শৌচাগাৰকে ধৰি দুয়োখন বিচনাতে তালাচী চলায়। আৰক্ষীয়ে এখন বিচনাত ক’লা প্লাষ্টিক আৰু ইলেক্ট্ৰিক কাটাৰ মেচিন উদ্ধাৰ কৰে, য’ত তেজ লাগি আছিল।

এফ আই আৰত লিখা আছিল যে আটাইতকৈ বেয়া গোন্ধটো পাকঘৰৰ পৰা আহিছিল। তাত উপস্থিত হোৱাৰ পিছত তেওঁ দেখিলে যে তেওঁৰ মূৰৰ পৰা কটা চুলিখিনি মজিয়াত পৰি আছে। কুকাৰটো গেছত ৰাখিছিল। ইয়াত মানুহৰ শৰীৰৰ টুকুৰাবোৰ সিজোৱা হৈছিল। আধা পোৰা হাড় চিঙ্কত পৰি আছিল আৰু শৰীৰৰ অংগ বাল্টিত পৰি আছিল। অভিযুক্ত মনোজ ছানে কয় যে তেওঁ নিজৰ সংগীক হত্যা কৰি মৃতদেহটোৰ অংগ বিচ্ছিন্ন কৰি প্ৰমাণ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।

মীৰা-ভয়ান্দৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহ বিশ্লেষণৰ বাবে জে জে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ডাক্তৰে শৰীৰৰ টুকুৰাসমূহৰ পৰীক্ষা কৰিব। ইয়াৰ পাছতহে গম পাব যে শৰীৰৰ কোনটো অংগ নোহোৱা হৈছে। একে সময়তে অভিযুক্ত মনোজ ছানেক আদালতে ১৬ জুনলৈকে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা