--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ থানেৰ মীৰা ভয়াণ্ডাৰ অঞ্চলত লিভ ইন ৰিলেচনশ্বিপত বাস কৰা এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহে। এই হত্যাকাণ্ডৰ গোচৰৰ এজাহাৰৰ মতে অভিযুক্ত মনোজ ছানে নিজৰ সংগী সৰস্বতী বৈদ্যক হত্যা কৰা বুলি স্বীকাৰ কৰে।

এফ আই আৰত উল্লেখ আছে যে আৰক্ষীয়ে সোমেশ শ্ৰীবাস্তৱ, গণেশ বালাজী তেলগী আৰু বৈভৱ সুভাষ তেলগী (চুবুৰীয়া)ৰ সহায়ত দুৱাৰৰ তলা ভাঙি  ভিতৰলৈ সোমাই যায়। দুৰ্গন্ধৰ বাবেই আৰক্ষীয়ে প্ৰথমে হল, শোৱা কোঠা আৰু শৌচাগাৰকে ধৰি দুয়োখন বিচনাতে তালাচী চলায়। আৰক্ষীয়ে এখন বিচনাত ক’লা প্লাষ্টিক আৰু ইলেক্ট্ৰিক কাটাৰ মেচিন উদ্ধাৰ কৰে, য’ত তেজ লাগি আছিল।

এফ আই আৰত লিখা আছিল যে আটাইতকৈ বেয়া গোন্ধটো পাকঘৰৰ পৰা আহিছিল। তাত উপস্থিত হোৱাৰ পিছত তেওঁ দেখিলে যে তেওঁৰ মূৰৰ পৰা কটা চুলিখিনি মজিয়াত পৰি আছে। কুকাৰটো গেছত ৰাখিছিল। ইয়াত মানুহৰ শৰীৰৰ টুকুৰাবোৰ সিজোৱা হৈছিল। আধা পোৰা হাড় চিঙ্কত পৰি আছিল আৰু শৰীৰৰ অংগ বাল্টিত পৰি আছিল। অভিযুক্ত মনোজ ছানে কয় যে তেওঁ নিজৰ সংগীক হত্যা কৰি মৃতদেহটোৰ অংগ বিচ্ছিন্ন কৰি প্ৰমাণ ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল।

মীৰা-ভয়ান্দৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহ বিশ্লেষণৰ বাবে জে জে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ডাক্তৰে শৰীৰৰ টুকুৰাসমূহৰ পৰীক্ষা কৰিব। ইয়াৰ পাছতহে গম পাব যে শৰীৰৰ কোনটো অংগ নোহোৱা হৈছে। একে সময়তে অভিযুক্ত মনোজ ছানেক আদালতে ১৬ জুনলৈকে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস