--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষণা হোৱা নাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম৷ শনিবাৰে চমকপ্ৰদ বিজয়ৰ পাছত সম্প্ৰতি চৰ্চা অব্যাহত আছে যে কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰিত্বৰ বিষয়টোক লৈ আজি বেংগালুৰুত অনুষ্ঠিত হৈছে দলটোৰ বিধায়িনী দলৰ বৈঠক৷ 

য‘ত সভাপতি মল্লিকাৰ্জুন খৰ্গেকে প্ৰমুখ্য কৰি ৰণদীপ সিং সূৰ্যেৱালাকে ধৰি দলটোৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে৷ আজিৰ বৈঠকত বিধায়িনী দলে প্ৰস্তাৱ গ্ৰহণ কৰি কয় যে মুখ্যমন্ত্ৰীকেন্দ্ৰিক চূড়ান্ত সিদ্ধান্ত ল’ব খৰ্গেই৷ আজিৰ বৈঠক চলি থকাৰ মাজতে কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই দাবী কৰে যে শপতগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিছে কংগ্ৰেছে৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ৷ 

শপতগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিছে যদিও কংগ্ৰেছে ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম৷ বৃহস্পতিবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই শপতগ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকিব। কংগ্ৰেছে সকলো সমভাবাপন্ন দলক শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। কৰ্ণাটক কেবিনেটৰ চূড়ান্ত 

আজি অনুষ্ঠিত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নহ’ল৷ ইপিনে, কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু ছিদ্দাৰামাইয়াৰ সমৰ্থকসকলে বেংগালুৰুৰ হোটেলৰ বাহিৰত শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ ইতিমধ্যে শিৱকুমাৰ আৰু ছিদ্দাৰামায়া দুয়োগৰাকী কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰী পদটোৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়