--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘোষণা হোৱা নাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম৷ শনিবাৰে চমকপ্ৰদ বিজয়ৰ পাছত সম্প্ৰতি চৰ্চা অব্যাহত আছে যে কোন হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ মুখ্যমন্ত্ৰিত্বৰ বিষয়টোক লৈ আজি বেংগালুৰুত অনুষ্ঠিত হৈছে দলটোৰ বিধায়িনী দলৰ বৈঠক৷ 

য‘ত সভাপতি মল্লিকাৰ্জুন খৰ্গেকে প্ৰমুখ্য কৰি ৰণদীপ সিং সূৰ্যেৱালাকে ধৰি দলটোৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে৷ আজিৰ বৈঠকত বিধায়িনী দলে প্ৰস্তাৱ গ্ৰহণ কৰি কয় যে মুখ্যমন্ত্ৰীকেন্দ্ৰিক চূড়ান্ত সিদ্ধান্ত ল’ব খৰ্গেই৷ আজিৰ বৈঠক চলি থকাৰ মাজতে কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই দাবী কৰে যে শপতগ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিছে কংগ্ৰেছে৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব নতুন চৰকাৰৰ শপতগ্ৰহণ৷ 

শপতগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিছে যদিও কংগ্ৰেছে ঘোষণা কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ নাম৷ বৃহস্পতিবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই শপতগ্ৰহণ অনুষ্ঠানটোত উপস্থিত থাকিব। কংগ্ৰেছে সকলো সমভাবাপন্ন দলক শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। কৰ্ণাটক কেবিনেটৰ চূড়ান্ত 

আজি অনুষ্ঠিত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নহ’ল৷ ইপিনে, কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু ছিদ্দাৰামাইয়াৰ সমৰ্থকসকলে বেংগালুৰুৰ হোটেলৰ বাহিৰত শ্ল’গান দিয়া পৰিলক্ষিত হয়৷ ইতিমধ্যে শিৱকুমাৰ আৰু ছিদ্দাৰামায়া দুয়োগৰাকী কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰী পদটোৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস