--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটকত কংগ্ৰেছে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত এতিয়া মুখ্যমন্ত্ৰিত্বক লৈ চৰ্চা অব্যাহত আছে৷ ভাৰতীয় জাতীয কংগ্ৰেছৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকৰ এটা দলে দেওবাৰে কৰ্ণাটকৰ নৱনিৰ্বাচিত বিধায়কসকলক সাক্ষাৎ কৰি কোনে শীৰ্ষ স্থান লাভ কৰিব লাগে, সেই সন্দৰ্ভত তেওঁলোকৰ মতামত লাভ কৰে। 

দলটোৱে পুৱা ১০ বজাত দিল্লীলৈ যাব আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰিব৷ দলটোৱে দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰিব৷

মুখ্যমন্ত্ৰীৰ বাবে আলোচনা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ লগে লগে শিৱকুমাৰ আৰু ছিদ্দাৰামাইয়া দুয়োজনে আজি পিছত দিল্লীত দলটোৰ নেতৃত্বক সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে। সূত্ৰ অনুসৰি, দুয়োজন নেতাক অপেক্ষা কৰিবলৈ কোৱা হৈছে আৰু দলটোৱে মাতিলেহে দিল্লীলৈ আহিবলৈ কোৱা হৈছে।  

মুখ্যমন্ত্ৰী সম্পৰ্কীয় সিদ্ধান্ত খৰ্গেৰ দ্বাৰা লোৱা হ’ব বুলি কালি সন্ধিয়া কৰ্ণাটকৰ বৈঠকৰ পাছত ঘোষণা কৰে। বৈঠকত কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল কুমাৰ সিন্দে, দীপক বাবাৰিয়া আৰু জীতেন্দ্ৰ সিং আলৱাৰ পৰ্যবেক্ষক আছিল।
ডি কে শিৱকুমাৰ আৰু ছিদ্দাৰামাইয়াৰ সমৰ্থকসকলে বেংগালুৰু হোটেলৰ বাহিৰত শ্ল’গান দিছিল য’ত বৈঠকখন হৈছিল।

ইপিনে, কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী আৰু কেবিনেটে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব বুলি এটা সূত্ৰই সদৰী কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস