--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই শেহতীয়াকৈ অতি গোপনে বৃন্দাবনলৈ গৈছে৷ কিন্তু সাংবাদিকৰ চকুৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰিলে৷   শেহতীয়া খবৰ অনুসৰি বৃন্দাবনত মন্দিৰ দৰ্শন কৰিয়েই  নতুন বছৰটো আৰম্ভ কৰিছে'বিৰুষ্কা'ই । 

দম্পতীহালে  বৃন্দাবন ভ্ৰমণত সম্পূৰ্ণ  গোপনীয়তা অৱলম্বন কৰিছে৷ মানুহৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পৰাৰ বাবেই হয়তো তেওঁলোকে তেনে কৰিছে৷সাধাৰণতে তেওঁলোকৰভ্ৰমণত প্ৰায়ে   গোপনীয়তা অৱসম্বন কৰা হয়।তেওঁলোকে  বুধবাৰে বৃন্দাবনৰ দৰে তীৰ্থস্থানত উপস্থিত হৈছিল। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ধৰ্মীয় গুৰু নিম কাৰোলী বাবাৰ আশ্ৰমত দেখা গৈছিল। কাৰোলী বাবাৰ আশীৰ্বাদ লৈয়েই 'বিৰুষ্কা'ই নতুন বছৰ আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ কোনো লোককে সেই সময়ত মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল । জানিব পৰা মতে বিৰাট আৰু অনুষ্কাই প্ৰায় এঘণ্টা আশ্ৰমত কটায়। তেওঁলোকে আশ্ৰমত  ধ্যানো কৰে। ইয়াৰ উপৰি তেওঁলোকে আনন্দময়ী আশ্ৰমো দৰ্শন কৰে৷তেওঁলোকে এতিয়া  মথুৰাৰ এখন বিলাসী হোটেলত আছে বুলি জানিব পৰা গৈছে৷

দৰাচলতে বিৰাট-অনুষ্কা নতুন বছৰ উদযাপন কৰিবলৈ ডুবাইলৈ গৈছিল। তাৰ পৰাই তেওঁলোকে তেওঁলোকৰ অনুৰাগীসকলৰ বাবে  কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল। ডুবাইৰ পৰাই তেওঁলোকে বৃন্দাবনলৈ আহে৷ অনুষ্কাই অলপতে 'চকদাহা এক্সপ্ৰেছ'ৰ দৃশ্যগ্ৰহণ শেষ কৰিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু