--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃশ্চিক! দেখিলেই ভয়ংকৰ এবিধ মকৰাজাতীয় জন্তু। বৃশ্চিকৰ গুণাগুণ অনেক। বহুতো ৰোগতো বৃশ্চিকৰ ব্যৱহাৰ চলি আহিছে। বৃশ্চিকৰ বিহো বহুতো কামত ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ কিছুমান দেশত এই বিহৰ বাবেই বৃশ্চিক পোহা হয়।

কেৱল সেয়াই নহয়। বৃশ্চিক বিহ কোটি কোটি টকাত বিক্ৰীও হয়। ‘ভাইচ এছিয়া’ আলোচনীয়ে প্ৰকাশ কৰিছে এই সন্দৰ্ভত এক প্ৰতিবেদন। সেই প্ৰতিবেদনৰ জৰিয়তে জানিব পৰা গৈছে যে বহু লোক বৃশ্চিকৰ বিহৰ নিচা কৰে।

খবৰ অনুসৰি, ভাৰতীয় মুদ্ৰাত এক লিটাৰ বৃশ্চিকৰ বিহৰ দাম প্ৰায় ৮০ কোটি টকা। আনকি, ১ গ্ৰাম বিহ ভাৰতীয় মুদ্ৰাত ৭ লাখ টকাত বিক্ৰী হয়।

বিশ্বৰ বহু দেশত বৃশ্চিকৰ প্ৰতিপালন কৰা হয়। আফগানিস্তান-পাকিস্তান সীমান্তৰ সমীপৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সকলোতকৈ বেছিকৈ বৃশ্চিকৰ বিহ খাই নিচা কৰা হয়। সেয়ে এইসমূহ ঠাইত বৃশ্চিকৰ প্ৰতিপালনো কৰা হয়।

বৃশ্চিকৰৰ বিহক নিচা হিচাপে পান কৰাৰ বিভিন্ন পদ্ধতি আছে। কিছুমানে বৃশ্চিক ধৰাৰ লগে লগে মাৰি পেলায়। তাৰ পিছত মৰা বৃশ্চিকবোৰ ৰ’দত ভালদৰে শুকুৱাই লোৱা হয়। শুকোৱাৰ পিছত বৃশ্চিকসমূহ গুড়ি কৰি ধঁপাতৰ স’তে মিহলাই নিচা কৰা হয়।

কিছুমানে জীয়াই থকা বৃশ্চিকৰ প্ৰতি আসক্ত। জুইত জীৱন্ত বৃশ্চিক পুৰি তাৰ ধোঁৱাসমূহ পান কৰা হয়।

বৃশ্চিকৰ ঠেঙত বিহ থাকে। সেয়ে বহুতে কেৱল ঠেঙৰ অংশটোহে কিনিব বিচাৰে। ঠেঙৰ অংশটো গুড়ি কৰি ধঁপাত আৰু ভাং মিহলাই একাংশ লোকে নিচা কৰে।

ডেভ মেকড’নাল্ডৰ ‘ড্ৰাগছ ইন আফগানিস্তান: আফিং, আউটল’ছ এণ্ড স্কোৰ্পিয়ন টেলছ’ নামৰ গ্ৰন্থখনে বৃশ্চিকৰ বিহেৰে নিচা কৰাটো অতি ক্ষতিকাৰক বুলি প্ৰকাশ কৰিছে। যিসকলে এই বিহক অবিৰতভাৱে নিচা কৰে, তেওঁলোকৰ মুখ ৰঙা হৈ পৰে।

বৃশ্চিকৰ বিহ এবাৰ নিচা কৰিলে ইয়াৰ প্ৰভাৱ মানুহৰ শৰীৰত ১০ ঘণ্টা ধৰি থাকে। বহুতে কয় যে গাঞ্জাতকৈ বৃশ্চিকৰ বিহ বহুত বেছি শক্তিশালী। এই বিহৰ সোৱাদ গাঞ্জাতকৈ বহুত বেছি মধুৰ। অৱশ্যে বৃশ্চিকৰ বিহ দুৰ্গন্ধযুক্ত।

যদি কোনোবাই এই বিহ অতিমাত্ৰা সেৱন কৰে তেন্তে মৃত্যুৰ আশংকা থাকে। আনকি একাংশ লোক বহুবাৰ নিচা কৰি অচেতন হৈও পৰা দেখা যায়।

কিন্তু বৃশ্চিকৰ বিহ কেৱল মাদক হিচাপে ব্যৱহাৰ কৰাই নহয়। ইয়াক  প্ৰসাধন সামগ্ৰী, এন্টিবায়টিক আৰু বিষনাশক ঔষধতো ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াক কম পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল্যও বেছি হোৱাৰ কাৰণো এইটোৱেই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ