--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃশ্চিক! দেখিলেই ভয়ংকৰ এবিধ মকৰাজাতীয় জন্তু। বৃশ্চিকৰ গুণাগুণ অনেক। বহুতো ৰোগতো বৃশ্চিকৰ ব্যৱহাৰ চলি আহিছে। বৃশ্চিকৰ বিহো বহুতো কামত ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ কিছুমান দেশত এই বিহৰ বাবেই বৃশ্চিক পোহা হয়।

কেৱল সেয়াই নহয়। বৃশ্চিক বিহ কোটি কোটি টকাত বিক্ৰীও হয়। ‘ভাইচ এছিয়া’ আলোচনীয়ে প্ৰকাশ কৰিছে এই সন্দৰ্ভত এক প্ৰতিবেদন। সেই প্ৰতিবেদনৰ জৰিয়তে জানিব পৰা গৈছে যে বহু লোক বৃশ্চিকৰ বিহৰ নিচা কৰে।

খবৰ অনুসৰি, ভাৰতীয় মুদ্ৰাত এক লিটাৰ বৃশ্চিকৰ বিহৰ দাম প্ৰায় ৮০ কোটি টকা। আনকি, ১ গ্ৰাম বিহ ভাৰতীয় মুদ্ৰাত ৭ লাখ টকাত বিক্ৰী হয়।

বিশ্বৰ বহু দেশত বৃশ্চিকৰ প্ৰতিপালন কৰা হয়। আফগানিস্তান-পাকিস্তান সীমান্তৰ সমীপৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত সকলোতকৈ বেছিকৈ বৃশ্চিকৰ বিহ খাই নিচা কৰা হয়। সেয়ে এইসমূহ ঠাইত বৃশ্চিকৰ প্ৰতিপালনো কৰা হয়।

বৃশ্চিকৰৰ বিহক নিচা হিচাপে পান কৰাৰ বিভিন্ন পদ্ধতি আছে। কিছুমানে বৃশ্চিক ধৰাৰ লগে লগে মাৰি পেলায়। তাৰ পিছত মৰা বৃশ্চিকবোৰ ৰ’দত ভালদৰে শুকুৱাই লোৱা হয়। শুকোৱাৰ পিছত বৃশ্চিকসমূহ গুড়ি কৰি ধঁপাতৰ স’তে মিহলাই নিচা কৰা হয়।

কিছুমানে জীয়াই থকা বৃশ্চিকৰ প্ৰতি আসক্ত। জুইত জীৱন্ত বৃশ্চিক পুৰি তাৰ ধোঁৱাসমূহ পান কৰা হয়।

বৃশ্চিকৰ ঠেঙত বিহ থাকে। সেয়ে বহুতে কেৱল ঠেঙৰ অংশটোহে কিনিব বিচাৰে। ঠেঙৰ অংশটো গুড়ি কৰি ধঁপাত আৰু ভাং মিহলাই একাংশ লোকে নিচা কৰে।

ডেভ মেকড’নাল্ডৰ ‘ড্ৰাগছ ইন আফগানিস্তান: আফিং, আউটল’ছ এণ্ড স্কোৰ্পিয়ন টেলছ’ নামৰ গ্ৰন্থখনে বৃশ্চিকৰ বিহেৰে নিচা কৰাটো অতি ক্ষতিকাৰক বুলি প্ৰকাশ কৰিছে। যিসকলে এই বিহক অবিৰতভাৱে নিচা কৰে, তেওঁলোকৰ মুখ ৰঙা হৈ পৰে।

বৃশ্চিকৰ বিহ এবাৰ নিচা কৰিলে ইয়াৰ প্ৰভাৱ মানুহৰ শৰীৰত ১০ ঘণ্টা ধৰি থাকে। বহুতে কয় যে গাঞ্জাতকৈ বৃশ্চিকৰ বিহ বহুত বেছি শক্তিশালী। এই বিহৰ সোৱাদ গাঞ্জাতকৈ বহুত বেছি মধুৰ। অৱশ্যে বৃশ্চিকৰ বিহ দুৰ্গন্ধযুক্ত।

যদি কোনোবাই এই বিহ অতিমাত্ৰা সেৱন কৰে তেন্তে মৃত্যুৰ আশংকা থাকে। আনকি একাংশ লোক বহুবাৰ নিচা কৰি অচেতন হৈও পৰা দেখা যায়।

কিন্তু বৃশ্চিকৰ বিহ কেৱল মাদক হিচাপে ব্যৱহাৰ কৰাই নহয়। ইয়াক  প্ৰসাধন সামগ্ৰী, এন্টিবায়টিক আৰু বিষনাশক ঔষধতো ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াক কম পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল্যও বেছি হোৱাৰ কাৰণো এইটোৱেই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন