--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ডেৰ দশক পূৰ্বেই তেওঁক হত্যা কৰা হৈছিল। কিন্তু এতিয়া দাবী কৰা হৈছে যে শ্ৰীলংকাৰ তামিল উগ্ৰপন্থী সংগঠন এল টি টি ইৰ প্ৰতিষ্ঠাপক ভেলুপিল্লাই প্ৰভাকৰন এতিয়াও জীয়াই আছে। সোমবাৰে তামিলনাডুৰ সংগঠন ‘তামিল জাতীয় আন্দোলন’ৰ নেতা পি নেডুমৰাণে এই দাবী কৰিছে।

শ্ৰীলংকাত পৃথক তামিল ৰাজ্য (ইলাম)ৰ সমৰ্থনত থাঞ্জাভুৰত অনুষ্ঠিত বৈঠকত সোমবাৰে তেওঁ কয় যে ভেলুপিল্লাই প্ৰভাকৰন এতিয়াও জীয়াই আছে। অতি সোনকালেই তেওঁ দেখা দিব।

শ্ৰীলংকা চৰকাৰে দাবী কৰি আহিছে যে ২০০৯ চনৰ ১৮ মে’ত উত্তৰ-পূবৰ মুল্লাইটিভু অঞ্চলত চূড়ান্ত পৰ্যায়ৰ যুদ্ধত প্ৰভাকৰনকে ধৰি এলটিটিইৰ সকলো শীৰ্ষ নেতা নিহত হৈছিল। মুল্লাইটিভুৰ সমীপৰ তামিল উগ্ৰপন্থীৰ শেষ দুৰ্গ মুলিভাইক্কালৰ লেগুনৰ পৰা প্ৰভাকৰনৰ মৃতদেহো উদ্ধাৰ কৰা হয়।

মূলতঃ সেই বছৰৰ আৰম্ভণিতে আৰম্ভ হোৱা শ্ৰীলংকা সেনাৰ অভিযানত ৪০ হাজাৰৰো অধিক সাধাৰণ তামিল নাগৰিক নিহত হৈছিল। সেই যুদ্ধত প্ৰভাকৰণৰ পত্নী, কন্যা আৰু দুজন পুত্ৰৰো মৃত্যু হয়।

পিছত ব্ৰিটিছ টিভি চেনেলত প্ৰকাশিত ভিডিঅ’ ফুটেজ আৰু ছবিৰ পৰা পোহৰলৈ আহিছে যে এলটিটিইৰ মুৰব্বীৰ নাবালক পুত্ৰ বালাচন্দ্ৰনক জীৱিত অৱস্থাত বন্দী কৰাৰ পিছত ৰাষ্ট্ৰপতি মহিন্দ ৰাজাপাকছাৰ সেনাই গুলীয়াই হত্যা কৰিছিল।

শ্ৰীলংকাকে ধৰি বিভিন্ন দেশৰ স্বাধীনতা সমৰ্থক তামিল সংগঠনৰ এটা অংশই অৱশ্যে আৰম্ভণিৰে পৰাই প্ৰভাকৰন জীয়াই আছে বুলি দাবী কৰি আহিছে।

ইয়াৰ পিছত ইণ্টাৰনেটত ভাইৰেল হোৱা এখন ছবিত প্ৰভাকৰনক টিভিৰ সন্মুখত বহি তেওঁৰ মৃত্যুৰ খবৰ চাই থকা দেখা গৈছিল। কিন্তু পিছত গম পোৱা যায় যে ছবিখন ভুৱা।

অৱশ্যে এম ডি এম কে নেতা ৰাজ্যসভাৰ সাংসদ ভাইকোৱে সেই সময়ত দাবী কৰিছিল যে প্ৰভাকৰন জীয়াই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ