--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ডেৰ দশক পূৰ্বেই তেওঁক হত্যা কৰা হৈছিল। কিন্তু এতিয়া দাবী কৰা হৈছে যে শ্ৰীলংকাৰ তামিল উগ্ৰপন্থী সংগঠন এল টি টি ইৰ প্ৰতিষ্ঠাপক ভেলুপিল্লাই প্ৰভাকৰন এতিয়াও জীয়াই আছে। সোমবাৰে তামিলনাডুৰ সংগঠন ‘তামিল জাতীয় আন্দোলন’ৰ নেতা পি নেডুমৰাণে এই দাবী কৰিছে।

শ্ৰীলংকাত পৃথক তামিল ৰাজ্য (ইলাম)ৰ সমৰ্থনত থাঞ্জাভুৰত অনুষ্ঠিত বৈঠকত সোমবাৰে তেওঁ কয় যে ভেলুপিল্লাই প্ৰভাকৰন এতিয়াও জীয়াই আছে। অতি সোনকালেই তেওঁ দেখা দিব।

শ্ৰীলংকা চৰকাৰে দাবী কৰি আহিছে যে ২০০৯ চনৰ ১৮ মে’ত উত্তৰ-পূবৰ মুল্লাইটিভু অঞ্চলত চূড়ান্ত পৰ্যায়ৰ যুদ্ধত প্ৰভাকৰনকে ধৰি এলটিটিইৰ সকলো শীৰ্ষ নেতা নিহত হৈছিল। মুল্লাইটিভুৰ সমীপৰ তামিল উগ্ৰপন্থীৰ শেষ দুৰ্গ মুলিভাইক্কালৰ লেগুনৰ পৰা প্ৰভাকৰনৰ মৃতদেহো উদ্ধাৰ কৰা হয়।

মূলতঃ সেই বছৰৰ আৰম্ভণিতে আৰম্ভ হোৱা শ্ৰীলংকা সেনাৰ অভিযানত ৪০ হাজাৰৰো অধিক সাধাৰণ তামিল নাগৰিক নিহত হৈছিল। সেই যুদ্ধত প্ৰভাকৰণৰ পত্নী, কন্যা আৰু দুজন পুত্ৰৰো মৃত্যু হয়।

পিছত ব্ৰিটিছ টিভি চেনেলত প্ৰকাশিত ভিডিঅ’ ফুটেজ আৰু ছবিৰ পৰা পোহৰলৈ আহিছে যে এলটিটিইৰ মুৰব্বীৰ নাবালক পুত্ৰ বালাচন্দ্ৰনক জীৱিত অৱস্থাত বন্দী কৰাৰ পিছত ৰাষ্ট্ৰপতি মহিন্দ ৰাজাপাকছাৰ সেনাই গুলীয়াই হত্যা কৰিছিল।

শ্ৰীলংকাকে ধৰি বিভিন্ন দেশৰ স্বাধীনতা সমৰ্থক তামিল সংগঠনৰ এটা অংশই অৱশ্যে আৰম্ভণিৰে পৰাই প্ৰভাকৰন জীয়াই আছে বুলি দাবী কৰি আহিছে।

ইয়াৰ পিছত ইণ্টাৰনেটত ভাইৰেল হোৱা এখন ছবিত প্ৰভাকৰনক টিভিৰ সন্মুখত বহি তেওঁৰ মৃত্যুৰ খবৰ চাই থকা দেখা গৈছিল। কিন্তু পিছত গম পোৱা যায় যে ছবিখন ভুৱা।

অৱশ্যে এম ডি এম কে নেতা ৰাজ্যসভাৰ সাংসদ ভাইকোৱে সেই সময়ত দাবী কৰিছিল যে প্ৰভাকৰন জীয়াই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ