ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষ পদক্ষেপসমূহ হৈছে-
১. আয়ুষ্মান ভাৰত: আয়ুষ্মান ভাৰত দুটা উপাদানেৰে গঠিত:
ক. আয়ুষ্মান আৰোগ্য মন্দিৰ
প্ৰথম উপাদানটো হৈছে ১,৫০,০০০ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ (এবি-এইচডব্লিউচি) সৃষ্টি কৰা, যাক এতিয়া আয়ুষ্মান আৰোগ্য মন্দিৰ বুলি নামাকৰণ কৰা হৈছে। নগৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ উপ স্বাস্থ্য কেন্দ্ৰ (এছএইচচি) আৰু গ্ৰাম্য তথা নগৰীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইচচি) উন্নীত কৰি সমাজৰসকলোকে স্বাস্থ্য সেৱা উপলব্ধ কৰোৱাই ইয়াৰ প্ৰধান লক্ষ্য। এই কেন্দ্ৰবোৰৰ লক্ষ্য হৈছে সম্প্ৰসাৰণৰ জড়িয়তে সামগ্ৰিক প্ৰাথমিক স্বাস্থ্য সেৱা (চিপিএইচচি) প্ৰদান কৰা আৰু বিদ্যমান প্ৰজনন তথা শিশু স্বাস্থ্য (আৰচিএইচ) আৰু সংক্ৰামক ৰোগ সম্পৰ্কীয় সেৱাবোৰ শক্তিশালী কৰা । অসংক্ৰামক ৰোগ (সাধাৰণ এনচিডি যেনে উচ্চ ৰক্তচাপ, মধুমেহ আৰু মৌখিক, স্তন আৰু গ্ৰীৱাৰ তিনিটা সাধাৰণ কৰ্কট ৰোগ) সম্পৰ্কীয় সেৱা অন্তৰ্ভুক্ত কৰি তথা মানসিক স্বাস্থ্য, ইএনটি, চকুৰ ৰোগ, জেৰিয়াট্ৰিক আৰু উপশমকাৰী যত্ন তথা ট্ৰমা যত্নৰ দৰে স্বাস্থ্য সেৱাৰ কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে। কেইখনমান ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে পৰ্যায়ক্ৰমে এই অতিৰিক্ত পেকেজবোৰ আৰম্ভ কৰিছে।
আয়ুষ্মান আৰোগ্য মন্দিৰৰ জৰিয়তে সামগ্ৰিক প্ৰাথমিক স্বাস্থ্য সেৱা (চিপিএইচচি)পৰদান কৰা হৈছে। আয়ুষ্মান ভাৰতৰ লক্ষ্য হৈছে স্বাস্থ্যৰ যত্নৰ ধাৰাবাহিক পদ্ধতি গ্ৰহণ কৰি প্ৰাথমিক, গৌণ আৰু তৃতীয় স্তৰত স্বাস্থ্য (প্ৰতিৰোধমূলক, আৰোগ্যমূলক, পুনৰ্সংস্থাপন আৰু উপশমকাৰী যত্ন আদি)ৰ নানানা সমস্যা সামগ্ৰিকভাৱে সমাধান কৰা। এজন ব্যক্তিৰ জীৱনকালত প্ৰাথমিক স্বাস্থ্য সেৱাবোৰে উন্নত স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা ৮০-৯০% পূৰণ কৰে ।
ৰোগ নিৰ্ণয়ৰ বাবে আগতীয়াকৈ চিনাক্ত কৰণ আৰু সময়মতে উচ্চ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বাবে সংক্ৰামক ৰোগ আৰু অসংক্ৰামক ৰোগৰ বাবে পৰীক্ষা কৰা হয়। এই ব্যৱস্থাই ৰোগীসকলক চিকিৎসা ব্যৱস্থাৰ সুবিধা লাভ আৰু প্ৰকৃত যত্ন প্ৰদান কৰাত সহায় কৰে। অত্যাৱশ্যকীয় স্বাস্থ্য সেৱাৰ লগতে অত্যাৱশ্যকীয় ঔষধ তথা ৰোগ নিৰ্ণয়ৰ ব্যৱস্থা এই কেন্দ্ৰবোৰৰ জৰিয়তে প্ৰদান কৰা হয়।
খ) আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী-জেএৱাই:
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী - জন আৰোগ্য যোজনা (এবি পিএম-জেএৱাই) হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰাজহুৱা পুঁজিৰে পৰিচালিত স্বাস্থ্য নিশ্চয়তা আঁচনি, যি মাধ্যমিক আৰু তৃতীয় স্তৰৰ যত্ন , চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে প্ৰতি বছৰে প্ৰতি পৰিয়ালৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰে। বৰ্তমান ১২ কোটি পৰিয়ালৰ সৈতে সম্পৰ্কিত ৫৫ কোটি লোকে এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। এ.বি. পি.এম.-জে.এ.ৱাই. কাৰ্যকৰী কৰা বহুতো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এই আঁচনি ৰূপায়ণ কৰিছে। ২০ ডিচেম্বৰ ২০২৩ তাৰিখলৈকে আঁচনিখনৰ আৰম্ভণিৰে পৰা প্ৰায় ২৮.৪৫ কোটি আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে, যাৰ ভিতৰত, চলিত বৰ্ষ (জানুৱাৰী-ডিচেম্বৰ ২০২৩ )ত প্ৰায় ৯.৩৮ কোটি আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে। আঁচনিখনৰ অধীনত মুঠ ৬.১১ কোটি লোকক চিকিৎসালয়ত ভৰ্তি হোৱাৰ অনুমোদন দিয়া হৈছে।
আঁচনিৰ হিতাধিকাৰীসকলক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে এবি পিএম-জেএৱাইৰ অধীনত ১১,৮১৩ খন ব্যক্তিগত চিকিৎসালয়কে ধৰি মুঠ ২৬,৯০১ খন চিকিৎসালয় তালিকাভুক্ত কৰা হৈছে। এ.বি. পি.এম.-জে.এ.ৱাই.-য়ে স্বাস্থ্যসেৱাত লিংগ সমতা নিশ্চিত কৰিছে। সৃষ্টি কৰা মুঠ আয়ুষ্মান কাৰ্ডৰ প্ৰায় ৪৯ % মহিলা হিতাধিকাৰী। গাওঁ পৰ্যায়ত বিভিন্ন স্বাস্থ্যসেৱা আঁচনিৰ সংপৃক্ততা নিশ্চিত কৰাৰ বাবে এম.ও.এইচ.এফ.ডব্লিউ.-ৰ দ্বাৰা আয়ুষ্মান ভৱ উদ্যোগ আৰম্ভ কৰা হৈছে। এই পদক্ষেপ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুয়ে ১৩ ছেপ্টেম্বৰ ২০২৩ তাৰিখে আৰম্ভ কৰিছিল। এই পদক্ষেপত 'আপকে দ্বাৰ আয়ুষ্মান ৩.০', 'আয়ুষ্মান সভা', 'আয়ুষ্মান মেলা' অনুষ্ঠিত কৰা হৈছে। এন.এইচ.এ.-য়ে আয়ুষ্মান ভৱ অভিযানৰ অংশ হিচাপে ১৭ ছেপ্টেম্বৰ ২০২৩ তাৰিখে 'আপকে দ্বাৰ আয়ুষ্মান' (এ.ডি.এ. ৩.০) অভিযান আৰম্ভ কৰিছিল।
এটা এণ্ড্ৰইড আধাৰিত 'আয়ুষ্মান এপ' আৰম্ভ কৰা হৈছিল। এপ্পটো শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি বিকশিত কৰা হৈছে আৰু ইয়াত আয়ুষ্মান কাৰ্ড সৃষ্টিৰ বাবে প্ৰমাণীকৰণৰ বিভিন্ন পদ্ধতি অৰ্থাৎ ফেচ-অথ, অ'টিপি, আইআৰআইএছ আৰু আঙুলিৰ ছাপ প্ৰদানৰ সুবিধা ৰখা হৈছে। ইয়াক যিকোনো মোবাইল ফোনত আয়ুষ্মান কাৰ্ড সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ফলস্বৰূপে, ২০ ডিচেম্বৰ ২০২৩ তাৰিখলৈকে আয়ুষ্মান ভৱ অভিযানৰ সময়ত আয়ুষ্মান কাৰ্ড সৃষ্টিৰ বাবে প্ৰায় ৩,৮৫ কোটি প্ৰমাণীকৰণ কৰা হৈছে। ২০২৩ চনৰ ১৫ নৱেম্বৰত মাননীয় প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই) আৰম্ভ কৰিছে৷ এই যাত্ৰাৰ উদ্দেশ্য হৈছে চৰকাৰৰ উন্নয়ননীতি আৰু আঁচনিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, যোগ্য লোকসকলক আঁচনিখনৰ লাভালাভ প্ৰদান কৰা আৰু বিশ্বাস তথা সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলা৷ যাত্ৰাৰ সময়ত আগবঢ়োৱা ঠাইতে আগবঢ়োৱা সেৱাৰ মাধ্যমেৰে আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে। ২০ ডিচেম্বৰ ২০২৩ তাৰিখলৈকে মুঠ ৯৬.০৩ লাখ আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে।
আয়ুষ্মান আৰোগ্য মন্দিৰত সেৱা প্ৰদান:
আৰোগ্য মন্দিৰ পৰ্টেলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য সন্নিবিষ্ট কৰা হৈছে। তথ্য অনুসৰি ১৫ ডিচেম্বৰ লৈকে ১,৬৩,৪০২ আয়ুষ্মান আৰোগ্য মন্দিৰ কাৰ্যকৰী কৰা হৈছে। উচ্চ ৰক্তচাপৰ বাবে ৫৫.৬৬ কোটি লোকৰ স্ক্ৰীণিং কৰা হৈছে আৰু ডায়েবেটিচৰ বাবে ৪৮.৪৪ কোটি লোকৰ স্ক্ৰীণিং কৰা হৈছে। একেদৰে আয়ুষ্মান আৰোগ্য মন্দিৰে মুখৰ কৰ্কট ৰোগৰ বাবে ৩২.৮০ কোটি স্ক্ৰীণিং, মহিলাৰ গ্ৰীৱাৰ কৰ্কটৰোগৰ বাবে ১৪.৯০ কোটি লোকৰ স্ক্ৰীণিং তথা মহিলাৰ স্তন কৰ্কট ৰোগৰ বাবে ১০.০৪ ৰো অধিক স্ক্ৰীণিং কৰিছে। লগতে, ১৫ ডিচেম্বৰ ২০২৩ তাৰিখলৈকে, কাৰ্যকৰী আয়ুষ্মান আৰোগ্য মন্দিৰত মুঠ ২.৮০ কোটি যোগ/সুস্থতা অধিৱেশন অনুষ্ঠিত কৰা হৈছে। গ্ৰাম্য অঞ্চলত বাস কৰা ৰোগীক মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যৰে আয়ুষ্মান আৰোগ্য মন্দিৰত টেলি-পৰামৰ্শৰ সুবিধা ৰখা হৈছে। এতিয়ালৈকে মুঠ ১৭ কোটিতকৈও অধিক টেলি-পৰামৰ্শ প্ৰদান কৰা হৈছে।
বিকশিত ভাৰত সংকল্প যাত্ৰা
ভাৰতবৰ্ষ হৈছে এনে এখন দেশ যিখন দেশৰ গ্ৰাম্য আৰু নগৰ অঞ্চলত ১.৪ বিলিয়ন জনসংখ্যাৰ নিৰন্তৰ অগ্ৰগতি আৰু বৃদ্ধি হৈ আছে। ২০১৪ চনৰ পৰা ভাৰত চৰকাৰে উন্নয়নৰ এক আৰ্হিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈছে, যিয়ে নিশ্চিত কৰে যে কোনেও পিছ পৰি নাথাকে, "সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস" নীতিৰে আগবাঢ়ি যোৱা হৈছে। যোৱা ৯ বছৰৰ সাফল্য উদযাপন কৰিবলৈ, বিভিন্ন আঁচনিৰ বিভিন্ন ক্ষেত্ৰত, চৰকাৰে "বিকশিত ভাৰত সংকল্প যাত্ৰা" নামৰ এক দেশব্যাপী সজাগতা অভিযান চলাই আছে। যাত্ৰাৰ মুখ্য উদ্দেশ্যবোৰৰ ভিতৰত আছে আওহতীয়া ঠাইত বাস কৰা লোকসকলৰ ওচৰলৈ যোৱা, সমগ্ৰ দেশ ভ্ৰমণ কৰা ভ্ৰাম্যমাণ ভানৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ বিষয়ে প্ৰচাৰ কৰা, বিভিন্ন আঁচনিৰ অধীনত সাম্ভাব্য হিতাধিকাৰীৰ নামভৰ্তি আৰু ব্যক্তিগত অভিজ্ঞতা আদিৰ বিনিময় কৰা।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যাত্ৰাৰ সময়ত প্ৰদৰ্শন কৰা আঁচনি/কাৰ্যসূচী যেনে আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, জনজাতীয় এলেকাত চিকল চেল ৰক্তহীনতা নিৰ্মূল মিছনৰ আদিৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। ৩০ নৱেম্বৰ, ২০২৩ লৈকে ১২,৭৭৪ খন গাঁও পঞ্চায়ত সম্পৰ্কীয় তথ্য লাভ কৰা হৈছে আৰু মুঠ ১৮,২৪,৫৮২ গৰাকীৰো অধিক লোকক ইয়াত সমৰি লোৱা হৈছে। ১৮,০৫,০৬৯ আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে আৰু ৩,২০,৮৭২ আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হৈছে। ৫,৯১,৪৯১ গৰাকী লোকৰ যক্ষ্মা ৰোগৰ পৰীক্ষা কৰা হৈছে, যাৰ ভিতৰত ৪৭,১৮৯ জনৰো অধিক লোকক উচ্চতৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। চিকল চেল ৰোগৰ বাবে ৮৮,০৪১ গৰাকী লোকৰ পৰীক্ষা কৰা হৈছে, যাৰ ভিতৰত ৩,৯৯৫ গৰাকী লোকৰ পৰীক্ষাৰ ফলাফল ইতিবাচক বুলি পোৱা গৈছে। তেওঁলোকক উচ্চতৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। প্ৰায় ৬,৯৯,৩০৮ গৰাকী লোকৰ উচ্চ ৰক্তচাপৰ বাবে পৰীক্ষা কৰা হৈথে আৰু ৬,৫২, ১০১ গৰাকী লোকৰ ডায়েবেটিচৰ পৰীক্ষা কৰা হৈছে ।
ৰাষ্ট্ৰীয় কোভিড-১৯ টিকাকৰণ কাৰ্যসূচী
২০২১ চনৰ ১৬ জানুৱাৰীত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কোভিড-১৯ টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। দেশত কোভিড টিকাকৰণ প্ৰথমে স্বাস্থ্য সেৱা কৰ্মীৰে আৰম্ভ হৈছিল আৰু তাৰ পিছত ফ্ৰণ্ট লাইন কৰ্মী, ৬০ বছৰ বয়সৰ জনসংখ্যা আদিক সামৰি লোৱা হৈছিল। পৰৱৰ্তী সময়ত ১২ বছৰ বা ততোধিক বয়সৰ জনসংখ্যাক সামৰি ল'বলৈ এই আঁচনি সম্প্ৰসাৰিত কৰা হৈছিল।সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত ভেকছিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।