--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কৌন বনেগা কৰোড়পতি ১৫’ৰ শেষৰ খণ্ডটোৰ শ্বুটিং কৰি আৱেগিক হৈ পৰে অমিতাভ বচ্চন। ছীজনৰ শেষৰ খণ্ডটো সামৰি লোৱাৰ পূৰ্বে 'শুভৰাত্ৰি' বুলি কোৱাৰ লগে লগে কিংবদন্তি ছুপাৰষ্টাৰগৰাকীয়ে চকুলো টোকে।উল্লেখ্য যে, বিগ বিয়ে ছিজনৰ শেষৰ খণ্ডটোৰ কথা কৈছিল নে শ্ব’টোৰ পৰা অৱসৰৰ কথা কৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অমিতাভ বচ্চনে ‘কৌন বনেগা কৰোড়পতি’ৰ শেষৰ খণ্ডটোৰ বাবে শ্বুটিং কৰিছিল। চ’নীলিভে পোষ্ট কৰা এটা প্ৰ’ম’ত ১৫ সংখ্যক ছিজনৰ শেষৰ খণ্ডটো সামৰি বিগ বিয়ে কয়, “কাইলৈৰ পৰা আমি আৰু উভতি নাহো।” ছিজনৰ শেষৰ খণ্ডটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল- যেনে শৰ্মিলা ঠাকুৰ, বিদ্যা বালন, আৰু ছাৰা আলী খান।

প্ৰ’মোটো দেখি অনুৰাগীসকল আচৰিত হৈ পৰিছিল। অনুৰাগীৰ একাংশই হৃদয়বিদাৰক বুলি উল্লেখ কৰি ‘এটা যুগৰ অন্ত’ বুলি অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে উল্লেখ কৰে যে তেওঁলোকে অহা বছৰ একেবাৰে নতুন ছিজনৰ বাবে অপেক্ষা কৰি আছে।

'কৌন বনেগা কৰোড়পতি' (KBC) আছিল ব্ৰিটিছ অনুষ্ঠান 'কোন কোটিপতি হ'ব বিচাৰে'ৰ আধাৰত নিৰ্মিত ভাৰতীয় টেলিভিছন গেম শ্ব'। ২০০০ চনত ভাৰতত প্ৰথম প্ৰচাৰ হোৱা এই অনুষ্ঠানটো ভাৰতীয় টেলিভিছনৰ অন্যতম জনপ্ৰিয় আৰু চিৰস্থায়ী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক