--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কৌন বনেগা কৰোড়পতি ১৫’ৰ শেষৰ খণ্ডটোৰ শ্বুটিং কৰি আৱেগিক হৈ পৰে অমিতাভ বচ্চন। ছীজনৰ শেষৰ খণ্ডটো সামৰি লোৱাৰ পূৰ্বে 'শুভৰাত্ৰি' বুলি কোৱাৰ লগে লগে কিংবদন্তি ছুপাৰষ্টাৰগৰাকীয়ে চকুলো টোকে।উল্লেখ্য যে, বিগ বিয়ে ছিজনৰ শেষৰ খণ্ডটোৰ কথা কৈছিল নে শ্ব’টোৰ পৰা অৱসৰৰ কথা কৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অমিতাভ বচ্চনে ‘কৌন বনেগা কৰোড়পতি’ৰ শেষৰ খণ্ডটোৰ বাবে শ্বুটিং কৰিছিল। চ’নীলিভে পোষ্ট কৰা এটা প্ৰ’ম’ত ১৫ সংখ্যক ছিজনৰ শেষৰ খণ্ডটো সামৰি বিগ বিয়ে কয়, “কাইলৈৰ পৰা আমি আৰু উভতি নাহো।” ছিজনৰ শেষৰ খণ্ডটোত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল- যেনে শৰ্মিলা ঠাকুৰ, বিদ্যা বালন, আৰু ছাৰা আলী খান।

প্ৰ’মোটো দেখি অনুৰাগীসকল আচৰিত হৈ পৰিছিল। অনুৰাগীৰ একাংশই হৃদয়বিদাৰক বুলি উল্লেখ কৰি ‘এটা যুগৰ অন্ত’ বুলি অভিহিত কৰাৰ বিপৰীতে আন কিছুমানে উল্লেখ কৰে যে তেওঁলোকে অহা বছৰ একেবাৰে নতুন ছিজনৰ বাবে অপেক্ষা কৰি আছে।

'কৌন বনেগা কৰোড়পতি' (KBC) আছিল ব্ৰিটিছ অনুষ্ঠান 'কোন কোটিপতি হ'ব বিচাৰে'ৰ আধাৰত নিৰ্মিত ভাৰতীয় টেলিভিছন গেম শ্ব'। ২০০০ চনত ভাৰতত প্ৰথম প্ৰচাৰ হোৱা এই অনুষ্ঠানটো ভাৰতীয় টেলিভিছনৰ অন্যতম জনপ্ৰিয় আৰু চিৰস্থায়ী অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু