--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৮১.৩৫  কোটি লোকে পাঁচ বছৰৰ বাবে  বিনামূলীয়াকৈ লাভ কৰিব  খাদ্যশস্য৷ অহা বছৰৰ ১ জানুৱাৰীৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা৷ ফলত দেশৰ এক গৰিষ্ঠসংখ্যক লোকে বিনামূলীয়াকৈ খাদ্যশস্য লাভ কৰি দৰিদ্ৰতা নিবাৰণৰ যুঁজ খনক অধিক শক্তিশালী কৰি তুলিব পাৰিব৷ ২০২৩  চনত ভাৰতৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে এনে ধৰণৰ বহু কেইটা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ দপ্তৰটোৱে গ্ৰহণ কৰা কেইটামান বিশেষ পদক্ষেপ হৈছে এনেধৰণৰ- 

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেএ):

দেশত কোভিড ১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত দৰিদ্ৰ  লোকসকলে সন্মুখীন হোৱা অৰ্থনৈতিক ক্ষতি পূৰণ কৰাৰ  উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন  যোজনা (পিএমজিকেৱাই) আৰম্ভ কৰা হৈছিল। কোভিডে সৃষ্টি কৰা  সংকটৰ প্ৰতি লক্ষ্য ৰাখি পি.এম.জি.কে.এ.ৱাই.-ৰ অধীনত বিনামূলীয়া খাদ্যশস্যৰ নিয়মীয়া আৱণ্টনৰ ব্যৱস্থা কৰা হৈছে। পৰিকল্পিত বিত্তীয় ব্যয়ৰ সৈতে ২৮ মাহৰ বাবে পিএমজিকেএৱাই (প্ৰথম পৰ্যায়ৰ) অধীনত মুঠ ১১১৮ লাখ মেট্ৰিক টন খাদ্যশস্য আৱণ্টন কৰা হৈছিল আৰু মুঠ পৰিকল্পিত বিত্তীয় ব্যয় আছিল প্ৰায় ৩.৯১  লাখ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ হিতাধিকাৰীসকলৰ বিত্তীয় বোজা পাতলাবলৈ এনএফএছএ হিতাধিকাৰীসকলক অৰ্থাৎ এ.এ.ৱাই. পৰিয়াল আৰু পি.এইচ.এইচ. হিতাধিকাৰীসকলক বিনামূলীয়াকৈ খাদ্যশস্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল, আৰম্ভণিতে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ (পিএমকেএ) অধীনত ১ জানুৱাৰী ২০২৩  তাৰিখৰ পৰা আৰম্ভ কৰি এবছৰৰ বাবে। 

ভাৰত আটাৰ বিক্ৰীঃঘেঁহু আৰু আটাৰ মূল্য হ্ৰাস  কৰিবলৈ আৰু সাধাৰণ গ্ৰাহকসকলক সুলভ দৰত আটাৰ যোগান ধৰিবলৈ   কেন্দ্ৰীয় ভাণ্ডাৰ, ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (এনচিচিএফ) আৰু ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (নাফেড)ৰ দৰে অৰ্ধ-চৰকাৰী আৰু সমবায় সংগঠনৰ বাবে ২.৫  লাখ মেট্ৰিক টন ঘেঁহু প্ৰতি কিলোগ্ৰামত ২১.৫০ টকা দৰত আৱণ্টন কৰা হৈছে৷ সেই ঘেঁহুৰ পৰা প্ৰস্তুত কৰা 'ভাৰত আটা' ব্ৰেণ্ডৰ  আটা  খুচুৰা মূল্য  প্ৰতি কিলোগ্ৰামত  ২৭.৫০ টকাত যোগান ধৰা হৈছে৷  আঁচনিখনৰ অধীনত আৱণ্টন কৰা ঘেঁহুৰ পৰিমাণ আৰু ৪ লাখ মেট্ৰিক টনলৈ  বৃদ্ধি কৰা হৈছে।

এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড :

২০১৯ চনৰ আগষ্ট মাহত  মাত্ৰ ৪ খন ৰাজ্যত  আৰম্ভ কৰা  এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি এতিয়া দেশৰ ৩৬  খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৮০  কোটি এনএফএছএ হিতাধিকাৰী, অৰ্থাৎ দেশৰ প্ৰায় ১০০% এনএফএছএ জনসংখ্যাক সামৰি ল’ব পৰা হৈছে৷  ছত্তীশগড়  আৰু অসমে  ক্ৰমান্বয়ে ফেব্ৰুৱাৰী ২০২২ আৰু জুন ২০২২ত এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি আৰম্ভ কৰে৷  

সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এন.এফ.এছ.এ.-ৰ অধীনত ১০০% ডিজিটাইজড ৰেচন কাৰ্ড/হিতাধিকাৰীৰ তথ্য সংৰক্ষণ কৰা হৈছে। প্ৰায়  প্ৰায় ২০.০৬  কোটি ৰেচন কাৰ্ডৰ বিৱৰণ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বচ্ছতা পৰ্টেলত উপলব্ধ হৈছে। ৯৯.৮% তকৈ অধিক  ৰেচন কাৰ্ডৰ আধাৰ সংযোজনকৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement