--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কোভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ বয়সস্থ লোকসকলৰ বাবে কোভিডে নতুন বিপদ কঢ়িয়াই আনিছে৷ প্ৰায় ডেৰ বছৰৰ পিছত কৰোনা ভাইৰাছে দেশত নতুন উদ্বেগ বৃদ্ধি  কৰিবলৈ আৰম্ভ কৰিছে। কৰোনাৰ জেএন.১ ৰ নতুন প্ৰকাৰে দেশৰ বহু লোকক আক্ৰান্ত কৰিছে৷  কানতুন কৰোনা প্ৰজাতিয়ে  বিভিন্ন ৰাজ্যত উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা ২৪  ঘণ্টাত দেশত এই মাৰাত্মক ভাইৰাছত আক্ৰা্ত হৈ ৭ জন লোকৰ মৃত্যু হৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত কৰোনা ৰোগীৰ সংখ্যা ৭৪৩ লৈ বৃদ্ধি পাইছে। এই সংখ্যাটো আগৰ দিনতটোকৈ অলপ কম। আগদিনা প্ৰায় ৮০০ জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। নতুন উপ-প্ৰকাৰ জে.এন.১  সমগ্ৰ দেশৰ ১৬০ জনৰো অধিক ৰোগীৰ দেহত  পোৱা গৈছে। কেৱল ডিচেম্বৰ মাহতে এই নতুন প্ৰজাতিত আক্ৰান্ত লোকৰ সংখ্যা ১৪৩ গৰাকী হৈছে৷ 

এতিয়ালৈকে দেশৰ কৰোনাত ৫ লাখ ১৮ হাজাৰ ৪৬ জন লোকৰ মৃত্যু হৈছে। সক্ৰিয় ৰোগীৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে। বৰ্তমান, দেশৰ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪,০৯১ গৰাকী৷ 

স্বাভাৱিকতে, কৰোনাৰ এই সংখ্যাই জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। কিন্তু চৰকাৰ এইবাৰ সতৰ্ক হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে ইতিমধ্যে সকলো ৰাজ্যৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছে। কৰোনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলক বিশেষভাৱে সাৱধান হ'বলৈ পৰামৰ্শ  দিয়া হৈছে। অৱশ্যে, কেন্দ্ৰই কৈছে যে এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কৈছে যে এই নতুন উপ-প্ৰকাৰটো আগৰ দৰে বিপজ্জনক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু