--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কোভিডে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ বয়সস্থ লোকসকলৰ বাবে কোভিডে নতুন বিপদ কঢ়িয়াই আনিছে৷ প্ৰায় ডেৰ বছৰৰ পিছত কৰোনা ভাইৰাছে দেশত নতুন উদ্বেগ বৃদ্ধি  কৰিবলৈ আৰম্ভ কৰিছে। কৰোনাৰ জেএন.১ ৰ নতুন প্ৰকাৰে দেশৰ বহু লোকক আক্ৰান্ত কৰিছে৷  কানতুন কৰোনা প্ৰজাতিয়ে  বিভিন্ন ৰাজ্যত উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা ২৪  ঘণ্টাত দেশত এই মাৰাত্মক ভাইৰাছত আক্ৰা্ত হৈ ৭ জন লোকৰ মৃত্যু হৈছে।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা বুলেটিন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত কৰোনা ৰোগীৰ সংখ্যা ৭৪৩ লৈ বৃদ্ধি পাইছে। এই সংখ্যাটো আগৰ দিনতটোকৈ অলপ কম। আগদিনা প্ৰায় ৮০০ জন লোক কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। নতুন উপ-প্ৰকাৰ জে.এন.১  সমগ্ৰ দেশৰ ১৬০ জনৰো অধিক ৰোগীৰ দেহত  পোৱা গৈছে। কেৱল ডিচেম্বৰ মাহতে এই নতুন প্ৰজাতিত আক্ৰান্ত লোকৰ সংখ্যা ১৪৩ গৰাকী হৈছে৷ 

এতিয়ালৈকে দেশৰ কৰোনাত ৫ লাখ ১৮ হাজাৰ ৪৬ জন লোকৰ মৃত্যু হৈছে। সক্ৰিয় ৰোগীৰ সংখ্যাও বাঢ়িবলৈ আৰম্ভ কৰিছে। বৰ্তমান, দেশৰ চিকিৎসালয়ত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪,০৯১ গৰাকী৷ 

স্বাভাৱিকতে, কৰোনাৰ এই সংখ্যাই জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। কিন্তু চৰকাৰ এইবাৰ সতৰ্ক হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে ইতিমধ্যে সকলো ৰাজ্যৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিছে। কৰোনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। জ্যেষ্ঠ নাগৰিকসকলক বিশেষভাৱে সাৱধান হ'বলৈ পৰামৰ্শ  দিয়া হৈছে। অৱশ্যে, কেন্দ্ৰই কৈছে যে এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কৈছে যে এই নতুন উপ-প্ৰকাৰটো আগৰ দৰে বিপজ্জনক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক