--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ষাপাৰা ষ্টেডিয়ামত এটা নতুন দৃশ্যৰ সাক্ষী হৈ ৰ’ল দৰ্শকসকল৷ প্ৰথম ইনিংছত পঞ্জাৱ কিংছ ইলেভেনে ১৯৭ ৰাণ সংগ্ৰহ কৰে৷ ইয়াৰ মূলতে আছিল পাঞ্জাৱ অপেনিং যুটীদ্বয়ৰ দুৰ্দান্ত বেটিং৷

১৯৮ ৰাণৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰে ৰাজস্থান ৰয়েলছে৷ সাধাৰণতে ৰাজস্থানৰ হৈ জ’ছ বাটলাৰ আৰু য়শস্বী জয়ছোৱাল অপেনিং বেটাৰ হিচাপে নামে৷ কিন্তু বৰ্ষাপাৰাত বাটলাৰৰ পৰিৱৰ্তে জয়ছোৱালৰ স’তে অপেনিং কৰিবলৈ নামিল ৰবীচন্দ্ৰন অশ্বিন!

এগৰাকী সোঁহতীয়া অফ স্পিনাৰ হিচাপে বিশ্বজুৰি বন্দিত অশ্বিন৷ ভাৰতৰ হৈ কেইবাবাৰো দূৰ্দান্ত প্ৰদৰ্শন আৰু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে তামিলনাডুৰ স্পিনাৰগৰাকী৷ বলিঙৰ সমান্তৰালভাৱে বেটিঙতো তেওঁ নিৰ্ভৰযোগ্য খেলুৱৈ৷ কিন্তু তেওঁ টি২০ মেচ অপেনিং কৰিবলৈ অহা কোনেও ইয়াৰ আগতে দেখা নাছিল৷

কিয় তেওঁক পঠোৱা হ’ল সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু ৩৬ বছৰীয়া অশ্বিনৰ অপেনিং বেটাৰ হিচাপে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতা আছে৷

জানিব পৰা মতে, ক্ৰিকেট জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত ৬ ফুট ২ ইঞ্চিৰ তাৰকাগৰাকীয়ে অপেনিং বেটাৰ হিচাপে খেলিছিল৷ তদুপৰি তেওঁ মিডিয়াম পেচাৰ বলাৰো আছিল৷ কিন্তু তেওঁৰ শৈশৱৰ প্ৰশিক্ষক চি কে বিজয়ে তেওঁক এগৰাকী অপ স্পিনাৰ হিচাপে গঢ়ি তোলে৷ তাৰপাছৰখিনি সকলোৱে জানে৷ এতিয়া তেওঁ বিশ্বৰ ভিতৰতে অন্যতম আগশাৰীৰ স্পিনাৰ৷

যিহেতু ক্ৰিকেট জীৱনৰ আৰম্ভণিতে অপেনিং বেটাৰ হিচাপে তেওঁ খেলিছিল, সেয়ে বৰ্ষাপাৰাতো তেওঁক এই ভূমিকাত অৱতীৰ্ণ হ’বলৈ পঠোৱা হ’ল৷ অৱশ্যে সফল নহ’ল তেওঁ৷ চাৰিটা বল খেলি কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় তেওঁ৷ অশ্বিনৰ উইকেটটো লাভ কৰে অৰ্শদীপ সিঙে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু