--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্ষাপাৰা ষ্টেডিয়ামত এটা নতুন দৃশ্যৰ সাক্ষী হৈ ৰ’ল দৰ্শকসকল৷ প্ৰথম ইনিংছত পঞ্জাৱ কিংছ ইলেভেনে ১৯৭ ৰাণ সংগ্ৰহ কৰে৷ ইয়াৰ মূলতে আছিল পাঞ্জাৱ অপেনিং যুটীদ্বয়ৰ দুৰ্দান্ত বেটিং৷

১৯৮ ৰাণৰ লক্ষ্য লৈ দ্বিতীয় ইনিংছ আৰম্ভ কৰে ৰাজস্থান ৰয়েলছে৷ সাধাৰণতে ৰাজস্থানৰ হৈ জ’ছ বাটলাৰ আৰু য়শস্বী জয়ছোৱাল অপেনিং বেটাৰ হিচাপে নামে৷ কিন্তু বৰ্ষাপাৰাত বাটলাৰৰ পৰিৱৰ্তে জয়ছোৱালৰ স’তে অপেনিং কৰিবলৈ নামিল ৰবীচন্দ্ৰন অশ্বিন!

এগৰাকী সোঁহতীয়া অফ স্পিনাৰ হিচাপে বিশ্বজুৰি বন্দিত অশ্বিন৷ ভাৰতৰ হৈ কেইবাবাৰো দূৰ্দান্ত প্ৰদৰ্শন আৰু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে তামিলনাডুৰ স্পিনাৰগৰাকী৷ বলিঙৰ সমান্তৰালভাৱে বেটিঙতো তেওঁ নিৰ্ভৰযোগ্য খেলুৱৈ৷ কিন্তু তেওঁ টি২০ মেচ অপেনিং কৰিবলৈ অহা কোনেও ইয়াৰ আগতে দেখা নাছিল৷

কিয় তেওঁক পঠোৱা হ’ল সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু ৩৬ বছৰীয়া অশ্বিনৰ অপেনিং বেটাৰ হিচাপে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতা আছে৷

জানিব পৰা মতে, ক্ৰিকেট জীৱনৰ আৰম্ভণিৰ সময়ছোৱাত ৬ ফুট ২ ইঞ্চিৰ তাৰকাগৰাকীয়ে অপেনিং বেটাৰ হিচাপে খেলিছিল৷ তদুপৰি তেওঁ মিডিয়াম পেচাৰ বলাৰো আছিল৷ কিন্তু তেওঁৰ শৈশৱৰ প্ৰশিক্ষক চি কে বিজয়ে তেওঁক এগৰাকী অপ স্পিনাৰ হিচাপে গঢ়ি তোলে৷ তাৰপাছৰখিনি সকলোৱে জানে৷ এতিয়া তেওঁ বিশ্বৰ ভিতৰতে অন্যতম আগশাৰীৰ স্পিনাৰ৷

যিহেতু ক্ৰিকেট জীৱনৰ আৰম্ভণিতে অপেনিং বেটাৰ হিচাপে তেওঁ খেলিছিল, সেয়ে বৰ্ষাপাৰাতো তেওঁক এই ভূমিকাত অৱতীৰ্ণ হ’বলৈ পঠোৱা হ’ল৷ অৱশ্যে সফল নহ’ল তেওঁ৷ চাৰিটা বল খেলি কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় তেওঁ৷ অশ্বিনৰ উইকেটটো লাভ কৰে অৰ্শদীপ সিঙে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে