--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ টা বছৰ পাৰ হৈ গ’ল। এতিয়াও ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে ধোনীৰ ছয়ৰ সৈতে ভাৰতৰ বিশ্বকাপ বিজয়ৰ সেই স্মৃতি মনৰ পৰা মচ খোৱা নাই।  ২  এপ্ৰিলত টীম ইণ্ডিয়াই বিশ্বকাপ জিকাৰ ১২ বছৰ সম্পূৰ্ণ কৰিলে। এই বিজয়ৰ সৈতে  শচীন-যুৱৰাজৰ সাহসিকতাৰ কাহিনীও জড়িত হৈ আছে।  ইয়াৰ মাজতে হৰভজন সিঙে যুৱৰাজ সিঙৰ বিষয়ে এক গোপন তথ্য প্ৰকাশ কৰিছে । 

তেওঁ পুৰণি দিনৰ কথা মনত পেলাই কৈছে যে  কেনেকৈ প্ৰতিযোগিতাখনৰ সময়ত তেওঁলোকে যুৱৰাজ সিঙৰ   কাহকলৈ হাঁহিছিল! দৰাচলতে, কোনেও নাজানিছিল যে তেওঁলোকৰ সতীৰ্থৰ যুৱৰাজ সিং  কৰ্কট ৰোগত আক্ৰান্ত হৈছে।ভাজ্জীয়ে অলপতে এটা ক্ৰীড়া চেনেলক দিয়া সাক্ষাৎকাৰত এই বিষয়ে উল্লেখ কৰে। প্ৰাক্তন তাৰকা অফ স্পিনাৰগৰাকীয়ে কয়, "যুৱৰাজ অসুস্থ হৈ পৰিছিল। প্ৰতিখন খেলৰ আগতে তেওঁ চিন্তিত হৈ পৰিছিল। কেতিয়াবা তেওঁ আনকি বমিও কৰিছিল। আমি তেওঁ বমি কৰাকলৈ হাঁহিছিলো। কৈছিলো এই বয়সতে এনেদৰে কাহিছা। আমি কোনেও জনা নাছিলো যে ুৱৰাজ ইতিমধ্যে কৰ্কট ৰোগত আক্ৰান্ত হৈছে। "

হৰভজন সিঙে কৈছে যে তেওঁলোকে পিছত অনুভৱ কৰিছিল যে যুৱৰাজৰ অসুস্থতা সেইদিনা কৰ্কট ৰোগৰেই লক্ষণ আছিল।তেওঁ কয় "আমি তেওঁক উপহাস কৰিছিলো। মই তেওঁৰ ৰোগৰ কথা  জনা নাছিলো।’’ ভাজ্জীয়ে দাবী কৰিছে যে যুৱৰাজ সিং অবিহনে ভাৰতৰ বাবে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ জয় কৰাটো সম্ভৱ নহ'লহেঁতেন। একে সময়তে, তেওঁ মনত পেলাই দিয়ে যে যুৱৰাজে এখন  নহয়, দুখন বিশ্বকাপ জিকিছিল। ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলখনত এটা অভাৰত ছয়টা ছয় মাৰিছিল যুৱৰাজে।   

 আনকি ছেমি ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩০ টা বলত বিস্ফোৰক ৭০ ৰান কৰি সকলোকে আচৰিত কৰি তুলিছিল যুৱৰাজে।অৱসৰৰ পাছতো যুৱৰাজ বহুতৰে বাবে এজন চেম্পিয়ন হৈয়েই আছে। ৫০ অভাৰৰ বিশ্বকাপ বিজয়ৰ দ্বাদশ বাৰ্ষিকীত প্ৰাক্তন সতীৰ্থ হৰভজনৰ কথাতো একে সুৰেই শুনা গৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে