--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ টা বছৰ পাৰ হৈ গ’ল। এতিয়াও ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ বাবে ধোনীৰ ছয়ৰ সৈতে ভাৰতৰ বিশ্বকাপ বিজয়ৰ সেই স্মৃতি মনৰ পৰা মচ খোৱা নাই।  ২  এপ্ৰিলত টীম ইণ্ডিয়াই বিশ্বকাপ জিকাৰ ১২ বছৰ সম্পূৰ্ণ কৰিলে। এই বিজয়ৰ সৈতে  শচীন-যুৱৰাজৰ সাহসিকতাৰ কাহিনীও জড়িত হৈ আছে।  ইয়াৰ মাজতে হৰভজন সিঙে যুৱৰাজ সিঙৰ বিষয়ে এক গোপন তথ্য প্ৰকাশ কৰিছে । 

তেওঁ পুৰণি দিনৰ কথা মনত পেলাই কৈছে যে  কেনেকৈ প্ৰতিযোগিতাখনৰ সময়ত তেওঁলোকে যুৱৰাজ সিঙৰ   কাহকলৈ হাঁহিছিল! দৰাচলতে, কোনেও নাজানিছিল যে তেওঁলোকৰ সতীৰ্থৰ যুৱৰাজ সিং  কৰ্কট ৰোগত আক্ৰান্ত হৈছে।ভাজ্জীয়ে অলপতে এটা ক্ৰীড়া চেনেলক দিয়া সাক্ষাৎকাৰত এই বিষয়ে উল্লেখ কৰে। প্ৰাক্তন তাৰকা অফ স্পিনাৰগৰাকীয়ে কয়, "যুৱৰাজ অসুস্থ হৈ পৰিছিল। প্ৰতিখন খেলৰ আগতে তেওঁ চিন্তিত হৈ পৰিছিল। কেতিয়াবা তেওঁ আনকি বমিও কৰিছিল। আমি তেওঁ বমি কৰাকলৈ হাঁহিছিলো। কৈছিলো এই বয়সতে এনেদৰে কাহিছা। আমি কোনেও জনা নাছিলো যে ুৱৰাজ ইতিমধ্যে কৰ্কট ৰোগত আক্ৰান্ত হৈছে। "

হৰভজন সিঙে কৈছে যে তেওঁলোকে পিছত অনুভৱ কৰিছিল যে যুৱৰাজৰ অসুস্থতা সেইদিনা কৰ্কট ৰোগৰেই লক্ষণ আছিল।তেওঁ কয় "আমি তেওঁক উপহাস কৰিছিলো। মই তেওঁৰ ৰোগৰ কথা  জনা নাছিলো।’’ ভাজ্জীয়ে দাবী কৰিছে যে যুৱৰাজ সিং অবিহনে ভাৰতৰ বাবে ২০১১ চনৰ ক্ৰিকেট বিশ্বকাপ জয় কৰাটো সম্ভৱ নহ'লহেঁতেন। একে সময়তে, তেওঁ মনত পেলাই দিয়ে যে যুৱৰাজে এখন  নহয়, দুখন বিশ্বকাপ জিকিছিল। ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলখনত এটা অভাৰত ছয়টা ছয় মাৰিছিল যুৱৰাজে।   

 আনকি ছেমি ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৩০ টা বলত বিস্ফোৰক ৭০ ৰান কৰি সকলোকে আচৰিত কৰি তুলিছিল যুৱৰাজে।অৱসৰৰ পাছতো যুৱৰাজ বহুতৰে বাবে এজন চেম্পিয়ন হৈয়েই আছে। ৫০ অভাৰৰ বিশ্বকাপ বিজয়ৰ দ্বাদশ বাৰ্ষিকীত প্ৰাক্তন সতীৰ্থ হৰভজনৰ কথাতো একে সুৰেই শুনা গৈছিল।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু