--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা আইপিএল মেচত খেল প্ৰদৰ্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷আজি অৰ্থাৎ ৫ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ হাইভল্টেজ মেচখনত বেটিং আৰু ফিল্ডিঙেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে ৰিয়ান পৰাগে৷

খেলখনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছে টছ জিকি বলিঙৰ সিদ্ধান্ত লয়, ফিল্ডিঙৰ জৰিয়তে ৰিয়ান পৰাগে পঞ্জাব কিংছৰ বেটছমেন জিতেশ শৰ্মাৰ কেচ ধৰাৰ  পৰৱৰ্তী সময়ত ৰিয়ানে পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱানৰ বেটৰ পৰা ওলোৱা এটা শক্তিশালী শ্ব’ট ৰখাবলৈ সক্ষম হয়

২০অভাৰত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ সন্মুখত ১৯৮ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷

সেই লক্ষ্য অণুসৰণ কৰি বেটিঙৰ পাল পৰাত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ ১২টা বলত ২০ৰাণ সংগ্ৰহ কৰে য’ত ১টা ফ’ৰ আৰু ২টা ছিক্স সন্নিৱিষ্ট আছিল৷এটা ছিক্সৰ দূৰত্ব আছিল ৯৮মিটাৰ৷

উল্লেখযোগ্য যে পঞ্জাব কিংছৰ ব’লাৰ নাথান এলিছৰ বলত ৰিয়ান পৰাগ অৱশেষত আউট হয়৷এটা বাউঞ্চাৰৰ প্ৰত্যুত্তৰ বেটেৰে দিবলৈ গৈ পঞ্জাব কিংছৰ ফিল্ডাৰ শ্বাহৰূখ খানৰ হাতত কেচ আউট হয়৷

স্মৰ্তব্য যে অহা ৮ এপ্ৰিল তাৰিখে পুনৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল অনুষ্ঠিত হ’ব য’ত ৰিয়ান পৰাগক পুনৰবাৰ দেখা যাব৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা