--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোনপ্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হোৱা আইপিএল মেচত খেল প্ৰদৰ্শন কৰিলে অসম সন্তান ৰিয়ান পৰাগে৷আজি অৰ্থাৎ ৫ এপ্ৰিল তাৰিখে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ হাইভল্টেজ মেচখনত বেটিং আৰু ফিল্ডিঙেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে ৰিয়ান পৰাগে৷

খেলখনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছে টছ জিকি বলিঙৰ সিদ্ধান্ত লয়, ফিল্ডিঙৰ জৰিয়তে ৰিয়ান পৰাগে পঞ্জাব কিংছৰ বেটছমেন জিতেশ শৰ্মাৰ কেচ ধৰাৰ  পৰৱৰ্তী সময়ত ৰিয়ানে পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱানৰ বেটৰ পৰা ওলোৱা এটা শক্তিশালী শ্ব’ট ৰখাবলৈ সক্ষম হয়

২০অভাৰত পঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ সন্মুখত ১৯৮ৰাণৰ লক্ষ্য বান্ধি দিয়ে৷

সেই লক্ষ্য অণুসৰণ কৰি বেটিঙৰ পাল পৰাত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ ১২টা বলত ২০ৰাণ সংগ্ৰহ কৰে য’ত ১টা ফ’ৰ আৰু ২টা ছিক্স সন্নিৱিষ্ট আছিল৷এটা ছিক্সৰ দূৰত্ব আছিল ৯৮মিটাৰ৷

উল্লেখযোগ্য যে পঞ্জাব কিংছৰ ব’লাৰ নাথান এলিছৰ বলত ৰিয়ান পৰাগ অৱশেষত আউট হয়৷এটা বাউঞ্চাৰৰ প্ৰত্যুত্তৰ বেটেৰে দিবলৈ গৈ পঞ্জাব কিংছৰ ফিল্ডাৰ শ্বাহৰূখ খানৰ হাতত কেচ আউট হয়৷

স্মৰ্তব্য যে অহা ৮ এপ্ৰিল তাৰিখে পুনৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল অনুষ্ঠিত হ’ব য’ত ৰিয়ান পৰাগক পুনৰবাৰ দেখা যাব৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে