--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতৰ আগমনৰ লগে লগে মানুহৰ শৰীৰতো কিছুমান স্বাস্থ্যজনিত  সমস্যাই দেখা দিয়ে  বতৰৰ পৰিৱৰ্তনৰ এই সময়ছোৱাত বিশেষকৈ কাহ আৰু মূৰৰ বিষ, চৰ্দি আৰু কাহৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়, যাৰ ফলত হাঁপানী বা চি অ’ পি ডি ৰোগত আক্ৰান্ত লোকৰ দুখ-কষ্ট বৃদ্ধি পায়। এনে সময়ত চিকিৎসকসকলে ফ্লুৰ ভেকচিন লোৱাটো ভাল বুলি পৰামৰ্শ আগবঢ়াইছে।

সাধাৰণতে শীতকালত শিশুক ফ্লুৰ টিকা দিয়া উচিত বুলি কোনেও নাভাবে। কিন্তু চিকৎসকে এই সময়ছোৱাত শিশুৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আমলখি, নেমুৰ ৰস অৰ্থাৎ ভিটামিন-চি যুক্ত ফলমূল আৰু শাক-পাচলি খাব লাগে। চিকৎসকে উচ্চ ৰক্তচাপ বা চি অ’ পি ডি ৰোগী, বা দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগ বা সংক্ৰামক হাওঁফাওঁৰ ৰোগ থকা ৰোগীক ফ্লুৰ ভেকচিন ল’বলৈ পৰামৰ্শ পৰামৰ্শ প্ৰদান কৰিছে। চিকিৎসক সকলে পৰামৰ্শ দিয়ে যে কম বয়সতে ফ্লুৰ ভেকচিন লোৱাৰ প্ৰয়োজন নাই। দহ বছৰ বয়সৰ পিছত চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি ল’ব লাগে।

চিকিৎসকসকলৰ মতে ইনফ্লুৱেঞ্জাৰ ভেকচিন প্ৰতি বছৰে ০.৫ মিলিলিটাৰ ড’জত গ্ৰহণ কৰিব লাগিব। যিহেতু বছৰ বছৰ ধৰি ইনফ্লুৱেঞ্জা ভাইৰাছে নিজৰ চৰিত্ৰ সলনি কৰি থাকে, সেয়েহে এবাৰ টিকা লোৱাৰ কোনো এবাৰৰ বাবেহে উপকাৰিত হ’ব। সেয়ে প্ৰতি বছৰে নিয়মিতভাৱে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

চিকিৎসকৰ মতে ইনফ্লুৱেঞ্জা এনে এক ৰোগ যে এই ভাইৰাছ অহৰহ সলনি হৈ থাকে। প্ৰায় তিনিবিধ ইনফ্লুৱেঞ্জাৰ দ্বাৰা মানুহ আক্ৰান্ত হয়। এটা সাধাৰণ ঋতুভিত্তিক ইনফ্লুৱেঞ্জা। দ্বিতীয়টো হ’ল, মহামাৰীৰ আকৃতি লোৱা ইনফ্লুৱেঞ্জা। তৃতীয়টো হ’ল জুন’টিক ইনফ্লুৱেঞ্জা যি জীৱ-জন্তুৰ পৰা বিয়পে। উদাহৰণস্বৰূপে বাৰ্ড ফ্লু, ছোৱাইন ফ্লু আদিৰ কথা ক’ব পাৰি।

ডেকা-বুঢ়া লোক ফ্লুত আক্ৰান্ত হ’লে অধিক সমস্যাৰ সন্মুখীন হয়। আৰু যিসকলে কেমোথেৰাপি লৈ আছে বা ষ্টেৰইড গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে পৰিস্থিতি অলপ বিপদজনক হ’ব পাৰে। ইমিউনিটি কম থকা লোকসকলে ইনফ্লুৱেঞ্জাৰ ভেকচিন গ্ৰহণ কৰিলে ভাল। কিন্তু যদি জ্বৰ বা চৰ্দি আৰু কাহ হয়, তেন্তে ভেকচিন গ্ৰহণ কৰিব নোৱাৰি বুলি চিকিৎসকসকলে সদৰি কৰিছে৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে প্ৰতিৰোধমূলক ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ