--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতৰ আগমনৰ লগে লগে মানুহৰ শৰীৰতো কিছুমান স্বাস্থ্যজনিত  সমস্যাই দেখা দিয়ে  বতৰৰ পৰিৱৰ্তনৰ এই সময়ছোৱাত বিশেষকৈ কাহ আৰু মূৰৰ বিষ, চৰ্দি আৰু কাহৰ প্ৰাদুৰ্ভাৱ বাঢ়ি যায়, যাৰ ফলত হাঁপানী বা চি অ’ পি ডি ৰোগত আক্ৰান্ত লোকৰ দুখ-কষ্ট বৃদ্ধি পায়। এনে সময়ত চিকিৎসকসকলে ফ্লুৰ ভেকচিন লোৱাটো ভাল বুলি পৰামৰ্শ আগবঢ়াইছে।

সাধাৰণতে শীতকালত শিশুক ফ্লুৰ টিকা দিয়া উচিত বুলি কোনেও নাভাবে। কিন্তু চিকৎসকে এই সময়ছোৱাত শিশুৰ শাৰীৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আমলখি, নেমুৰ ৰস অৰ্থাৎ ভিটামিন-চি যুক্ত ফলমূল আৰু শাক-পাচলি খাব লাগে। চিকৎসকে উচ্চ ৰক্তচাপ বা চি অ’ পি ডি ৰোগী, বা দীৰ্ঘদিনীয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগ বা সংক্ৰামক হাওঁফাওঁৰ ৰোগ থকা ৰোগীক ফ্লুৰ ভেকচিন ল’বলৈ পৰামৰ্শ পৰামৰ্শ প্ৰদান কৰিছে। চিকিৎসক সকলে পৰামৰ্শ দিয়ে যে কম বয়সতে ফ্লুৰ ভেকচিন লোৱাৰ প্ৰয়োজন নাই। দহ বছৰ বয়সৰ পিছত চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি ল’ব লাগে।

চিকিৎসকসকলৰ মতে ইনফ্লুৱেঞ্জাৰ ভেকচিন প্ৰতি বছৰে ০.৫ মিলিলিটাৰ ড’জত গ্ৰহণ কৰিব লাগিব। যিহেতু বছৰ বছৰ ধৰি ইনফ্লুৱেঞ্জা ভাইৰাছে নিজৰ চৰিত্ৰ সলনি কৰি থাকে, সেয়েহে এবাৰ টিকা লোৱাৰ কোনো এবাৰৰ বাবেহে উপকাৰিত হ’ব। সেয়ে প্ৰতি বছৰে নিয়মিতভাৱে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

চিকিৎসকৰ মতে ইনফ্লুৱেঞ্জা এনে এক ৰোগ যে এই ভাইৰাছ অহৰহ সলনি হৈ থাকে। প্ৰায় তিনিবিধ ইনফ্লুৱেঞ্জাৰ দ্বাৰা মানুহ আক্ৰান্ত হয়। এটা সাধাৰণ ঋতুভিত্তিক ইনফ্লুৱেঞ্জা। দ্বিতীয়টো হ’ল, মহামাৰীৰ আকৃতি লোৱা ইনফ্লুৱেঞ্জা। তৃতীয়টো হ’ল জুন’টিক ইনফ্লুৱেঞ্জা যি জীৱ-জন্তুৰ পৰা বিয়পে। উদাহৰণস্বৰূপে বাৰ্ড ফ্লু, ছোৱাইন ফ্লু আদিৰ কথা ক’ব পাৰি।

ডেকা-বুঢ়া লোক ফ্লুত আক্ৰান্ত হ’লে অধিক সমস্যাৰ সন্মুখীন হয়। আৰু যিসকলে কেমোথেৰাপি লৈ আছে বা ষ্টেৰইড গ্ৰহণ কৰি আছে তেওঁলোকৰ বাবে পৰিস্থিতি অলপ বিপদজনক হ’ব পাৰে। ইমিউনিটি কম থকা লোকসকলে ইনফ্লুৱেঞ্জাৰ ভেকচিন গ্ৰহণ কৰিলে ভাল। কিন্তু যদি জ্বৰ বা চৰ্দি আৰু কাহ হয়, তেন্তে ভেকচিন গ্ৰহণ কৰিব নোৱাৰি বুলি চিকিৎসকসকলে সদৰি কৰিছে৷ সেয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে প্ৰতিৰোধমূলক ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক