--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছান ফ্ৰান্সিস্কো আৰক্ষীয়ে জৰুৰীকালীন পৰিস্থিতিত ৰিম’ট নিয়ন্ত্ৰিত ৰবট ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰে। হয়, এতিয়াৰে পৰা ছান ফ্ৰান্সিস্কো আৰক্ষীয়ে ৰবট ব্যৱহাৰ কৰি ভয়াৱহ পৰিস্থিতিত মানুহৰ ৰ জীৱন ৰক্ষা কৰিব পাৰিৰ, এই ৰবটৰ সহায়ত বন্দুকধাৰীৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে বা বিস্ফোৰক চিনাক্ত কৰিব পাৰিব । এশ বছৰৰ আগতে সেই ৰবটবোৰ আৰক্ষীৰ হাতলৈ আহিছিল। অৱশেষত বিভিন্ন যুক্তি অথবা বিতৰ্ক অতিক্ৰম কৰি ব্যৱহাৰ কৰাৰ অনুমতি পালে।

আৰক্ষী বিভাগৰ তদাৰকী ব’ৰ্ডে ৮-৩ ভোটত ৰবট ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। নতুন নীতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কিছুমান বিশেষ পৰিস্থিতিত ৰবট ব্যৱহাৰ কৰিব পাৰি আৰু বিষয়টো কেৱল শীৰ্ষ বিষয়াসকলকহে নিৰীক্ষণ কৰিবলৈ দিয়া হৈছে।

খবৰ অনুসৰি, ছান ফ্ৰান্সিস্কো আৰক্ষীৰ হাতত বৰ্তমান এক ডজন গ্ৰাউণ্ড ৰবট কাৰ্যক্ষম হৈ আছে। ইয়াৰ সহায়ত বোমা বিচাৰি উলিয়াব পাৰি। কম পোহৰৰ বাবে দৃশ্যমানতা কম হোৱা ঠাইত ব্যৱহাৰ কৰিব পাৰি। এই ৰবটসমূহ ২০১০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত প্ৰৱৰ্তন কৰা হৈছিল যদিও কেতিয়াও সশস্ত্ৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল।

ছান ফ্ৰান্সিস্কো আৰক্ষীৰ মুখপাত্ৰ এলিছন মেক্সেই কয় যে, “কেৱল জৰুৰীকালীন বা ভয়াৱহ পৰিস্থিতিত, সাধাৰণ আৰক্ষী বিষয়াৰ জীৱন ৰক্ষাৰ বাবেহে এই ৰবটসমূহ ব্যৱহাৰ কৰা হ’ব।” ২০১৬ চনত ডালাছ আৰক্ষীয়ে আমেৰিকাত প্ৰথমবাৰৰ বাবে এনে ৰবট ব্যৱহাৰ কৰিছিল। তাতে এজন বন্দুকধাৰীক হত্যা কৰিবলৈ সক্ষম হয় ৰবটটোৱে। সেইসময়ত বন্দুকধাৰীজনে ৫ আৰক্ষী জোৱানক হত্যা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে