--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছান ফ্ৰান্সিস্কো আৰক্ষীয়ে জৰুৰীকালীন পৰিস্থিতিত ৰিম’ট নিয়ন্ত্ৰিত ৰবট ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰে। হয়, এতিয়াৰে পৰা ছান ফ্ৰান্সিস্কো আৰক্ষীয়ে ৰবট ব্যৱহাৰ কৰি ভয়াৱহ পৰিস্থিতিত মানুহৰ ৰ জীৱন ৰক্ষা কৰিব পাৰিৰ, এই ৰবটৰ সহায়ত বন্দুকধাৰীৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে বা বিস্ফোৰক চিনাক্ত কৰিব পাৰিব । এশ বছৰৰ আগতে সেই ৰবটবোৰ আৰক্ষীৰ হাতলৈ আহিছিল। অৱশেষত বিভিন্ন যুক্তি অথবা বিতৰ্ক অতিক্ৰম কৰি ব্যৱহাৰ কৰাৰ অনুমতি পালে।

আৰক্ষী বিভাগৰ তদাৰকী ব’ৰ্ডে ৮-৩ ভোটত ৰবট ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। নতুন নীতিত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কিছুমান বিশেষ পৰিস্থিতিত ৰবট ব্যৱহাৰ কৰিব পাৰি আৰু বিষয়টো কেৱল শীৰ্ষ বিষয়াসকলকহে নিৰীক্ষণ কৰিবলৈ দিয়া হৈছে।

খবৰ অনুসৰি, ছান ফ্ৰান্সিস্কো আৰক্ষীৰ হাতত বৰ্তমান এক ডজন গ্ৰাউণ্ড ৰবট কাৰ্যক্ষম হৈ আছে। ইয়াৰ সহায়ত বোমা বিচাৰি উলিয়াব পাৰি। কম পোহৰৰ বাবে দৃশ্যমানতা কম হোৱা ঠাইত ব্যৱহাৰ কৰিব পাৰি। এই ৰবটসমূহ ২০১০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত প্ৰৱৰ্তন কৰা হৈছিল যদিও কেতিয়াও সশস্ত্ৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল।

ছান ফ্ৰান্সিস্কো আৰক্ষীৰ মুখপাত্ৰ এলিছন মেক্সেই কয় যে, “কেৱল জৰুৰীকালীন বা ভয়াৱহ পৰিস্থিতিত, সাধাৰণ আৰক্ষী বিষয়াৰ জীৱন ৰক্ষাৰ বাবেহে এই ৰবটসমূহ ব্যৱহাৰ কৰা হ’ব।” ২০১৬ চনত ডালাছ আৰক্ষীয়ে আমেৰিকাত প্ৰথমবাৰৰ বাবে এনে ৰবট ব্যৱহাৰ কৰিছিল। তাতে এজন বন্দুকধাৰীক হত্যা কৰিবলৈ সক্ষম হয় ৰবটটোৱে। সেইসময়ত বন্দুকধাৰীজনে ৫ আৰক্ষী জোৱানক হত্যা কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক