--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গুজৰাটৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। ১ ডিচেম্বৰত ৮৯খন আসনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫ ডিচেম্বৰত ৯৩খন আসনৰ ভোটগ্ৰহণ অনুষ্ঠত হ'ব।

৮ডিচেম্বৰত ১৮২খন আসনৰ ফলাফল ঘোষিত হ'ব। পিছে ভোটগ্ৰহণৰ পূৰ্বেই বিভিন্ন সংস্থাই দাখিল কৰা সমীক্ষাত পুনৰ আগুৱাই আছে শাসকীয় বিজেপি। ইণ্ডিয়া টিভিৰ সমীক্ষা অনুসৰি বিজেপিয়ে ১০৯ৰ পৰা ১২৪খন আসনত জয়লাভ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৫১ৰ পৰা ৬৬খন আসনত জয়লাভ কৰিব পাৰে। আনহাতে গুজৰাটৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰিব আম আদমী পাৰ্টিয়ে। দলটোৱে মাত্ৰ ০ৰ পৰা ৭খন আসন লাভ কৰাৰহে সম্ভাৱনা আছে।
 
এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে এইবাৰ নতুন ৰেকৰ্ড কৰিব। বিজেপিয়ে গুজৰাটৰ নিৰ্বাচনত ১৩৪ৰ পৰা ১৪২খন আসন লাভ কৰিব। কংগ্ৰেছে ২৮ৰ পৰা ৩৬খন আসন লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে ৭ৰ পৰা ১৫খন আসন লাভ কৰিব।

ইপিনে এইবাৰ সমীক্ষাৰ মতে গুজৰাটৰ সৌৰাষ্ট্ৰত আসনৰ সংখ্যা বৃদ্ধি হ'ব বিজেপিৰ। একেদৰে আন সমীক্ষাসমূহতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক