--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
গুজৰাটৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। ১ ডিচেম্বৰত ৮৯খন আসনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ৫ ডিচেম্বৰত ৯৩খন আসনৰ ভোটগ্ৰহণ অনুষ্ঠত হ'ব।

৮ডিচেম্বৰত ১৮২খন আসনৰ ফলাফল ঘোষিত হ'ব। পিছে ভোটগ্ৰহণৰ পূৰ্বেই বিভিন্ন সংস্থাই দাখিল কৰা সমীক্ষাত পুনৰ আগুৱাই আছে শাসকীয় বিজেপি। ইণ্ডিয়া টিভিৰ সমীক্ষা অনুসৰি বিজেপিয়ে ১০৯ৰ পৰা ১২৪খন আসনত জয়লাভ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে ৫১ৰ পৰা ৬৬খন আসনত জয়লাভ কৰিব পাৰে। আনহাতে গুজৰাটৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰিব আম আদমী পাৰ্টিয়ে। দলটোৱে মাত্ৰ ০ৰ পৰা ৭খন আসন লাভ কৰাৰহে সম্ভাৱনা আছে।
 
এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে এইবাৰ নতুন ৰেকৰ্ড কৰিব। বিজেপিয়ে গুজৰাটৰ নিৰ্বাচনত ১৩৪ৰ পৰা ১৪২খন আসন লাভ কৰিব। কংগ্ৰেছে ২৮ৰ পৰা ৩৬খন আসন লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে ৭ৰ পৰা ১৫খন আসন লাভ কৰিব।

ইপিনে এইবাৰ সমীক্ষাৰ মতে গুজৰাটৰ সৌৰাষ্ট্ৰত আসনৰ সংখ্যা বৃদ্ধি হ'ব বিজেপিৰ। একেদৰে আন সমীক্ষাসমূহতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে