--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ। ভাৰত-পাকিস্তানৰ খেল খনকলৈ ক্ৰিকেটপ্ৰেমীৰ মাজত উৎকণ্ঠা অব্যাহত থকাৰ মাজতে এই খেল খনৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে নৱৰাত্ৰিৰ বাবেই ভাৰত-পাকিস্তানৰ খেলৰ তাৰিখ সলনি কৰা হৈছে। 

আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে  শেহতীয়াকৈ চলিত  বছৰত ভাৰতে আয়োজন কৰিবলগীয়া এদিনীয়া বিশ্বকাপৰ সময়সূচী ঘোষণা কৰিছে। সূচী অনুসৰি প্ৰতিযোগিতাখন ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। আনহাতে ভাৰতীয় দলটোৱে ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  প্ৰথমখন খেল খেলিব।

বিশ্বকাপৰ আকৰ্ষণীয়  খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব। খেলখন ১৫ অক্টোবৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু খবৰ অনুসৰি  খেলখনৰ তাৰিখ সলনি কৰা হৈছে।জানিব পৰা মতে ভাৰত আৰু পাকিস্তানৰ মাজত  খেলখন এতিয়া এদিন আগতে অৰ্থাৎ ১৪ অক্টোবৰত অনুষ্ঠিত হ'ব। 

ইয়াৰ উপৰি বিশ্বকাপৰ সময়সূচীত আন কিছুমান পৰিৱৰ্তন অনা হৈছে। এই সকলোবোৰ পৰিৱৰ্তনৰ কথা শীঘ্ৰে বোৰ্ডে ঘোষণা কৰিব । ভাৰত-পাকিস্তানৰ খেলৰ দিন   নৱৰাত্ৰি উৎসৱৰ বাবে  সলনি কৰা হৈছে। উল্লেখ্য  ১৫ অক্টোবৰ নৱৰাত্ৰি উৎসৱৰ প্ৰথম দিন।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ