--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ শ বছৰ ধৰি মানুহৰ মাজত এটা ধাৰণা আছিল আৰু এতিয়াও অব্যাহত আছে যে বুদ্ধি আৰু প্ৰতিভা সম্পূৰ্ণ ঈশ্বৰৰ দ্বাৰা প্ৰদত্ত। একাংশ লোকে বিশ্বাস কৰে যে প্ৰতিজন ব্যক্তিৰ জন্মতে এটা নিৰ্দিষ্ট মাত্ৰাৰ IQ(IQ-Intelligence Quotient) থাকে! যি গোটেই জীৱন একে স্তৰতে থাকে। কিন্তু সময় ইমান দ্ৰুতগতিত আগবাঢ়িছে যে বিজ্ঞানে এতিয়া জীৱ-জন্তু আৰু চৰাইৰ আইকিউ লেভেল জোখাৰ ক্ষেত্ৰত আগবাঢ়িছে।

 বিভিন্ন গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বিজ্ঞানে দেখুৱাইছে যে প্ৰতিজন ব্যক্তিয়ে নিজৰ মগজুৰ কাৰ্যক্ষমতা আৰু বুদ্ধিমত্তা বৃদ্ধি কৰিব পাৰে! কিছুমান দক্ষ কাম শিকি আৰু সেই কামবোৰ অহৰহ অনুশীলন কৰি আৰু সম্পাদন কৰি মানুহৰ মগজুৰ কাৰ্যক্ষমতা অতি আচৰিত ধৰণে বৃদ্ধি কৰিব পাৰে। ইয়াত কিছুমান কামৰ বিষয়ে উল্লেখ কৰা হ’ল-যিবোৰ আপাত দৃষ্টিত অতি সাধাৰণ। কিন্তু এই সকলোবোৰ কামৰ নিয়মীয়াকৈ অনুশীলনৰ জৰিয়তে মগজুৰ বিকাশ আৰু বুদ্ধিমত্তাৰ স্তৰ উন্নত কৰাটো সম্ভৱ।

 ১. যিকোনো বাদ্যযন্ত্ৰ বজোৱা:-বিজ্ঞান পত্ৰিকা ৰিচাৰ্ড এলিনে দ্য টেলিগ্ৰাফত প্ৰকাশ কৰিছে যে শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে যিকোনো ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাৰ ফলত মগজুৰ আকাৰ আৰু ক্ষমতা দুয়োটা সলনি হয়। কেৱল এয়াই নহয়, ইয়াৰ ফলত জ্ঞানমূলক দক্ষতা বহু পৰিমাণে বৃদ্ধি পায়। গৱেষকসকলৰ মতে, বাদ্যযন্ত্ৰ বজোৱাৰ নিয়মীয়া অভ্যাসে IQ ৭ পইণ্ট বৃদ্ধি কৰে। একে সময়তে স্মৃতিশক্তি, মগজুৰ কাম-কাজতো বহুখিনি উন্নত কৰে।

 ২. যিকোনো কিতাপ পঢ়কঃ-আপুনি কিতাপ পঢ়ি ভালপায়? কিন্তু আপোনাৰ বাবে এটা ভাল খবৰ। যিকোনো ধৰণৰ কিতাপ পঢ়িলে মগজুত ইতিবাচক প্ৰভাৱ পৰে। 'দ্য লৰ্ড অব দ্য ৰিংছ' বা 'কাৰেণ্ট এফেয়াৰ্ছ' পঢ়িলেই হওক -দুয়োটাই আপোনাৰ মগজুত একেধৰণৰ ইতিবাচক প্ৰভাৱ পেলায়। কিতাপ পঢ়িলে স্নায়ু আৰু মন শান্ত হয়। কিতাপ পঢ়িলেই তিনিওবিধ বুদ্ধিমত্তা একেলগে বৃদ্ধি হয়। ফলত সমস্যা সমাধান, নেতিবাচক সমস্যাৰ উপযুক্ত সমাধান, সঠিক আৰ্হি চিনাক্তকৰণ, মানুহৰ সৈতে ভাল বুজাবুজি গঢ়ি তোলাত বহুখিনি সহায় কৰে।

 ৩. মেডিটেছনঃ-ৱাল ষ্ট্ৰীট জাৰ্নেলে ‘প্ৰচিডিং অব দ্য নেচনেল একাডেমী অব চাইন্স’ প্ৰকাশ কৰে যে য’ত বিজ্ঞানী ৰিচাৰ্ড ডেভিডছনে তেওঁৰ এটা পৰীক্ষামূলক অধ্যয়নৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছে। এই পৰীক্ষামূলক অধ্যয়ন ভাৰতৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত ১৪সংখ্যক বিখ্যাত সন্ন্যাসী দালাই লামা আৰু তেওঁৰ অনুগামীসকলৰ ওপৰত কৰা হৈছিল।

ৰিচাৰ্ডে পৰীক্ষা কৰিব বিচাৰিছিল যে চাহিদা অনুসৰি মগজুৰ কিছুমান প্ৰভাৱ সৃষ্টি কৰাটো সম্ভৱ নেকি? ধ্যান-ধাৰণাৰ আটাইতকৈ নিপুণ ব্যৱহাৰ হ’ল-মানুহৰ ইচ্ছামতে মানুহৰ আৱেগক নিয়ন্ত্ৰণ কৰা। আপুনি আপোনাৰ মগজুক আপুনি বিচৰা ধৰণে কাম কৰাব পাৰে। সেইটোৱেই বোলে যিকোনো আৱেগ অনুভৱ কৰা। প্ৰয়োজনৰ সময়ত আৱেগ ব্যৱহাৰ কৰা। যাৰ জৰিয়তে নিজকে অতি শক্তিশালী ব্যক্তি হিচাপে গঢ়ি তোলা সম্ভৱ।

 ৪. নিয়মিতভাৱে ব্যায়াম কৰাঃ-অতি নিয়মীয়াকৈ প্ৰতিদিনে ব্যায়াম কৰিব লাগে। ই বেছি গধুৰ ৱৰ্কআউট নহয়, অৱশ্যে ১৫-২০ মিনিট সময় দৈনিক শাৰীৰিক ব্যায়াম গঢ়ি তুলিব লাগে। নিয়মিত ব্যায়ামে BDNF (Brain-derived neurotrophic factor) কোষত প্ৰভাৱ পেলায়। ইয়াৰ ফলত স্মৃতিশক্তি, মনোনিৱেশ আৰু চিন্তাশক্তি উন্নত হয়। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে অত্যধিক ব্যায়ামে ইতিবাচক প্ৰভাৱৰ পৰিৱৰ্তে মগজুত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে দৈনিক ১৫ মিনিট ব্যায়াম কৰাটো উপযুক্ত বুলি বিবেচিত হৈছে।

 ৫. নতুন ভাষা শিকাঃ-আজৰি সময়ত ক্ৰছৱৰ্ড পাজল শিকাৰ পৰিৱৰ্তে নতুন ভাষা শিকিবলৈ চেষ্টা কৰাটো আপোনাৰ মগজুক বৃদ্ধি কৰাৰ এক উত্তম উপায়। গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল লোকে নতুন ভাষা শিকিবলৈ চেষ্টা কৰে তেওঁলোকে আনতকৈ বেছি ক্ষীপ্ৰতাৰে সকলো সমস্যা সমাধান কৰিব পাৰে। আচলতে যিসকলে দ্বিতীয় বা নতুন ভাষাত শিকাত সাৱলীল হয়, তেওঁলোকৰ ডিমেনচিয়া আৰু আলঝাইমাৰ ৰোগ হোৱাৰ সম্ভাৱনা ৪ বছৰ হ্ৰাস হয়! নতুন ভাষা শিকিলে মগজু তীক্ষ্ণ হোৱাৰ লগতে স্মৃতিশক্তি শক্তিশালী হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান