--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হয়তো সকলোৱে জানে যে আমি কাৰোবাৰ লগত কথা পাতোতে বিপৰীত পক্ষৰ ব্যক্তিগৰাকীয়ে আমাৰ শৰীৰৰ ভংগীমাসমূহ লক্ষ্য কৰে। আমাৰ বিভিন্ন ধৰণৰ ভংগীমা আমাৰ মানসিকতা, আত্মবিশ্বাস প্ৰকাশ কৰাৰ অন্যতম শক্তিশালী উপায়। আনকি কথা নক’লেও আমাৰ ব্যক্তিত্ব প্ৰকাশ কৰাত দেহৰ ভাষাই‌ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবেই সঠিক শৰীৰৰ ভাষা বা ভংগীমা সকলোৱে শিকি লোৱাতো প্ৰয়োজনীয়।

সঠিক ভংগীমা, শৰীৰৰ ভাষা, অংগ-প্ৰত্যংগ, চকুৰ চাৱনী আৰু মুখৰ ভাব আপোনাৰ শক্তিশালী ব্যক্তিত্বৰ চাবিকাঠি হ’ব পাৰে। যেতিয়া কোনোবাই আপোনাক প্ৰথমবাৰৰ বাবে লগ পাব, এইবোৰ কথাই তেওঁলোকক আপোনাৰ ব্যক্তিত্ব অনুভৱ কৰাত সহায় কৰিব। কিছুমান নিৰ্দিষ্ট শৰীৰৰ ইংগিত আছে যিয়ে আপোনাৰ দুৰ্বল ব্যক্তিত্ব প্ৰকাশ কৰে। গতিকে কথা কওঁতে এইবোৰ ভুল হব দিব নালাগে : 

পাছফালে হাত দুখন ক্ৰছ কৰি থিয় হোৱা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে পিঠিৰ পিছফালে হাত দুখন ক্ৰছ নকৰিব। ইয়াৰ দ্বাৰা এনে লাগিব পাৰে যেন আপুনি যোগাযোগ বন্ধ কৰিবলৈ চেষ্টা কৰিছে। আপুনি আনজনক বিশ্বাস নকৰে বুলিও প্ৰকাশ পায় । আনহাতে হাতৰ মুঠি টানকৈ ধৰি ৰখা মানে কিবা এটা লুকুৱাই ৰাখিছে। ইয়াৰ উপৰিও এনে কামে খং, হতাশা আৰু আত্মবিশ্বাসৰ অভাৱ প্ৰকাশ পায়।

মুখ স্পৰ্শ কৰা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। কাৰণ ইয়াৰ পৰা এয়া প্ৰকাশ হয় যে আপুনি অতি নাৰ্ভাছ আৰু উদ্বিগ্ন। ই আপোনাৰ আত্মবিশ্বাসৰ অভাৱ দেখুৱায়। ইয়াৰ লগতে এনে কৰিলে আপুনি কিবা এটাক লৈ চিন্তিত আৰু আনজনৰ কথা-বতৰাত মনোনিৱেশ কৰিব নোৱাৰা দৰে লাগে। কথা পাতি থাকোঁতে যদি মুখখন বাৰে বাৰে স্পৰ্শ কৰিছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি নিজৰ প্ৰকৃত আৱেগ লুকুৱাই ৰাখিছে।

আঙুলিৰে আঙুলিয়াই দিয়া

কিছুমান বিশেষ কথা ব্যক্ত কৰিবলৈ আঙুলিৰ ভংগীমা ব্যৱহাৰ কৰা দেখা যায়। ই মূলতঃ ব্যক্তিজনৰ অভদ্ৰ আৰু আক্ৰমণাত্মক মনোভাৱ প্ৰকাশ কৰে। ভদ্ৰতাৰ পৰিমাপত এই ভংগীমাৰ কোনো স্থান নাই। এই আচৰণক আচাৰ-ব্যৱহাৰৰ অভাৱ বুলি গণ্য কৰা হয়। গতিকে কিবা এটা দেখুৱাবলৈ বা ইংগিত দিবলৈ আঙুলিয়াই দিয়া বন্ধ কৰক।

ভৰি দুখন ক্ৰছ কৰি থিয় হৈ থকা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে ভৰি দুখন ক্ৰছ কৰি থিয় হোৱাৰ পৰা বিৰত থাকক। কাৰণ এনেকৈ কোৱা মানে আত্মবিশ্বাসৰ অভাৱ। ই আমাৰ আত্মবিশ্বাস ধ্বংস কৰাৰ লগতে কথা কোৱাৰ দুৰ্বলতাও প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স