--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হয়তো সকলোৱে জানে যে আমি কাৰোবাৰ লগত কথা পাতোতে বিপৰীত পক্ষৰ ব্যক্তিগৰাকীয়ে আমাৰ শৰীৰৰ ভংগীমাসমূহ লক্ষ্য কৰে। আমাৰ বিভিন্ন ধৰণৰ ভংগীমা আমাৰ মানসিকতা, আত্মবিশ্বাস প্ৰকাশ কৰাৰ অন্যতম শক্তিশালী উপায়। আনকি কথা নক’লেও আমাৰ ব্যক্তিত্ব প্ৰকাশ কৰাত দেহৰ ভাষাই‌ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবেই সঠিক শৰীৰৰ ভাষা বা ভংগীমা সকলোৱে শিকি লোৱাতো প্ৰয়োজনীয়।

সঠিক ভংগীমা, শৰীৰৰ ভাষা, অংগ-প্ৰত্যংগ, চকুৰ চাৱনী আৰু মুখৰ ভাব আপোনাৰ শক্তিশালী ব্যক্তিত্বৰ চাবিকাঠি হ’ব পাৰে। যেতিয়া কোনোবাই আপোনাক প্ৰথমবাৰৰ বাবে লগ পাব, এইবোৰ কথাই তেওঁলোকক আপোনাৰ ব্যক্তিত্ব অনুভৱ কৰাত সহায় কৰিব। কিছুমান নিৰ্দিষ্ট শৰীৰৰ ইংগিত আছে যিয়ে আপোনাৰ দুৰ্বল ব্যক্তিত্ব প্ৰকাশ কৰে। গতিকে কথা কওঁতে এইবোৰ ভুল হব দিব নালাগে : 

পাছফালে হাত দুখন ক্ৰছ কৰি থিয় হোৱা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে পিঠিৰ পিছফালে হাত দুখন ক্ৰছ নকৰিব। ইয়াৰ দ্বাৰা এনে লাগিব পাৰে যেন আপুনি যোগাযোগ বন্ধ কৰিবলৈ চেষ্টা কৰিছে। আপুনি আনজনক বিশ্বাস নকৰে বুলিও প্ৰকাশ পায় । আনহাতে হাতৰ মুঠি টানকৈ ধৰি ৰখা মানে কিবা এটা লুকুৱাই ৰাখিছে। ইয়াৰ উপৰিও এনে কামে খং, হতাশা আৰু আত্মবিশ্বাসৰ অভাৱ প্ৰকাশ পায়।

মুখ স্পৰ্শ কৰা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। কাৰণ ইয়াৰ পৰা এয়া প্ৰকাশ হয় যে আপুনি অতি নাৰ্ভাছ আৰু উদ্বিগ্ন। ই আপোনাৰ আত্মবিশ্বাসৰ অভাৱ দেখুৱায়। ইয়াৰ লগতে এনে কৰিলে আপুনি কিবা এটাক লৈ চিন্তিত আৰু আনজনৰ কথা-বতৰাত মনোনিৱেশ কৰিব নোৱাৰা দৰে লাগে। কথা পাতি থাকোঁতে যদি মুখখন বাৰে বাৰে স্পৰ্শ কৰিছে তেন্তে তাৰ অৰ্থ হ’ল আপুনি নিজৰ প্ৰকৃত আৱেগ লুকুৱাই ৰাখিছে।

আঙুলিৰে আঙুলিয়াই দিয়া

কিছুমান বিশেষ কথা ব্যক্ত কৰিবলৈ আঙুলিৰ ভংগীমা ব্যৱহাৰ কৰা দেখা যায়। ই মূলতঃ ব্যক্তিজনৰ অভদ্ৰ আৰু আক্ৰমণাত্মক মনোভাৱ প্ৰকাশ কৰে। ভদ্ৰতাৰ পৰিমাপত এই ভংগীমাৰ কোনো স্থান নাই। এই আচৰণক আচাৰ-ব্যৱহাৰৰ অভাৱ বুলি গণ্য কৰা হয়। গতিকে কিবা এটা দেখুৱাবলৈ বা ইংগিত দিবলৈ আঙুলিয়াই দিয়া বন্ধ কৰক।

ভৰি দুখন ক্ৰছ কৰি থিয় হৈ থকা

কাৰোবাৰ লগত কথা পাতি থাকোঁতে ভৰি দুখন ক্ৰছ কৰি থিয় হোৱাৰ পৰা বিৰত থাকক। কাৰণ এনেকৈ কোৱা মানে আত্মবিশ্বাসৰ অভাৱ। ই আমাৰ আত্মবিশ্বাস ধ্বংস কৰাৰ লগতে কথা কোৱাৰ দুৰ্বলতাও প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ