--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৃশ্চিক ৰাশিত গঢ় লৈ উঠিছে বুঢ়াদিত্য ৰাজযোগ। ফলত ৫টা ৰাশিৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ। জ্যোতিষশাস্ত্ৰ অনুসৰি ১৩ নৱেম্বৰত বুধ গ্ৰহে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰে্। আনহাতে, ১৬ নৱেম্বৰত সূৰ্য গ্ৰহো বৃশ্চিক ৰাশিলৈ স্থানান্তৰিত হয়। এই দুই গ্ৰহৰ সংযোজনত বুঢ়াদিত্য ৰাজযোগ গঢ় লৈ উঠে।

 জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহবোৰে সময়ে সময়ে ৰাশি সলনি কৰি শুভ যোগৰ সৃষ্টি কৰে আৰু ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰতে পৰা দেখা যাব। কিন্তু ৫টা ৰাশিৰ ক্ষেত্ৰত ইয়াৰ শুভ প্ৰভাৱ বেছিকৈ দেখিবলৈ পোৱা যায়। জানো আহক এই ভাগ্যশালী ৰাশি কোনকেইটা।

 ১. মিথুন ৰাশি : বুঢ়াদিত্য ৰাজ যোগ এই ৰাশিৰ লোকৰ বাবে অতি শুভ ফল প্ৰদান কৰিব। এই সময়ছোৱাত আৰ্থিক লাভৰ লগতে পৰিয়াল আৰু কৰ্মক্ষেত্ৰতো সন্মানৰ যোগ দেখা যায়। এই ৰাশিৰ থলুৱা লোকসকলে এই সময়ত নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ ফলত অধিক লাভজনক হোৱাৰ সম্ভাৱনা দেখা যায়।

 ২. সিংহ ৰাশি : এই সময়ছোৱাত বহু সমস্যা সমাধানৰ লগতে ভৱিষ্যৎ উজ্জ্বল দেখা যায়। মুঠতে বুঢ়াদিত্য যোগৰ বাবে সিংহ ৰাশিৰ লোকসকলো এক সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থনৰ লগতে আৰ্থিক দিশত যথেষ্ট শুভ দেখা যায়।

 ৩. তুলা ৰাশি : বুঢ়াদিত্য ৰাজযোগ গঠনে তুলা ৰাশিৰ লোকসকলৰ বাবে শুভ হ’ব। কাৰণ এই ৰাজযোগ আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত গঠন হ’বলৈ গৈ আছে। এই সময়ছোৱাত আপুনি হঠাতে আৰ্থিক সুবিধা লাভ কৰিব পাৰে। ইয়াৰ লগতে ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো অগ্ৰগতিও দেখা যায়। আনহাতে, সূৰ্য্য ঈশ্বৰৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱা বক্তৃতা পেছাৰ লগত জড়িত যেনে-শিক্ষক, বিপণন কৰ্মী আৰু সংবাদ মাধ্যমৰ ব্যক্তিৰ বাবে অতি শুভ হ’ব পাৰে।

 ৪. মকৰ ৰাশি : বুঢ়াদিত্য ৰাজযোগে মকৰ ৰাশিৰ লোকৰ বাবে শুভ বাৰ্তা কঢ়িয়াই আনিব পাৰে। পেছা আৰু ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা আছে। এই সময়ত আপুনি বহু উৎসৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। লগতে ব্যৱসায়ত লাভৰ যোগ দেখা যায়। অংশীদাৰিত্বৰ ব্যৱসায় কৰাসকলৰ বাবেও এই সময় শুভ হ’বলৈ গৈ আছে। আবদ্ধ টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।

 ৫. মীন ৰাশি : মীন ৰাশিৰ নৱম স্থানত বুঢ়াদিত্য ৰাজযোগৰ সৃষ্টিয়ে ভাগ্য দুৱাৰ মুকলি কৰিব। গতিকে এই সময়ছোৱাত প্ৰতিটো কামতে ভাগ্যৰ সহযোগ লাভ কৰিব পাৰিব। ব্যৱসায়িক ভ্ৰমণলৈও যাব পাৰে। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ভূমি অধিগ্ৰহণৰ সৈতে জড়িত সমস্যাসমূহো সহজে সমাধান হ’ব। ইয়াৰ বাহিৰেও সূৰ্য্য ঈশ্বৰৰ প্ৰভাৱত সমাজত সন্মান বাঢ়িব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক