--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাল ভৈৰৱ মহাদেৱৰ এক উগ্ৰ ৰূপ বুলি গণ্য কৰা হয়। যদি কাল ভৈৰৱক নিয়মিতভাৱে পূজা কৰা হয়, তেন্তে শত্ৰুৰে যুঁজিবলৈ শক্তি পায় আৰু তেওঁক পূজা কৰিলে ক’লা যাদুৰ পৰা হাত সাৰিব পাৰি। যিসকলে গ্ৰহৰ কুপ্ৰভাৱৰ পৰা বাচিব বিচাৰে, তেওঁলোকে এই পদ্ধতিৰে কাল ভৈৰৱক পূজা কৰিব লাগে। হিন্দুশাস্ত্ৰ মতে কাল ভৈৰৱক শক্তি দেৱীৰ কোতৱাল হিচাপে পূজা কৰা হয়। বহু শতিকাৰ পৰা এই পূজা চলি আহিছে। কাল ভৈৰৱৰ তান্ত্ৰিক কৌশলৰ বিষয়ে জানো আহক।

 কাল ভৈৰৱক তান্ত্ৰিকৰ দেৱতা বুলি কোৱা হয়, গতিকে তেওঁক নিশা পূজা কৰা হয় আৰু পাছদিনা পুৱা পৱিত্ৰ নদীত গা ধুই ভৈৰৱ বাবাক ভস্ম অৰ্পণ কৰা হয়। কাল ভৈৰৱৰ পূজাত ক’লা কুকুৰ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ক’লা কুকুৰক সেৱা কৰিলেও কাল ভৈৰৱৰ আশীৰ্বাদ পোৱা যায়। যদি আপুনিও কাল ভৈৰৱক সন্তুষ্ট কৰিব বিচাৰে তেন্তে ইয়াত দিয়া কিছুমান প্ৰতিকাৰ অনুসৰণ কৰিব পাৰে।

 সন্তুষ্ট কৰাৰ উপায়-

১. ভৈৰৱ বাবাক সন্তুষ্ট কৰিবলৈ শনিবাৰে আপোনাৰ চহৰৰ এনে যিকোনো ভৈৰৱ মন্দিৰলৈ যাওক, য’ত মানুহে পূজা-পাতল প্ৰায় বন্ধ কৰি দিছে। ইয়াৰ পাছত দেওবাৰে পুৱাই মন্দিৰলৈ গৈ ভৈৰৱ বাবাক সেন্দূৰ, নাৰিকল, তেল, মালপোৱা আৰু জেলেবি আগবঢ়াব লাগে।

 ২. ভৈৰৱ বাবাক সন্তুষ্ট কৰিবলৈ শনিবাৰে সৰিয়হৰ তেলৰ সৈতে পাপড়, পকোৰা, মালপুৱা ইত্যাদি বনাই দেওবাৰে দুখীয়াক বিতৰণ কৰক। এনে কৰিলেও কাল ভৈৰৱ আপোনাৰ ওপৰত অধিক সন্তুষ্ট হ’ব।

 ৩. বুধবাৰে ১২৫ গ্ৰাম ক’লা তিল, ১২৫ গ্ৰাম ক’লা ৰহৰ দালি, ১১ টকা, ১.২৫ মিটাৰ ক’লা কাপোৰত বান্ধি এটা কাল ভৈৰৱ মন্দিৰত আগবঢ়াওক।

 ৪. একেৰাহে পাঁচটা বৃহস্পতিবাৰৰ বাবে ভৈৰৱ বাবাক পাঁচটা নেমু আগবঢ়াওক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক