--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত ভাৰতে পুনৰ টেষ্ট শৃংখলাত প্ৰৱেশ কৰিছে। বুধবাৰৰ পৰা বাৰ্বাডোছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলিব। ৱেষ্ট ইণ্ডিজৰ শৃংখলাত বিৰাট কোহলীয়ে তিনিটা নজিৰ গঢ়ি তুলিব পাৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিটা ফৰ্মেটত ৩৬৫৩ ৰান সংগ্ৰহ কৰিছে বিৰাটে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছে জেক কালিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰে ৪১২০ ৰান সংগ্ৰহ কৰে।

এতিয়া শীৰ্ষস্থান দখল কৰিবলৈ কোহলীক ৪৬৮ ৰানৰ প্ৰয়োজন। ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব। গতিকে বিৰাটৰ সুযোগ আছে।

ৱেষ্ট ইণ্ডিজৰ খেলপথাৰত ১৩৬৫ ৰান সংগ্ৰহ কৰিছে বিৰাটে। গড়ে ৫০.৬৫ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচটা শতক আৰু ছটা অৰ্ধশতক অৰ্জন কৰিছে৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই ক্ষেত্ৰত অভিলেখৰ শীৰ্ষত আছে ৰাহুল দ্ৰাবিড়। ভাৰতৰ বৰ্তমানৰ প্ৰশিক্ষকগৰাকীয়ে সেই দেশত ১৮৩৮ ৰান সংগ্ৰহ কৰিছে। যদি বিৰাটে ৪৭৪ ৰান কৰে তেন্তে তেওঁ প্ৰশিক্ষকক অতিক্ৰম কৰিব।

ক্ৰিকেটৰ সকলো ফৰ্মেটতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিৰাটে ১১টা শতক অৰ্জন কৰে। কেৰিবিয়ানৰ বিৰুদ্ধে এ বি ডি ভিলিয়াৰ্ছেও ১১টা শতক অৰ্জন কৰে। তালিকাৰ প্ৰথম স্থানত আছে সুনীল গাওস্কাৰ। তেওঁৰ হাতত আছে ১৩টা শতক। অর্থাৎ এইবাৰৰ ছিৰিজত তিনিটা শতক অর্জন কৰিলে বিৰাটে গাওস্কাৰক উফৰাই পেলাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু