--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত ভাৰতে পুনৰ টেষ্ট শৃংখলাত প্ৰৱেশ কৰিছে। বুধবাৰৰ পৰা বাৰ্বাডোছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলিব। ৱেষ্ট ইণ্ডিজৰ শৃংখলাত বিৰাট কোহলীয়ে তিনিটা নজিৰ গঢ়ি তুলিব পাৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিটা ফৰ্মেটত ৩৬৫৩ ৰান সংগ্ৰহ কৰিছে বিৰাটে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িছে জেক কালিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰে ৪১২০ ৰান সংগ্ৰহ কৰে।

এতিয়া শীৰ্ষস্থান দখল কৰিবলৈ কোহলীক ৪৬৮ ৰানৰ প্ৰয়োজন। ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব। গতিকে বিৰাটৰ সুযোগ আছে।

ৱেষ্ট ইণ্ডিজৰ খেলপথাৰত ১৩৬৫ ৰান সংগ্ৰহ কৰিছে বিৰাটে। গড়ে ৫০.৬৫ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচটা শতক আৰু ছটা অৰ্ধশতক অৰ্জন কৰিছে৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই ক্ষেত্ৰত অভিলেখৰ শীৰ্ষত আছে ৰাহুল দ্ৰাবিড়। ভাৰতৰ বৰ্তমানৰ প্ৰশিক্ষকগৰাকীয়ে সেই দেশত ১৮৩৮ ৰান সংগ্ৰহ কৰিছে। যদি বিৰাটে ৪৭৪ ৰান কৰে তেন্তে তেওঁ প্ৰশিক্ষকক অতিক্ৰম কৰিব।

ক্ৰিকেটৰ সকলো ফৰ্মেটতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিৰাটে ১১টা শতক অৰ্জন কৰে। কেৰিবিয়ানৰ বিৰুদ্ধে এ বি ডি ভিলিয়াৰ্ছেও ১১টা শতক অৰ্জন কৰে। তালিকাৰ প্ৰথম স্থানত আছে সুনীল গাওস্কাৰ। তেওঁৰ হাতত আছে ১৩টা শতক। অর্থাৎ এইবাৰৰ ছিৰিজত তিনিটা শতক অর্জন কৰিলে বিৰাটে গাওস্কাৰক উফৰাই পেলাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে