--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ১২ জুলাইৰ পৰা ডমিনিকাত অনুষ্ঠিত হ’ব। একে সময়তে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে এই খেলখনৰ বাবে ইণ্ডিয়া ডমিনিকাত উপস্থিত হৈছে। ৱেষ্ট ইণ্ডিজত উপস্থিত হৈ বিৰাট কোহলীয়ে টেষ্টত অভিষেক ঘটোৱা সময়খিনিৰ কথা মনত পেলায়। লগতে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰবীণ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছক লগ পোৱা সময়ৰ কথাও সুঁৱৰে। বিৰাট কোহলীয়ে কয় যে এন্টিগুয়াৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে। মই মোৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ডাবল চেঞ্চুৰী এন্টিগুয়াটে কৰিছিলো, সেই সময়ত ছাৰ ভিভিয়ান ৰিচাৰ্ডছে ষ্টেডিয়ামত মেচখন চাই আছিল।

বিৰাট কোহলীয়ে কয় যে সেই মুহূৰ্তটো মোৰ বাবে অতি বিশেষ আছিল। ভিভিয়ান ৰিচাৰ্ডছৰ সন্মুখত টেষ্ট ফৰ্মেটত ডাবল চেঞ্চুৰী অৰ্জন কৰাটো মোৰ বাবে বিশেষ আছিল। ইয়াৰ পাছত সন্ধিয়া ভিভিয়ান ৰিচাৰ্ডছক লগ পালোঁ। সেই সময়ত তেওঁ মোক অভিনন্দন জনাইছিল। ইয়াতকৈ ভাল মুহূৰ্ত আৰু থাকিব পাৰে বুলি মই নাভাবো। তাৎপৰ্যপূৰ্ণভাৱে বিৰাট কোহলীয়ে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ সেই মেচখন আছিল ছাবিনা পাৰ্ক জামাইকাত।

উল্লেখযোগ্য যে, ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২ খন টেষ্ট মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ধাৰাবাহিকভাৱে এদিনীয়া আৰু টি-২০ খেল অনুষ্ঠিত হ’ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ১২ জুলাইৰ পৰা ডমিনিকাত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ। আনহাতে ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ কুইন্স পাৰ্ক অ’ভেলত অনুষ্ঠিত হ’ব। ইয়াৰ পাছত দুয়োটা দলে সীমিত অভাৰৰ ফৰ্মেটত মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু