--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অহা ১২ জুলাইৰ পৰা ডমিনিকাত অনুষ্ঠিত হ’ব। একে সময়তে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে এই খেলখনৰ বাবে ইণ্ডিয়া ডমিনিকাত উপস্থিত হৈছে। ৱেষ্ট ইণ্ডিজত উপস্থিত হৈ বিৰাট কোহলীয়ে টেষ্টত অভিষেক ঘটোৱা সময়খিনিৰ কথা মনত পেলায়। লগতে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৱেষ্ট ইণ্ডিজৰ প্ৰবীণ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছক লগ পোৱা সময়ৰ কথাও সুঁৱৰে। বিৰাট কোহলীয়ে কয় যে এন্টিগুয়াৰ লগত মোৰ বহু স্মৃতি জড়িত হৈ আছে। মই মোৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ডাবল চেঞ্চুৰী এন্টিগুয়াটে কৰিছিলো, সেই সময়ত ছাৰ ভিভিয়ান ৰিচাৰ্ডছে ষ্টেডিয়ামত মেচখন চাই আছিল।

বিৰাট কোহলীয়ে কয় যে সেই মুহূৰ্তটো মোৰ বাবে অতি বিশেষ আছিল। ভিভিয়ান ৰিচাৰ্ডছৰ সন্মুখত টেষ্ট ফৰ্মেটত ডাবল চেঞ্চুৰী অৰ্জন কৰাটো মোৰ বাবে বিশেষ আছিল। ইয়াৰ পাছত সন্ধিয়া ভিভিয়ান ৰিচাৰ্ডছক লগ পালোঁ। সেই সময়ত তেওঁ মোক অভিনন্দন জনাইছিল। ইয়াতকৈ ভাল মুহূৰ্ত আৰু থাকিব পাৰে বুলি মই নাভাবো। তাৎপৰ্যপূৰ্ণভাৱে বিৰাট কোহলীয়ে ২০১১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰিছিল। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ সেই মেচখন আছিল ছাবিনা পাৰ্ক জামাইকাত।

উল্লেখযোগ্য যে, ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২ খন টেষ্ট মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ধাৰাবাহিকভাৱে এদিনীয়া আৰু টি-২০ খেল অনুষ্ঠিত হ’ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ১২ জুলাইৰ পৰা ডমিনিকাত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট মেচ। আনহাতে ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচ ২০ জুলাইৰ পৰা ট্ৰিনিদাদৰ কুইন্স পাৰ্ক অ’ভেলত অনুষ্ঠিত হ’ব। ইয়াৰ পাছত দুয়োটা দলে সীমিত অভাৰৰ ফৰ্মেটত মুখামুখি হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে