--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ সংখ্যক সদৌ অসম আন্ত: জিলা মুকলি  দবা প্ৰতিযোগীতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কাছাৰৰ ৰাহুল চ'ৰম সিঙে । দবা প্ৰতিযোগিতা খনৰ চূড়ান্ত তথা নৱম ৰাউণ্ডত অভিযুক্ত  নীলভজ্যোতি বৰঠাকুৰে মুখা মুখি হোবা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল খনত শেষ হাঁহি মাৰে ৰাহুলে ।

প্ৰতিযোগিতাৰ ন ৰাউণ্ডৰ খেলত ৮ পইণ্ট সংগ্ৰহ কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে অসমৰ প্ৰতিভা সম্পন্ন দবাৰু ৰাহুল চ'ৰম সিঙে ।   ২০১৬ আৰু ২০১৭ চন  চেম্পিয়ন  হৈছিল তেওঁ ।  প্ৰতিযোগিতা খনত  ৭ পইণ্টকৈ লাভ কৰি দ্বিতীয় ,  তৃতীয় আৰু চতুৰ্থ স্হান দখল কৰে ক্ৰমে ডিব্ৰুগড়ৰ আভাস  ৰম্য হাজৰিকা(৭) , শিৱসাগৰৰ শান্তনু বৰপাত্ৰ গোঁহাই (৭)আৰু তন্ময় ৰাজবংশীয়ে ।

পশ্চিম কাৰ্বি আংলঙ দবা সন্হাৰ উদ্যোগত জিলাখনৰ দংকামোকামৰ টাউন ক্লাবত ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুস্হিত হৈছিল আন্ত:জিলা দবা প্ৰতযোগিতা খন। বিজয়ী খেলুৱৈ সকলক বঁটা আৰু নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় । 

উক্ত বঁটা  প্ৰদান অনুষ্ঠানত কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰাংহাং , সাংসদ হৰেণ সি বে', বিধায়ক ৰূপসিং টেৰণকৰ উপস্হিত থাকি খেলুৱৈ সকলক বঁটা প্ৰদান কৰে ।  আনহাতে প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ পুৰুষ দল আৰু শ্ৰেষ্ঠ জিলা দলৰ  খিতাপ দখল কৰে ক্ৰমে কাছাৰ আৰু পশ্চিম কাৰ্বিআংলং জিলাই ।উল্লেখ্য    অসমৰ ১৪ খন জিলাৰ ৯০ গৰাকী দবাৰুৱে অংশ গ্ৰহণ  আন্ত: জিলা দবা প্ৰতিযোগিতাখন সুচাৰু ৰূপে পৰিচালনা কৰে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে