--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪৬ সংখ্যক সদৌ অসম আন্ত: জিলা মুকলি  দবা প্ৰতিযোগীতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কাছাৰৰ ৰাহুল চ'ৰম সিঙে । দবা প্ৰতিযোগিতা খনৰ চূড়ান্ত তথা নৱম ৰাউণ্ডত অভিযুক্ত  নীলভজ্যোতি বৰঠাকুৰে মুখা মুখি হোবা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেল খনত শেষ হাঁহি মাৰে ৰাহুলে ।

প্ৰতিযোগিতাৰ ন ৰাউণ্ডৰ খেলত ৮ পইণ্ট সংগ্ৰহ কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে অসমৰ প্ৰতিভা সম্পন্ন দবাৰু ৰাহুল চ'ৰম সিঙে ।   ২০১৬ আৰু ২০১৭ চন  চেম্পিয়ন  হৈছিল তেওঁ ।  প্ৰতিযোগিতা খনত  ৭ পইণ্টকৈ লাভ কৰি দ্বিতীয় ,  তৃতীয় আৰু চতুৰ্থ স্হান দখল কৰে ক্ৰমে ডিব্ৰুগড়ৰ আভাস  ৰম্য হাজৰিকা(৭) , শিৱসাগৰৰ শান্তনু বৰপাত্ৰ গোঁহাই (৭)আৰু তন্ময় ৰাজবংশীয়ে ।

পশ্চিম কাৰ্বি আংলঙ দবা সন্হাৰ উদ্যোগত জিলাখনৰ দংকামোকামৰ টাউন ক্লাবত ৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুস্হিত হৈছিল আন্ত:জিলা দবা প্ৰতযোগিতা খন। বিজয়ী খেলুৱৈ সকলক বঁটা আৰু নগদ ধন পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় । 

উক্ত বঁটা  প্ৰদান অনুষ্ঠানত কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰাংহাং , সাংসদ হৰেণ সি বে', বিধায়ক ৰূপসিং টেৰণকৰ উপস্হিত থাকি খেলুৱৈ সকলক বঁটা প্ৰদান কৰে ।  আনহাতে প্ৰতিযোগিতা খনৰ শ্ৰেষ্ঠ পুৰুষ দল আৰু শ্ৰেষ্ঠ জিলা দলৰ  খিতাপ দখল কৰে ক্ৰমে কাছাৰ আৰু পশ্চিম কাৰ্বিআংলং জিলাই ।উল্লেখ্য    অসমৰ ১৪ খন জিলাৰ ৯০ গৰাকী দবাৰুৱে অংশ গ্ৰহণ  আন্ত: জিলা দবা প্ৰতিযোগিতাখন সুচাৰু ৰূপে পৰিচালনা কৰে ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু