--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই বিশেষ মুহূৰ্তটোলৈ মাজত আৰু বেছি পৰ নাই। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ইতিহাস ৰচিবলৈ অগ্ৰসৰ হৈছে।   যদি সকলো ঠিকে থাকে ভাৰতৰ চন্দ্ৰযান-৩-এ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

বুধবাৰৰ দিনটো  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) বাবে এক অগ্নি পৰীক্ষাৰ দিন । চন্দ্ৰযান-৩ৰ লেণ্ডাৰ 'বিক্ৰম' চন্দ্ৰৰ নিচেই ওচৰ চাপি গৈছে। ইছৰোৱে দেওবাৰে দুপৰীয়া ২.১২ বজাত টুইট কৰিছিল যে ভাৰতীয় মহাকাশযানখনে বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিব। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান ৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। 

মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল  মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। 

ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়। যিকোনো মহাকাশযানৰ বাবে প্ৰত্যাহ্বান হ'ল চন্দ্ৰৰ দক্ষিণ মেৰুত এই 'চফ্ট লেণ্ডিং' কৰা। ৰাছিয়াৰ যানখনে তেনে কৰিবলৈ ব্যৰ্থ হৈছিল। পাঁচ বছৰ আগতে ভাৰতো বিফল হৈছিল। বুধবাৰে ভাৰতৰ চন্দ্ৰযানে সেই লক্ষ্য পূৰণ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন