--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেই বিশেষ মুহূৰ্তটোলৈ মাজত আৰু বেছি পৰ নাই। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ইতিহাস ৰচিবলৈ অগ্ৰসৰ হৈছে।   যদি সকলো ঠিকে থাকে ভাৰতৰ চন্দ্ৰযান-৩-এ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

বুধবাৰৰ দিনটো  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) বাবে এক অগ্নি পৰীক্ষাৰ দিন । চন্দ্ৰযান-৩ৰ লেণ্ডাৰ 'বিক্ৰম' চন্দ্ৰৰ নিচেই ওচৰ চাপি গৈছে। ইছৰোৱে দেওবাৰে দুপৰীয়া ২.১২ বজাত টুইট কৰিছিল যে ভাৰতীয় মহাকাশযানখনে বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিব। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss...)ত চন্দ্ৰযান ৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। 

মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল  মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই 'তিক্ত' অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ 'বিক্ৰমে' লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে।  মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি  মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। 

ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ  দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক 'চফ্ট লেণ্ডিং' বুলি কোৱা হয়। যিকোনো মহাকাশযানৰ বাবে প্ৰত্যাহ্বান হ'ল চন্দ্ৰৰ দক্ষিণ মেৰুত এই 'চফ্ট লেণ্ডিং' কৰা। ৰাছিয়াৰ যানখনে তেনে কৰিবলৈ ব্যৰ্থ হৈছিল। পাঁচ বছৰ আগতে ভাৰতো বিফল হৈছিল। বুধবাৰে ভাৰতৰ চন্দ্ৰযানে সেই লক্ষ্য পূৰণ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক