--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰত মোবাইল ফোনৰ নেটৱৰ্ক পোৱা যাব নে? এই প্ৰশ্নৰ উত্তৰ এতিয়াও নেতিবাচক হৈয়েই  আছে যদিও সকলো ঠিকে-ঠাকে থাকিলে চন্দ্ৰতো পোৱা যাব মোবাইল ফোনৰ নেটৱৰ্ক। এক কথাত যোগাযোগ শূন্য হৈ নাথাকে চন্দ্ৰপৃষ্ঠ। চলিত বৰ্ষতেই চন্দ্ৰত মোবাইল ফোনৰ নেটৱৰ্ক আৰম্ভ কৰিব বিশ্ব বিখ্যাত মোবাইল ফোনৰ কোম্পানী ন’কিয়াই। প্ৰকাশিত খবৰ অনুসৰি চন্দ্ৰত আৰম্ভ কৰা হ’ব ৪ জি নেটৱৰ্ক। 

কোম্পানীটোৱে প্ৰকাশ কৰা বিৱৰণ অনুসৰি নকিয়াই চন্দ্ৰত ৪ জি ম'বাইল নেটৱৰ্ক মুকলি কৰিবলৈ সকলো প্ৰক্ৰিয়া সাজু কৰি তুলিছে। চিএনবিচিৰ খবৰ অনুসৰি   স্মাৰ্টফোন ব্ৰেণ্ডটোৱে ২০২৩ চনৰ শেষৰ ফালে চন্দ্ৰত যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা চলাই আছে। চন্দ্ৰত ৪ জি নেটৱৰ্ক পোৱাৰ লগে লগে  বিশেষভাবে উপকৃত হ’ব চন্দ্ৰ অভিযানলৈ যোৱা  মহাকাশচাৰীসকল।  খবৰ অনুসৰি প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে অহা মাহবোৰত স্পেচএক্স ৰকেটত নেটৱৰ্ক স্থাপনৰ সকলো সঁজুলি  উৎক্ষেপণ কৰিব আৰু ইয়াক এটা এণ্টেনা-সজ্জিত বেচ ষ্টেচনৰ দ্বাৰা পৰিচালনা কৰা হ'ব ।

 সেই এণ্টেনা নোভা-চি লুনাৰ লেণ্ডাৰত সংৰক্ষণ কৰা হ'ব। ইয়াৰ সৈতে এটা সৌৰ শক্তিচালিত ৰোভাৰো থাকিব।জানিব পৰা মতে  লেণ্ডাৰ আৰু ৰভাৰৰ মাজত এলটিই সংযোগ স্থাপন কৰা হ'ব। শেহতীয়া ৪জি নেটৱৰ্ক নাছাৰ আৰ্টেমিছ ১ অভিযানৰ সময়ত সফলভাবে ব্যৱহাৰ কৰা হ'ব। কোম্পানীটোৱে কৈছে যে  "বিভিন্ন ডাটা ট্ৰেন্সমিচন এপ্লিকেচনৰ বাবে গুৰুত্বপূৰ্ণ যোগাযোগ ক্ষমতা প্ৰদান কৰাত ৪ জি নেটৱৰ্কে সহায় কৰিব, যাৰ ভিতৰত আছে গুৰুত্বপূৰ্ণ কমাণ্ড আৰু কণ্ট্ৰোল ফাংচন, লুনাৰ ৰোভাৰৰ ৰিম'ট কণ্ট্ৰোল, ৰিয়েল-টাইম নেভিগেচন আৰু হাই ডেফিনিশ্বন ভিডিঅ'ৰ ষ্ট্ৰীমিং।" 

নকিয়াৰ এজন কাৰ্যবাহীয়ে প্ৰকাশ কৰিছিল  যে এই নেটৱৰ্কে ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে যোগাযোগৰ সমস্যা  সমাধান কৰাত সহায় কৰিব। ৪জি নেটৱৰ্কৰ উৎক্ষেপণে মহাকাশচাৰীসকলৰ বাবে সহকৰ্মীসকলৰ সৈতে যোগাযোগ কৰাটো সহজ কৰি তুলিব ।  নকিয়াই  চন্দ্ৰ ৪ জি  নেটৱৰ্কৰ সহায়ত চন্দ্ৰত থকা বৰফ আৱিষ্কাৰ কৰাৰ লক্ষ্যও স্থিৰ কৰিছে বুলি  জানিব পৰা গৈছে।  চন্দ্ৰপৃষ্ঠৰ  বেছিভাগ ঠাই শুকান। সেয়ে সহজে ৪ জি নেটৱৰ্ক স্থাপন কৰিব পৰা যাব বুলিও ধাৰণা কৰা হৈছে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু